--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকলৈ নিৰ্মাণ হ’ব বায়’পিক। এই বায়’পিকত মোদীৰ চৰিত্ৰত অভিনয় কৰিব বলীউডৰ বিগ বি অমিতাভ বচ্চনে। শেহতীয়াকৈ জানিব পৰা মতে  অমিতাভ বচ্চনেই  মোদীৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে  আটাইতকৈ উপযুক্ত অভিনেতা হ’ব বুলি নিশ্চিত কৰা হৈছে। খবৰ  অনুসৰি প্ৰযোজক প্ৰেৰণাই প্ৰধানমন্ত্ৰীৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিব বিচাৰে ।

ইয়াৰ বাবে তেওঁ ভাৰতৰ আটাইতকৈ 'গতিশীল আৰু সক্ষম' অভিনেতা হিচাবে অমিতাভ বচ্চনকেই বাছনি কৰিছে।  প্ৰেৰণাই এইবুলিও  কৈছে যে তেওঁ অমিতাভ বচ্চনক তেওঁৰ চলচ্চিত্ৰত প্ৰধানমন্ত্ৰীৰ চৰিত্ৰৰ বাবে কাষ্ট কৰিব বিচাৰে কাৰণ প্ৰধানমন্ত্ৰীৰ মৰ্যাদা অনুসৰি অমিতাভতকৈ ভাল কোনো অভিনেতা হয়তো নাই।অমিতাভ বচ্চনক বৰ্তমান  তেওঁৰ আহিবলগীয়া ছবি 'কল্কি ২৮৯৮  এডি' প্ৰকল্পটোত কাম   কৰি আছে।প্ৰেৰণাই কয়  যে  বায়’পিক খনে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত নৰেন্দ্ৰ মোদীৰ জীৱনৰ বহু দিশ সামৰি ল'ব - অৰ্থনৈতিক বিকাশ , কোভিড-১৯ মহামাৰী আৰু ভেকছিন, আদিৰ পৰা আৰম্ভ কৰি মোদীৰ জীৱনৰ বহু কথাৰ আলোকপাত কৰা হ’ব বায়’পিক খনত।  

 প্ৰেৰণাক বিবেক অবেৰয় অভিনীত প্ৰধানমন্ত্ৰী মোদীৰ জীৱনীমূলক ছবিৰ বিষয়ে সোধাত তেওঁ কয়  "মই এতিয়ালৈকে সেই ছবিখন চোৱা  নাই।  কিন্তু মই গেৰাণ্টি দিছো যে মোৰ বায়’পিকে মোদীজীৰ চৰিত্ৰটোক  সম্পূৰ্ণ ন্যায় প্ৰদান কৰিব।" '
২০১৮  চনত প্ৰেৰণাই ছখন চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ পিছত তেওঁৰ প্ৰযোজনা সংস্থা  ক্ৰী-আৰ্জ বন্ধ কৰি দিছিল। এতিয়া তেওঁ পুনৰ নতুন উদ্যমেৰে কামত নামিছে।

ইয়াৰ আগতেও প্ৰধানমন্ত্ৰী মোদীক লৈ বহু চলচ্চিত্ৰ আৰু ৱেব শৃংখলা নিৰ্মাণ কৰা হৈছে। ২০১৯ চনত 'মোদী: জাৰ্নি অফ এ কমন মেন' ৱেব চিৰিজ আৰু বিবেক অবেৰয় অভিনীত ছবি 'পিএম মোদী'য়ে মুক্তি লাভ কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু