--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী আলিয়া ভাট ২৯ বছৰ বয়সতে সন্তানৰ   মাতৃ হৈছে। সাধাৰণতে বলীউডৰ বহু অভিনেত্ৰীয়েই ইমান কম বয়সতে মাক হোৱা নাই৷  বহু নায়িকাই তেওঁলোকৰ কেৰিয়াৰৰ কথা ভাবি  বিয়া আৰু সন্তান জন্ম দিয়াৰ কথা সহজে  ভাবিব নোৱাৰে। অৱশ্যে মহেশ ভাটৰ কন্যাই  বিয়া হোৱাৰ সিদ্ধান্তলৈ   সকলোকে আচৰিত কৰি দিছিল। 

শেহতীয়া এক সাক্ষাৎকাৰত, আলিয়াই কয়  যে তেওঁ হৃদয়ৰ কথা শুনিয়েই সকলো কাম কৰিছে। কামেই হওঁক বা ব্যক্তিগত জীৱনেই হওঁক, সকলোতে তেওঁ মনৰ কথাক অগ্ৰাধিকাৰ দিয়ে। তেওঁ কয়  যে তেওঁ কেতিয়াও তেওঁৰ কন্যা  ৰাহাকলৈ  কেৰিয়াৰত কিবা অসুবিধা হ’ব বুলি নাভাবে, কম বয়সতে সন্তান জন্ম দিয়া  বাবে অনুশোচনাও নকৰে। 


উল্লেখ্য ৰণবীৰ আৰু আলিয়াই ২০২২ চনৰ ১৪  এপ্ৰিলত বিবাহপাশত আৱদ্ধ হৈছিল। পাঁচ বছৰৰ প্ৰেমৰ পিছত তেওঁলোকৰ  সম্পৰ্কটোৱে এক বিশেষ মৰ্যাদা পাইছিল৷  তেওঁলোকৰ এটা নতুন জীৱন আৰম্ভ হৈছিল।  দম্পতীহালে বিবাহৰ দুমাহৰ পিছতে  সন্তানৰ  আগমনৰ খবৰ দিছিল। ৰাহাৰ  নৱেম্বৰত জন্ম হৈছিল। আলিয়াই শিশুটোৰ প্ৰসৱৰ বিষয়ে নেটত এটা আৱেগিক পোষ্ট দিছিল  'আমাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ খবৰ। আমাৰ সন্তান আছে...। তেওঁ এগৰাকী মায়াবী ছোৱালী । আমি প্ৰেমেৰে পৰিপূৰ্ণ - ধন্য আৰু উৎসাহী পিতৃ-মাতৃ!! আলিয়া আৰু ৰণবীৰৰ পৰা বহুত মৰম। '


শেহতীয়াকৈ বম্বে টাইমছক দিয়া এক   সাক্ষাৎকাৰত আলিয়াই কৈছে  , "জীৱনত শুদ্ধ বা ভুল বুলি কোনো কথা  নাই। মোৰ বাবে যি শুদ্ধ  সেয়া আন কাৰোবাৰ বাবে  শুদ্ধ নহ’বও  পাৰে। মই এনেকুৱা মানুহ  যিয়ে গোটেই জীৱন মোৰ হৃদয়ৰ কথাই শুনিছো। আপুনি আপোনাৰ জীৱনৰ পৰিকল্পনা কৰিব নোৱাৰে। বৰঞ্চ জীৱনে আপোনাক নিজৰ পৰিকল্পনা যুগুত কৰিবলৈ বাধ্য কৰে৷ । চিনেমাই হওঁক বা আন কিবা , মই মোৰ হৃদয়ৰ কথা শুনি সকলো সিদ্ধান্ত লৈছো। হয়, মোৰ কেৰিয়াৰৰ শীৰ্ষত অৱস্থাতে  মই বিয়াত বহিবলৈ   আৰু সন্তান জন্ম দিয়াৰ সিদ্ধান্ত লৈছো। বহুতে কৈছিল বিবাহ আৰু সন্তানে মোৰ জীৱন সলনি কৰিব৷  তেনে হ'লেও, সেয়া মোৰ বাবে গুৰুত্বপূৰ্ণ নহয়। মই কেৱল এয়াই ক'ব পাৰোঁ যে মই মোৰ জীৱনত সন্তান জন্ম দিয়াৰ বাবে কেতিয়াও অনুশোচনা নকৰো। এইটো মই লোৱা সৰ্বশ্ৰেষ্ঠ সিদ্ধান্ত।  '









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক