--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী অৰ্চনা পূৰণ সিং আৰু অভিনেতা পাৰমিত শেঠীৰ প্ৰেম কাহিনী কোনো চিনেমাতকৈ কোনো গুণে কম নহয়। ১৯৯২ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ৩০ জুন তাৰিখে অৰ্চনা আৰু পাৰমিত বিবাহ বন্ধনত বান্ধ খাইছিল। তেওঁলোকৰ বিবাহ বাৰ্ষিকী উপলক্ষে এই প্ৰেম কাহিনীৰ সৈতে পৰিচয় হওঁ আহক।

অভিনয়ৰ জগতখনত দুয়োৰে অনুৰাগীৰ সংখ্যা অনেক। অৰ্চনা অনন্য হাঁহিৰ শৈলীৰ বাবে পৰিচিত যদিও ব্যক্তিগত জীৱনত অতি কঠিন পৰিস্থিতিৰ মাজেৰে তেওঁ পাৰ হৈ আহিছে। আচলতে অৰ্চনাৰ প্ৰথম বিবাহ সফল নহ’ল, তাৰপাছত তেওঁ ইমানেই ভাঙি পৰিল যে প্ৰেম আৰু বিবাহৰ দৰে কথাবোৰত অৰ্চনাৰ বিশ্বাস একেবাৰে হেৰাই গ’ল।

অৰ্চনা আৰু পাৰমিতৰ প্ৰথম লগ হৈছিল এটা অনুষ্ঠানত। অৰ্চনা সিঙে দ্য কপিল শৰ্মা শ্ব’ত কয়, ‘মই পাৰমিতক এটা পাৰ্টিত লগ পাইছিলো। সেই সময়ত মোৰ হাতত এখন আলোচনী আছিল, সেই আলোচনীখন পাৰমিতে কাঢ়ি লৈ ​​গৈছিল। এই কথাটোৱে মোক বেয়াকৈ ক্ষুব্ধ কৰি তুলিছিল যদিও পাৰমিতৰ ক্ষমা বিচৰাৰ ধৰণটো ইমানেই বেলেগ আছিল যে মোৰ খংটো লগে লগে শান্ত হৈ গ’ল। এই পাৰ্টিতে তেওঁলোকৰ মাজত বন্ধুত্ব গঢ় লৈ উঠে।

পাৰমিতে দ্য কপিল শৰ্মা শ্ব’ত কৈছিল, ‘প্ৰথম অৱস্থাত আমি লিভ-ইনত বাস কৰিছিলো। আমি যেতিয়া আমাৰ আত্মীয়ক এই বিষয়ে অৱগত কৰিলোঁ, তেতিয়া মোৰ পৰিয়ালৰ মানুহৰ বৰ খং উঠিল। গতিকে আমি ৰাতি ১১ বজাত বিয়া হোৱাৰ সিদ্ধান্ত লৈ পণ্ডিতজীক বিচাৰিবলৈ ৰাওনা হ’লোঁ৷ ৰাতি ১২ বজাৰ পাছত আমি পণ্ডিতজীক লগ পাইছিলো। তেওঁ আমাক সুধিলে যে আমি পলাই গৈ বিয়া পাতিছো নেকি আৰু ছোৱালীজনী প্ৰাপ্তবয়স্ক হৈছে নে? মই উত্তৰ দিলোঁ যে ছোৱালীজনী মোতকৈ বেছি প্ৰাপ্তবয়স্ক! তেওঁ মোতকৈ ৪ বছৰৰ ডাঙৰ ছোৱালী। তেতিয়া পণ্ডিতজীয়ে কৈছিল যে বিয়া এনেকৈ নহয়। বিয়াৰ কিছুমান মুহূৰ্ত থাকে। সেই মুহূৰ্ত আহিলে বিয়া হ’ব। পাছদিনা আমি পুৱা ১১ বজাত বিবাহপাশত আৱদ্ধ হৈছিলো আৰু এতিয়াও আমাৰ সংসাৰ সুন্দৰকৈ চলি আছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু