--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী আলিয়া ভাট ২৯ বছৰ বয়সতে সন্তানৰ   মাতৃ হৈছে। সাধাৰণতে বলীউডৰ বহু অভিনেত্ৰীয়েই ইমান কম বয়সতে মাক হোৱা নাই৷  বহু নায়িকাই তেওঁলোকৰ কেৰিয়াৰৰ কথা ভাবি  বিয়া আৰু সন্তান জন্ম দিয়াৰ কথা সহজে  ভাবিব নোৱাৰে। অৱশ্যে মহেশ ভাটৰ কন্যাই  বিয়া হোৱাৰ সিদ্ধান্তলৈ   সকলোকে আচৰিত কৰি দিছিল। 

শেহতীয়া এক সাক্ষাৎকাৰত, আলিয়াই কয়  যে তেওঁ হৃদয়ৰ কথা শুনিয়েই সকলো কাম কৰিছে। কামেই হওঁক বা ব্যক্তিগত জীৱনেই হওঁক, সকলোতে তেওঁ মনৰ কথাক অগ্ৰাধিকাৰ দিয়ে। তেওঁ কয়  যে তেওঁ কেতিয়াও তেওঁৰ কন্যা  ৰাহাকলৈ  কেৰিয়াৰত কিবা অসুবিধা হ’ব বুলি নাভাবে, কম বয়সতে সন্তান জন্ম দিয়া  বাবে অনুশোচনাও নকৰে। 


উল্লেখ্য ৰণবীৰ আৰু আলিয়াই ২০২২ চনৰ ১৪  এপ্ৰিলত বিবাহপাশত আৱদ্ধ হৈছিল। পাঁচ বছৰৰ প্ৰেমৰ পিছত তেওঁলোকৰ  সম্পৰ্কটোৱে এক বিশেষ মৰ্যাদা পাইছিল৷  তেওঁলোকৰ এটা নতুন জীৱন আৰম্ভ হৈছিল।  দম্পতীহালে বিবাহৰ দুমাহৰ পিছতে  সন্তানৰ  আগমনৰ খবৰ দিছিল। ৰাহাৰ  নৱেম্বৰত জন্ম হৈছিল। আলিয়াই শিশুটোৰ প্ৰসৱৰ বিষয়ে নেটত এটা আৱেগিক পোষ্ট দিছিল  'আমাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ খবৰ। আমাৰ সন্তান আছে...। তেওঁ এগৰাকী মায়াবী ছোৱালী । আমি প্ৰেমেৰে পৰিপূৰ্ণ - ধন্য আৰু উৎসাহী পিতৃ-মাতৃ!! আলিয়া আৰু ৰণবীৰৰ পৰা বহুত মৰম। '


শেহতীয়াকৈ বম্বে টাইমছক দিয়া এক   সাক্ষাৎকাৰত আলিয়াই কৈছে  , "জীৱনত শুদ্ধ বা ভুল বুলি কোনো কথা  নাই। মোৰ বাবে যি শুদ্ধ  সেয়া আন কাৰোবাৰ বাবে  শুদ্ধ নহ’বও  পাৰে। মই এনেকুৱা মানুহ  যিয়ে গোটেই জীৱন মোৰ হৃদয়ৰ কথাই শুনিছো। আপুনি আপোনাৰ জীৱনৰ পৰিকল্পনা কৰিব নোৱাৰে। বৰঞ্চ জীৱনে আপোনাক নিজৰ পৰিকল্পনা যুগুত কৰিবলৈ বাধ্য কৰে৷ । চিনেমাই হওঁক বা আন কিবা , মই মোৰ হৃদয়ৰ কথা শুনি সকলো সিদ্ধান্ত লৈছো। হয়, মোৰ কেৰিয়াৰৰ শীৰ্ষত অৱস্থাতে  মই বিয়াত বহিবলৈ   আৰু সন্তান জন্ম দিয়াৰ সিদ্ধান্ত লৈছো। বহুতে কৈছিল বিবাহ আৰু সন্তানে মোৰ জীৱন সলনি কৰিব৷  তেনে হ'লেও, সেয়া মোৰ বাবে গুৰুত্বপূৰ্ণ নহয়। মই কেৱল এয়াই ক'ব পাৰোঁ যে মই মোৰ জীৱনত সন্তান জন্ম দিয়াৰ বাবে কেতিয়াও অনুশোচনা নকৰো। এইটো মই লোৱা সৰ্বশ্ৰেষ্ঠ সিদ্ধান্ত।  '









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু