--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকলৈ নিৰ্মাণ হ’ব বায়’পিক। এই বায়’পিকত মোদীৰ চৰিত্ৰত অভিনয় কৰিব বলীউডৰ বিগ বি অমিতাভ বচ্চনে। শেহতীয়াকৈ জানিব পৰা মতে  অমিতাভ বচ্চনেই  মোদীৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে  আটাইতকৈ উপযুক্ত অভিনেতা হ’ব বুলি নিশ্চিত কৰা হৈছে। খবৰ  অনুসৰি প্ৰযোজক প্ৰেৰণাই প্ৰধানমন্ত্ৰীৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিব বিচাৰে ।

ইয়াৰ বাবে তেওঁ ভাৰতৰ আটাইতকৈ 'গতিশীল আৰু সক্ষম' অভিনেতা হিচাবে অমিতাভ বচ্চনকেই বাছনি কৰিছে।  প্ৰেৰণাই এইবুলিও  কৈছে যে তেওঁ অমিতাভ বচ্চনক তেওঁৰ চলচ্চিত্ৰত প্ৰধানমন্ত্ৰীৰ চৰিত্ৰৰ বাবে কাষ্ট কৰিব বিচাৰে কাৰণ প্ৰধানমন্ত্ৰীৰ মৰ্যাদা অনুসৰি অমিতাভতকৈ ভাল কোনো অভিনেতা হয়তো নাই।অমিতাভ বচ্চনক বৰ্তমান  তেওঁৰ আহিবলগীয়া ছবি 'কল্কি ২৮৯৮  এডি' প্ৰকল্পটোত কাম   কৰি আছে।প্ৰেৰণাই কয়  যে  বায়’পিক খনে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত নৰেন্দ্ৰ মোদীৰ জীৱনৰ বহু দিশ সামৰি ল'ব - অৰ্থনৈতিক বিকাশ , কোভিড-১৯ মহামাৰী আৰু ভেকছিন, আদিৰ পৰা আৰম্ভ কৰি মোদীৰ জীৱনৰ বহু কথাৰ আলোকপাত কৰা হ’ব বায়’পিক খনত।  

 প্ৰেৰণাক বিবেক অবেৰয় অভিনীত প্ৰধানমন্ত্ৰী মোদীৰ জীৱনীমূলক ছবিৰ বিষয়ে সোধাত তেওঁ কয়  "মই এতিয়ালৈকে সেই ছবিখন চোৱা  নাই।  কিন্তু মই গেৰাণ্টি দিছো যে মোৰ বায়’পিকে মোদীজীৰ চৰিত্ৰটোক  সম্পূৰ্ণ ন্যায় প্ৰদান কৰিব।" '
২০১৮  চনত প্ৰেৰণাই ছখন চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ পিছত তেওঁৰ প্ৰযোজনা সংস্থা  ক্ৰী-আৰ্জ বন্ধ কৰি দিছিল। এতিয়া তেওঁ পুনৰ নতুন উদ্যমেৰে কামত নামিছে।

ইয়াৰ আগতেও প্ৰধানমন্ত্ৰী মোদীক লৈ বহু চলচ্চিত্ৰ আৰু ৱেব শৃংখলা নিৰ্মাণ কৰা হৈছে। ২০১৯ চনত 'মোদী: জাৰ্নি অফ এ কমন মেন' ৱেব চিৰিজ আৰু বিবেক অবেৰয় অভিনীত ছবি 'পিএম মোদী'য়ে মুক্তি লাভ কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ