--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অৰ্থাৎ ৩০ জুনত মুক্তি লাভ কৰিলে এখন বহু প্ৰত্যাশিত অসমীয়া ছবিয়ে। শ্ৰী ৰঘুপতিয়ে অসমীয়া চিনেমাৰ জয়গান গাই থকাৰ সময়তে ৰাইজৰ মাজলৈ আহিল 'দ্য শ্লেমবুক'।

অসমীয়া ৰাইজৰ মাজত এটা অতি চিনাকি নাম এন্ কে প্ৰডাকচন। এই এন কে প্ৰডাকচনৰ বেনাৰতে নিৰ্মাণ কৰা হৈছে 'দ্য শ্লেমবুক'।   ছবিখনৰ ট্ৰেইলাৰ লগতে আটাইকেইটা গীতক শ্ৰোতা দৰ্শকে ভাল সহাঁৰি দিছে।

উল্লেখ্য যে, নৱপ্ৰজন্মৰ একাংশ উদীয়মান অভিনেতা-অভিনেত্ৰীক লগত লৈ নিৰ্মাণ কৰা হৈছে এই ছবিখন। ২০১৯ চনতেই ছবিখনৰ সকলো দৃশ্য গ্ৰহণৰ কাম সম্পূৰ্ণ কৰা হৈছিল। কিন্তু কোভিড মহামাৰীৰ বাবে ছবিখনৰ মুকলি দিন পিছুৱাব লগীয়া হৈছিল। কৈশোৰৰ বন্ধুত্ব, প্ৰেম, বিশ্বাস, প্ৰতাৰণা আদিৰে ভৰপূৰ এখন ৰোমাণ্টিক অসমীয়া ছবি 'দ্য শ্লেমবুক'। ছবিখনৰ কাহিনী আৰু পৰিচালনা প্ৰাঞ্জল গয়াৰীৰ। চিত্ৰনাট্য আৰু সংলাপ বিষ্ণুজ্যোতি সন্দিকৈৰ। প্ৰযোজনা কৰিছে দেৱ বৰকটকীয়ে। 

মুম্বাইত প্ৰতিষ্ঠিত জ্ঞান গৌতমৰ দৃশ্যগ্ৰহণৰে ছবিখনৰ মূখ্য সহঃ পৰিচালকৰ দায়িত্বত আছে সপ্তৰ্ষি গগৈ। ছবিখনৰ সংগীত কৰিছে জুবিন গাৰ্গ। জুবিন গাৰ্গ, ৰোহিত চ’নাৰ আৰু বহুকেইজন জনপ্রিয় শিল্পীয়ে ছবিখনত কণ্ঠদান কৰিছে।

লগতে, ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হৈছে আসাম ভেলী স্কুল তেজপুৰ বালিপাৰা, গুৱাহাটী আৰু শ্বিলঙৰ মনোৰম লোকেশ্বনত। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেত্ৰী শ্ৰেষ্ঠা চৌধুৰী আৰু অভিনেতা নিৰূপম শইকীয়াই। লগতে ছবিখনত দেখা পোৱা যাব কেইবাগৰাকীও ন-পুৰণি শিল্পীক। শ্যামন্তিকা, মেঘৰঞ্জনীকে আদি কৰি বিভূতি ভূষণ হাজৰিকা, ৰূপম বৰুৱা, পুনম লহকৰ, সিদ্ধাৰ্থ মূখাৰ্জী, কাকলি সন্দিকৈ, প্ৰিয়ংকা বৰুৱা, ৰাজ দত্ত আৰু চিন্ময় বৰগোঁহাইক ছবিখনৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যাব। দীপক দে’ আৰু উদয় শংকৰৰ কৰিঅ’গ্ৰাফীৰে ছবিখনৰ ৰূপসজ্জা কৰিছে কামছীয়ে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক