--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৌৰভ গাংগুলীয়ে নতুন বছৰত ক্ৰিকেট প্ৰেমীসকলক এটা ডাঙৰ আশ্চৰ্য দিছিল। তেওঁ তেওঁৰ সামাজিক মাধ্যমৰ  একাউণ্টত এটা পাঁচ ছেকেণ্ডৰ ভিডিঅ' পোষ্ট কৰিছিল। তাত দেখা গৈছে যে আন কোনোবা এজনে  সৌৰভৰ চৰিত্ৰত অভিনয় কৰিছে। 

ভিডিঅ’টোৰ সৈতে 'কামিং চুন' বুলিও লিখা আছে।  বহুলোকে সেই পোষ্টটো চোৱাৰ পিছতো সৌৰভ গাংগুলীৰ বা?’পিক নিৰ্মাণ হৈছে নেকি বুলিও প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে৷  কিন্তু সৌৰভে এতিয়ালৈকে এই প্ৰশ্নৰ উত্তৰ দিয়া নাই৷ উল্লেখ্য ক্ৰীড়া তাৰকাসকলৰ জীৱনীমূলক ছবি বলীউডত উচ্চ প্ৰশংসিত হৈছে । মহেন্দ্ৰ সিং ধোনীৰ পৰা বক্সাৰ মেৰী কম, শ্বাটলাৰ ছানিয়া নেহৱালৰ পৰা প্ৰাক্তন হকী অধিনায়ক সন্দীপ সিঙলৈকে ৰূপালী পৰ্দাত বহু তাৰকাৰ সংগ্ৰাম প্ৰতিফলিত হৈছে। 


তাপসী পান্নুৱে শেহতীয়াকৈ মহিলা দলৰ অধিনায়ক মিতালী ৰাজৰ জীৱনীমূলক ছবি এখন কৰিছে৷ অনুষ্কা শৰ্মাক প্ৰাক্তন ভাৰতীয় মহিলা পেচাৰ ঝুলন গোস্বামীৰ চৰিত্ৰত দেখা যাব। এইবাৰ  "দাদাৰ" পাল নেকি? কিন্তু যদি সৌৰভৰ বায়োপিকত তেওঁৰ চৰিত্ৰত অভিনয় কৰিব কোনে? 

এই প্ৰশ্নৰ উত্তৰো এতিয়ালৈকে পোৱা হোৱা নাই৷ অৱশ্যে সৌৰভে আগতে এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁ ৰণবীৰ সিঙক তেওঁৰ চৰিত্ৰত চাব বিচাৰে। আনহাতে তেওঁ এবাৰ এইবুলিও কৈছিল যে তেওঁ নিজৰ চৰিত্ৰত নিজে  অভিনয় কৰিবলৈ ইচ্ছুক। শেহতীয়াকৈ ভিডিঅ'টো পোষ্ট কৰি বিচিচিআইৰ প্ৰাক্তন সভাপতি সৌৰভ গাংগুলীয়ে অনুৰাগীসকলৰ উৎসাহ আৰু কৌতূহল বৃদ্ধি কৰিছে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু