--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সমগ্ৰ বিশ্বতে আপুনি বহুতো মানুহ পাব যিয়ে নিজৰ সৃষ্টিশীলতাৰ বাবে কিবা এটা উদ্ভাৱন কৰে যিয়ে আন বহু মানুহক অনুপ্ৰাণিত কৰে। আজি আমি এনে এগৰাকী সৃষ্টিশীল মনৰ মহিলাৰ কথা ক’ম যিয়ে শাক-পাচলি খেতিৰ এক নতুন পদ্ধতি আৱিষ্কাৰ কৰি সকলোকে আচৰিত কৰি তুলিছিল।

তেওঁ হৈছে বিহাৰৰ ছপৰাৰ বাসিন্দা সুনীতা প্ৰসাদ । উক্ত‌ মহিলাগৰাকীয়ে যে কেৱল নিজে শাক-পাচলিৰ বাৰী বনাই খেতি কৰিছিল তেনে নহয় বৰঞ্চ পিভিচি পাইপ আৰু বাঁহৰ ভিতৰত শাক-পাচলি খেতি কৰি এক নতুন পদ্ধতিৰ পাতনি মেলিছিল। যিটো বৰ্তমান সমাজৰ কৃষি ব্যৱস্থা তকৈ  অলপ পৃথক। তেওঁ আৱিষ্কাৰ কৰা কৃষিৰ এই অনন্য উদ্ভাৱন দেখি কাৰ্যতঃ সকলোৱে আচৰিত হৈছিল।

বিহাৰৰ ছপৰাৰ বাসিন্দা সুনীতা প্ৰসাদে সৃষ্টিশীল চিন্তাধাৰাৰে এই অনন্য খেতি পদ্ধতি উদ্ভাৱন কৰিছিল। য'ত বাঁহেই হ'ব বাঁহেই হ'ব পাৰে কৃষিৰ মূল সজুঁলি। বাঁহৰ জৰিয়তে খেতিৰ এই অভিনৱ পদ্ধতিটোক উলম্ব বাগিচা বোলা হয়। মন কৰিব যে উলম্ব বাগিচাখন এটা অতি ফলপ্ৰসূ কৌশল, যাৰ জৰিয়তে সৰু ঠাইত বহুত শাক-পাচলি খেতি কৰিব পাৰি।

সুনীতা ইতিমধ্যে শাক-পাচলি খেতিৰ প্ৰতি আকৰ্ষিত। সুনীতাই, নিচা হিছাপে ঘৰৰ যিকোনো বাচন-বৰ্তন ভাঙিলেই মাটি ভৰাই গছ ৰোপণ কৰিছিল। সুনীতাৰ মতে, ঘৰৰ আৱৰ্জনা এজন স্ক্ৰেপ ডিলাৰক বিক্ৰী কৰি থাকোঁতে তেওঁলোকৰ চাইকেলত পাইপ এটা পাইছিল। সেই পাইপটো কিনি বেলকনিত থৈ দিছিল। সময়ৰ লগে লগে সেই পাইপবোৰৰ জমা মাটিত কিছু ঘাঁহ গজি উঠে। প্ৰকৃতিৰ এই কৃতিত্ব দেখি সুনীতাই ভাবে যে এই পাইপতো শাক-পাচলি খেতি কৰিব পাৰি।

পিভিচি পাইপৰ ব্যয়ৰ সন্দৰ্ভত ৫ ফুটৰ দুটা পিভিচি পাইপৰ দাম প্ৰায় ১০০০ টকা। পিভিচি পাইপত প্ৰায় ৪ৰ পৰা ৫ বিধ শাক-পাচলি খেতি কৰাটো সম্ভৱ নহয়। কিন্তু খৰচ কমাব বিচাৰিলে ১০ৰ পৰা ২০ টকাৰ বাঁহ লৈ চাৰিটা ভাগত কাটি এই বাঁহটোৰ চাৰিওফালে প্লাষ্টিক লগাই আপোনাৰ বাৰী বনাব পাৰে। এই বাঁহৰ বাগিচাখন বনাবলৈ মাত্ৰ ৩৫-৪০ টকা খৰচ হ’ব।

প্ৰসংগক্ৰমে সুনীতাই এতিয়ালৈকে নিজৰ বাৰীত পিভিচি পাইপত বেঙেনা, কবি, ষ্ট্ৰবেৰী আদি বিভিন্ন ধৰণৰ শাক-পাচলি খেতি কৰি আহিছে। স্থানীয় ৰাইজে সুনীতাৰ অবিশ্বাস্য পৰিকল্পনাৰ শলাগ নোলোৱাকৈ থাকিব নোৱাৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক