--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী অৰ্চনা পূৰণ সিং আৰু অভিনেতা পাৰমিত শেঠীৰ প্ৰেম কাহিনী কোনো চিনেমাতকৈ কোনো গুণে কম নহয়। ১৯৯২ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ৩০ জুন তাৰিখে অৰ্চনা আৰু পাৰমিত বিবাহ বন্ধনত বান্ধ খাইছিল। তেওঁলোকৰ বিবাহ বাৰ্ষিকী উপলক্ষে এই প্ৰেম কাহিনীৰ সৈতে পৰিচয় হওঁ আহক।

অভিনয়ৰ জগতখনত দুয়োৰে অনুৰাগীৰ সংখ্যা অনেক। অৰ্চনা অনন্য হাঁহিৰ শৈলীৰ বাবে পৰিচিত যদিও ব্যক্তিগত জীৱনত অতি কঠিন পৰিস্থিতিৰ মাজেৰে তেওঁ পাৰ হৈ আহিছে। আচলতে অৰ্চনাৰ প্ৰথম বিবাহ সফল নহ’ল, তাৰপাছত তেওঁ ইমানেই ভাঙি পৰিল যে প্ৰেম আৰু বিবাহৰ দৰে কথাবোৰত অৰ্চনাৰ বিশ্বাস একেবাৰে হেৰাই গ’ল।

অৰ্চনা আৰু পাৰমিতৰ প্ৰথম লগ হৈছিল এটা অনুষ্ঠানত। অৰ্চনা সিঙে দ্য কপিল শৰ্মা শ্ব’ত কয়, ‘মই পাৰমিতক এটা পাৰ্টিত লগ পাইছিলো। সেই সময়ত মোৰ হাতত এখন আলোচনী আছিল, সেই আলোচনীখন পাৰমিতে কাঢ়ি লৈ ​​গৈছিল। এই কথাটোৱে মোক বেয়াকৈ ক্ষুব্ধ কৰি তুলিছিল যদিও পাৰমিতৰ ক্ষমা বিচৰাৰ ধৰণটো ইমানেই বেলেগ আছিল যে মোৰ খংটো লগে লগে শান্ত হৈ গ’ল। এই পাৰ্টিতে তেওঁলোকৰ মাজত বন্ধুত্ব গঢ় লৈ উঠে।

পাৰমিতে দ্য কপিল শৰ্মা শ্ব’ত কৈছিল, ‘প্ৰথম অৱস্থাত আমি লিভ-ইনত বাস কৰিছিলো। আমি যেতিয়া আমাৰ আত্মীয়ক এই বিষয়ে অৱগত কৰিলোঁ, তেতিয়া মোৰ পৰিয়ালৰ মানুহৰ বৰ খং উঠিল। গতিকে আমি ৰাতি ১১ বজাত বিয়া হোৱাৰ সিদ্ধান্ত লৈ পণ্ডিতজীক বিচাৰিবলৈ ৰাওনা হ’লোঁ৷ ৰাতি ১২ বজাৰ পাছত আমি পণ্ডিতজীক লগ পাইছিলো। তেওঁ আমাক সুধিলে যে আমি পলাই গৈ বিয়া পাতিছো নেকি আৰু ছোৱালীজনী প্ৰাপ্তবয়স্ক হৈছে নে? মই উত্তৰ দিলোঁ যে ছোৱালীজনী মোতকৈ বেছি প্ৰাপ্তবয়স্ক! তেওঁ মোতকৈ ৪ বছৰৰ ডাঙৰ ছোৱালী। তেতিয়া পণ্ডিতজীয়ে কৈছিল যে বিয়া এনেকৈ নহয়। বিয়াৰ কিছুমান মুহূৰ্ত থাকে। সেই মুহূৰ্ত আহিলে বিয়া হ’ব। পাছদিনা আমি পুৱা ১১ বজাত বিবাহপাশত আৱদ্ধ হৈছিলো আৰু এতিয়াও আমাৰ সংসাৰ সুন্দৰকৈ চলি আছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক