--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান বলীউডৰ অন্যতম ব্যস্ত আৰু সফল অভিনেত্ৰী কিয়াৰা আদৱানী। ইটোৰ পিছত সিটোকৈ চলচ্চিত্ৰ চুক্তি স্বাক্ষৰ কৰি আছে। কিন্তু এটা সময় আছিল যেতিয়া কিয়াৰাই ছবিখনৰ অডিচন দিয়াৰ পিছতো সুযোগ নাপাইছিল। তেনে এখন ছবি হ’ল ‘লাল সিং চাধা’।

আৰম্ভণিৰে পৰা এই ছবিখনক লৈ বহু বিতৰ্কৰ সৃষ্টি হৈছিল। ছবিখন আছিল ইংৰাজী ছবি ‘ফৰেষ্ট গাম্প’ৰ হিন্দী সংস্কৰণ। ছবিখন নিৰ্মাণৰ বাবে নিৰ্মাতাসকলে কেইবাবছৰ সময় খৰচ কৰিছিল। তাৰ পিছতো ছবিখন বক্স অফিচত বিফল হয়। এই ছবিখনত আমিৰ খান আৰু কৰীনা কাপুৰ খানে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।

কিয়াৰাই ছবিখনত কৰীনা অভিনয় কৰা ৰূপাৰ চৰিত্ৰত অডিচন দিছিল। যদিও তেওঁক লোৱা হোৱা নাছিল। অভিনেত্ৰীগৰাকীৰ মতে, "মই 'লাল সিং চাধা'ৰ বাবেও অডিচন দিছিলো। যদিও মই তেতিয়া নাজানিছিলো, ‘লাল সিং চাধা’ৰ অডিচন আছিল। সেই অডিচনটোৰ কথা আৰু ভাবিব মন নাযায়। মই নিশ্চয় বহুত বেয়া কাম কৰিলোঁ। যদিও সেয়া বহু বছৰৰ আগৰ কথা।’’

আমিৰে ছবিখনত এজন শিখ লোকৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখন টম হেংকছৰ বিখ্যাত ছবি ‘ফৰেষ্ট গাম্প’ৰ ভাৰতীয় অভিযোজন। ছবিখনৰ মূল চৰিত্ৰটোৰ জীৱনটো আচৰিত ধৰণেৰে ভৰি পৰিছে। জীৱনৰ ব্যৰ্থতা, আগবাঢ়ি যাবলৈ কঠোৰ যুঁজ - এই ছবিখনত সকলো আছিল। তাৰ পিছতো এই ছবিখনে দৰ্শকক আকৰ্ষণ কৰাত ব্যৰ্থ হয়। এই ছবিখনৰ পিছত আমিৰ খানে কেইবাদিনো অভিনয়ৰ পৰা বিৰতি লৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু