--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি বহু মানুহৰে হৃদৰোগ বা  হাৰ্টৰ সমস্যা হয়। কিছু সাৱধান হ'লে এই ৰোগৰ পৰিমাণ কমাব পাৰি। নিমখৰ সৈতে হৃদৰোগৰ পোনপটীয়া সম্পৰ্ক আছে। চিকিৎসকে সদায়ে কম নিমখ গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়ে যাতে হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যা সৃষ্টি নহয়। এক অধ্যয়নত গৱেষকসকলে জানিব পাৰিলে যে ছডিয়ামৰ পৰিমাণ হ্ৰাস কৰিলে হৃদযন্ত্ৰৰ সমস্যাৰ সৃষ্টি নহয়। 

গৱেষকসকলে নানা গৱেষণাত জানিব পাৰিলে যে নিম্ন-ছডিয়াম আহাৰ গ্ৰহণ কৰা লোকসকলৰ স্বাস্থ্যৰ মান যথেষ্ট উন্নত। গৱেষকসকলে পৰামৰ্শ দিয়ে যে কেৱল ছডিয়ামৰ পৰিমাণ হ্ৰাস কৰি চিকিৎসালয়ত ভৰ্তি হোৱাৰ সম্ভাৱনা হ্ৰাস কৰিব নোৱাৰি। সেয়েহে হৃদৰোগীসকলে অন্যান্য চিকিৎসা অব্যাহত ৰাখিব লাগে কিন্তু নিমখ কমাই খাব লাগে যাতে হাৰ্ট এটেকৰ সম্ভাৱনা কমাব পাৰি। হৃদযন্ত্ৰ দুৰ্বল হ'লে শৰীৰৰ চাহিদা অনুসৰি কাৰ্যকৰীভাৱে তেজ পাম্প কৰিবলৈ সক্ষম নহয়। ইয়াৰ ফলত শৰীৰে প্ৰয়োজনীয় পুষ্টি আৰু অক্সিজেন নাপায়। হৃদযন্ত্ৰৰ ৰোগৰ কিছুমান বিশেষ লক্ষণ আছে।

১. উশাহ চুটি হোৱা, নিৰন্তৰ কাহ হোৱা
২. পানী জমা হৈ শৰীৰ ফুলা
3. অত্যাধিক ভাগৰ অনুভৱ কৰা
4. হৃদস্পন্দন দ্ৰুত হোৱা

বিশেষজ্ঞসকলে প্ৰায়ে হৃদযন্ত্ৰৰ বিফলতাৰ সমস্যা থকা সকলক কম নিমখ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে।  হৃদযন্ত্ৰৰ ৰোগীসকলে তেনেই কম পৰিমাণত ছডিয়াম গ্ৰহণ কৰিব লাগে কিয়নো ছডিয়ামে শৰীৰত তৰল বৃদ্ধি কৰিব পাৰে আৰু ইয়াৰ ফলত হৃদযন্ত্ৰ বিকল হ'ব পাৰে। যদিহে আপোনাৰ ভাতৰ কাঁহীত নিমখ লৈ খোৱাৰ অভ্যাস আছে তেন্তে সেই অভ্যাস আজিয়েই ত্যাগ কৰক আৰু বেছিকৈ নিমখীয়া ভজা-পোৰা খাদ্য খোৱাৰ পৰা বিৰত থাকক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু