--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শৰীৰৰ বাবে প্ৰটিন অতি প্ৰয়োজনীয়। পেশী, হাড়, চুলি, ছাল আৰু নখ আদি সকলো অংগতে প্ৰটিন থাকে। যদি এই অংগবোৰক সুস্থ কৰি ৰাখিব লাগে, তেন্তে খাদ্যত প্ৰটিন থকাটো অতি আৱশ্যক। শৰীৰৰ বহু কামৰ অপৰিহাৰ্য প্ৰটিন। ইয়াৰ অভাৱৰ বাবে বিভিন্ন ৰোগ হ’বলৈ আৰম্ভ কৰে। যেতিয়া শৰীৰত প্ৰটিনৰ অভাৱ হয়, তেতিয়া আমাৰ শৰীৰে কিছু সংকেত দিবলৈ আৰম্ভ কৰে।

* কিমান প্ৰটিনৰ প্ৰয়োজন?

আমাৰ দৈনন্দিন খাদ্যত পুষ্টিৰ ভিতৰত ১০ শতাংশ প্ৰটিন অন্তৰ্ভুক্ত কৰিব লাগো। শিশুক ১৯-৩৪ গ্ৰাম প্ৰটিনৰ প্ৰয়োজন হোৱাৰ বিপৰীতে মহিলাক দিনটোত ৪৬ গ্ৰাম প্ৰটিনৰ প্ৰয়োজন হয়।

* প্ৰটিনৰ অভাৱৰ লক্ষণ-

প্ৰটিনৰ অভাৱত শৰীৰৰ বহু অংশ আক্ৰান্ত হয়। ইয়াৰ অভাৱৰ বাবে ফুলা, চুলি দুৰ্বল হোৱা, নখ দুৰ্বল হোৱা, আগতীয়াকৈ ভাগৰুৱা লগা, অত্যধিক ভোক লগা আৰু অসুস্থ হোৱা আদি লক্ষণ দেখা যায়।

* প্ৰটিনৰ অভাৱত হোৱা ৰোগ-

প্ৰটিনৰ অভাৱত গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। শৰীৰত ইয়াৰ অভাৱৰ বাবে হাড় দুৰ্বল হৈ পৰে। প্ৰটিনৰ অভাৱত কোৱাছিঅৰ্কোৰৰ দৰে গুৰুতৰ ৰোগ হয়। প্ৰটিনৰ অভাৱত সংক্ৰমণ আৰু চৰ্বিযুক্ত যকৃতৰ সমস্যাও হয়।

 * প্ৰটিনৰ উত্তম উৎস-

প্ৰটিনৰ অভাৱ হ’লে খাদ্য তালিকাত এইসমূহ সামগ্ৰী অন্তৰ্ভুক্ত কৰিব লাগে।  বাদাম, আলমণ্ড, আখৰোট, মচুৰ দাইল, সৰিয়হ, দৈ আৰু গাখীৰৰ পৰা তৈয়াৰী বস্তুত যথেষ্ট পৰিমাণে প্ৰটিন পোৱা যায়।

* প্ৰটিনৰ উপকাৰিতাৰ-

সুস্থ হৈ থাকিবলৈ প্ৰটিন সমৃদ্ধ বস্তু সেৱন কৰাটো প্ৰয়োজনীয়। প্ৰটিনে বিপাকীয় ক্ৰিয়া বৃদ্ধিৰ কাম কৰে। ই হাড় মজবুত কৰে। প্ৰটিনযুক্ত বস্তু খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। বৃক্ক সুস্থ কৰি ৰাখিবলৈ প্ৰটিন সেৱন কৰাটো প্ৰয়োজনীয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক