--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৌৰভ গাংগুলীয়ে নতুন বছৰত ক্ৰিকেট প্ৰেমীসকলক এটা ডাঙৰ আশ্চৰ্য দিছিল। তেওঁ তেওঁৰ সামাজিক মাধ্যমৰ  একাউণ্টত এটা পাঁচ ছেকেণ্ডৰ ভিডিঅ' পোষ্ট কৰিছিল। তাত দেখা গৈছে যে আন কোনোবা এজনে  সৌৰভৰ চৰিত্ৰত অভিনয় কৰিছে। 

ভিডিঅ’টোৰ সৈতে 'কামিং চুন' বুলিও লিখা আছে।  বহুলোকে সেই পোষ্টটো চোৱাৰ পিছতো সৌৰভ গাংগুলীৰ বা?’পিক নিৰ্মাণ হৈছে নেকি বুলিও প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে৷  কিন্তু সৌৰভে এতিয়ালৈকে এই প্ৰশ্নৰ উত্তৰ দিয়া নাই৷ উল্লেখ্য ক্ৰীড়া তাৰকাসকলৰ জীৱনীমূলক ছবি বলীউডত উচ্চ প্ৰশংসিত হৈছে । মহেন্দ্ৰ সিং ধোনীৰ পৰা বক্সাৰ মেৰী কম, শ্বাটলাৰ ছানিয়া নেহৱালৰ পৰা প্ৰাক্তন হকী অধিনায়ক সন্দীপ সিঙলৈকে ৰূপালী পৰ্দাত বহু তাৰকাৰ সংগ্ৰাম প্ৰতিফলিত হৈছে। 


তাপসী পান্নুৱে শেহতীয়াকৈ মহিলা দলৰ অধিনায়ক মিতালী ৰাজৰ জীৱনীমূলক ছবি এখন কৰিছে৷ অনুষ্কা শৰ্মাক প্ৰাক্তন ভাৰতীয় মহিলা পেচাৰ ঝুলন গোস্বামীৰ চৰিত্ৰত দেখা যাব। এইবাৰ  "দাদাৰ" পাল নেকি? কিন্তু যদি সৌৰভৰ বায়োপিকত তেওঁৰ চৰিত্ৰত অভিনয় কৰিব কোনে? 

এই প্ৰশ্নৰ উত্তৰো এতিয়ালৈকে পোৱা হোৱা নাই৷ অৱশ্যে সৌৰভে আগতে এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁ ৰণবীৰ সিঙক তেওঁৰ চৰিত্ৰত চাব বিচাৰে। আনহাতে তেওঁ এবাৰ এইবুলিও কৈছিল যে তেওঁ নিজৰ চৰিত্ৰত নিজে  অভিনয় কৰিবলৈ ইচ্ছুক। শেহতীয়াকৈ ভিডিঅ'টো পোষ্ট কৰি বিচিচিআইৰ প্ৰাক্তন সভাপতি সৌৰভ গাংগুলীয়ে অনুৰাগীসকলৰ উৎসাহ আৰু কৌতূহল বৃদ্ধি কৰিছে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement