--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অৰ্থাৎ ৩০ জুনত মুক্তি লাভ কৰিলে এখন বহু প্ৰত্যাশিত অসমীয়া ছবিয়ে। শ্ৰী ৰঘুপতিয়ে অসমীয়া চিনেমাৰ জয়গান গাই থকাৰ সময়তে ৰাইজৰ মাজলৈ আহিল 'দ্য শ্লেমবুক'।

অসমীয়া ৰাইজৰ মাজত এটা অতি চিনাকি নাম এন্ কে প্ৰডাকচন। এই এন কে প্ৰডাকচনৰ বেনাৰতে নিৰ্মাণ কৰা হৈছে 'দ্য শ্লেমবুক'।   ছবিখনৰ ট্ৰেইলাৰ লগতে আটাইকেইটা গীতক শ্ৰোতা দৰ্শকে ভাল সহাঁৰি দিছে।

উল্লেখ্য যে, নৱপ্ৰজন্মৰ একাংশ উদীয়মান অভিনেতা-অভিনেত্ৰীক লগত লৈ নিৰ্মাণ কৰা হৈছে এই ছবিখন। ২০১৯ চনতেই ছবিখনৰ সকলো দৃশ্য গ্ৰহণৰ কাম সম্পূৰ্ণ কৰা হৈছিল। কিন্তু কোভিড মহামাৰীৰ বাবে ছবিখনৰ মুকলি দিন পিছুৱাব লগীয়া হৈছিল। কৈশোৰৰ বন্ধুত্ব, প্ৰেম, বিশ্বাস, প্ৰতাৰণা আদিৰে ভৰপূৰ এখন ৰোমাণ্টিক অসমীয়া ছবি 'দ্য শ্লেমবুক'। ছবিখনৰ কাহিনী আৰু পৰিচালনা প্ৰাঞ্জল গয়াৰীৰ। চিত্ৰনাট্য আৰু সংলাপ বিষ্ণুজ্যোতি সন্দিকৈৰ। প্ৰযোজনা কৰিছে দেৱ বৰকটকীয়ে। 

মুম্বাইত প্ৰতিষ্ঠিত জ্ঞান গৌতমৰ দৃশ্যগ্ৰহণৰে ছবিখনৰ মূখ্য সহঃ পৰিচালকৰ দায়িত্বত আছে সপ্তৰ্ষি গগৈ। ছবিখনৰ সংগীত কৰিছে জুবিন গাৰ্গ। জুবিন গাৰ্গ, ৰোহিত চ’নাৰ আৰু বহুকেইজন জনপ্রিয় শিল্পীয়ে ছবিখনত কণ্ঠদান কৰিছে।

লগতে, ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হৈছে আসাম ভেলী স্কুল তেজপুৰ বালিপাৰা, গুৱাহাটী আৰু শ্বিলঙৰ মনোৰম লোকেশ্বনত। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেত্ৰী শ্ৰেষ্ঠা চৌধুৰী আৰু অভিনেতা নিৰূপম শইকীয়াই। লগতে ছবিখনত দেখা পোৱা যাব কেইবাগৰাকীও ন-পুৰণি শিল্পীক। শ্যামন্তিকা, মেঘৰঞ্জনীকে আদি কৰি বিভূতি ভূষণ হাজৰিকা, ৰূপম বৰুৱা, পুনম লহকৰ, সিদ্ধাৰ্থ মূখাৰ্জী, কাকলি সন্দিকৈ, প্ৰিয়ংকা বৰুৱা, ৰাজ দত্ত আৰু চিন্ময় বৰগোঁহাইক ছবিখনৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যাব। দীপক দে’ আৰু উদয় শংকৰৰ কৰিঅ’গ্ৰাফীৰে ছবিখনৰ ৰূপসজ্জা কৰিছে কামছীয়ে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান