--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি বহু মানুহৰে হৃদৰোগ বা  হাৰ্টৰ সমস্যা হয়। কিছু সাৱধান হ'লে এই ৰোগৰ পৰিমাণ কমাব পাৰি। নিমখৰ সৈতে হৃদৰোগৰ পোনপটীয়া সম্পৰ্ক আছে। চিকিৎসকে সদায়ে কম নিমখ গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়ে যাতে হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যা সৃষ্টি নহয়। এক অধ্যয়নত গৱেষকসকলে জানিব পাৰিলে যে ছডিয়ামৰ পৰিমাণ হ্ৰাস কৰিলে হৃদযন্ত্ৰৰ সমস্যাৰ সৃষ্টি নহয়। 

গৱেষকসকলে নানা গৱেষণাত জানিব পাৰিলে যে নিম্ন-ছডিয়াম আহাৰ গ্ৰহণ কৰা লোকসকলৰ স্বাস্থ্যৰ মান যথেষ্ট উন্নত। গৱেষকসকলে পৰামৰ্শ দিয়ে যে কেৱল ছডিয়ামৰ পৰিমাণ হ্ৰাস কৰি চিকিৎসালয়ত ভৰ্তি হোৱাৰ সম্ভাৱনা হ্ৰাস কৰিব নোৱাৰি। সেয়েহে হৃদৰোগীসকলে অন্যান্য চিকিৎসা অব্যাহত ৰাখিব লাগে কিন্তু নিমখ কমাই খাব লাগে যাতে হাৰ্ট এটেকৰ সম্ভাৱনা কমাব পাৰি। হৃদযন্ত্ৰ দুৰ্বল হ'লে শৰীৰৰ চাহিদা অনুসৰি কাৰ্যকৰীভাৱে তেজ পাম্প কৰিবলৈ সক্ষম নহয়। ইয়াৰ ফলত শৰীৰে প্ৰয়োজনীয় পুষ্টি আৰু অক্সিজেন নাপায়। হৃদযন্ত্ৰৰ ৰোগৰ কিছুমান বিশেষ লক্ষণ আছে।

১. উশাহ চুটি হোৱা, নিৰন্তৰ কাহ হোৱা
২. পানী জমা হৈ শৰীৰ ফুলা
3. অত্যাধিক ভাগৰ অনুভৱ কৰা
4. হৃদস্পন্দন দ্ৰুত হোৱা

বিশেষজ্ঞসকলে প্ৰায়ে হৃদযন্ত্ৰৰ বিফলতাৰ সমস্যা থকা সকলক কম নিমখ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে।  হৃদযন্ত্ৰৰ ৰোগীসকলে তেনেই কম পৰিমাণত ছডিয়াম গ্ৰহণ কৰিব লাগে কিয়নো ছডিয়ামে শৰীৰত তৰল বৃদ্ধি কৰিব পাৰে আৰু ইয়াৰ ফলত হৃদযন্ত্ৰ বিকল হ'ব পাৰে। যদিহে আপোনাৰ ভাতৰ কাঁহীত নিমখ লৈ খোৱাৰ অভ্যাস আছে তেন্তে সেই অভ্যাস আজিয়েই ত্যাগ কৰক আৰু বেছিকৈ নিমখীয়া ভজা-পোৰা খাদ্য খোৱাৰ পৰা বিৰত থাকক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক