--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আজি লক্ষ্মী পূজা। এই পূজা হিন্দু ধৰ্মাৱলম্বীসকলে পালন কৰা দেৱী লক্ষ্মীৰ প্ৰতি উছৰ্গিত পূজা। ধন-ঐশ্চৰ্যৰ দেৱী লক্ষ্মীক আৰাধনা কৰিব আজি ভক্তপ্ৰাণ লোকে। ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা কৰিবলৈ ব্যস্ত হৈ পৰিছে মা লক্ষ্মীৰ ভক্তসকল। ধন, ঐশ্বৰ্য, বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মীৰ আৰাধানৰে আজি মুখৰিত হ’ব ৰাজ্যৰ আকাশ-বতাহ। আজি নিশা ঐশ্বৰ্য, বিভূতি, সুখ শান্তিদায়িনী দেৱী বিষ্ণুপ্ৰিয়া কমলালৈ ভক্তিঅৰ্ঘ নিবেদন কৰিব ভক্তপ্ৰাণ ৰাইজে। দেৱী বন্দনাৰে আধ্যাত্মিক পৰিবেশ সূচনা হ’ব ৰাজ্যৰ প্ৰতিটো প্ৰান্তত। ধন-ধানেৰে উপচি পৰাৰ কামনাৰে এগছি বন্তি,শৰাই আগবঢ়াই প্রাৰ্থনা ৰাইজৰ।

হিন্দু ধর্মৰ মতে লক্ষ্মী দেৱীৰ আশীৰ্বাদত অভাৱ-অনাটন, শোক সন্তাপ, অপায়-অমংগল দূৰ হয় আৰু সুখ-শান্তিৰে উপচি পৰে। হিন্দু দিনপঞ্জী বিক্ৰম সংগবতৰ মতে কাতি মাহৰ অমাৱস্যা তিথিত লক্ষ্মী পূজা অনুষ্ঠিত কৰা হয়। পূব ভাৰতৰ পশ্চিমবংগ, অসম, ওড়িশা, ত্ৰিপুৰা আদি অঞ্চলত প্ৰচলিত স্থানীয় দিনপঞ্জী মতে পাৰম্পৰিক ভাবে শাৰদ পূৰ্ণিমা অৰ্থাৎ আহিন মাহৰ পূৰ্ণমা তিথিত এই পূজা পালন কৰে। কাতি মাহত অনুষ্ঠিত লক্ষ্মী পূজা দেৱালীৰ তৃতীয় দিনা উদযাপিত হয়। ইয়াক দিপাৱলীৰ মুখ্য অনুষ্ঠান হিচাপেও গণ্য কৰা হয়। এই দিনা পূব ভাৰতৰ অঞ্চল সমূহত কালী পূজা অনুষ্ঠিত হয়। লক্ষ্মী দেৱী হিন্দুসকলৰ ত্ৰিদেৱী সমূহৰ অন্যতম ধন, সম্পদ, উন্নতি, পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী। তেওঁ ভগৱান বিষ্ণুৰ ভাৰ্যা। জনবিশ্বাস মতে পূজাৰ দিনা লক্ষ্মী দেৱী তেওঁৰ ভক্ত সকলৰ ঘৰলৈ আহি তেওঁলোকক আশীৰ্বাদ দিয়ে। লক্ষ্মী দেৱীক আদৰিবলৈ ভক্ত সকলে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে, ফুল আৰু পোহৰেৰে নিজৰ ঘৰ আলোকিত কৰে, বিভিন্ন প্ৰকাৰৰ মিষ্টান্ন আৰু ভোগ ৰান্ধে।

আৰু পঢ়কঃ ‘ভুকি নাথাকিব কোহলী’! কোনে আৰু কিয় এনেদৰে অপমান কৰিলে বিৰাট কোহলীক?

ভক্তসকলে বিশ্বাস কৰে যে তেওঁলোকে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিব পাৰিলে তেওঁলোকে দেৱীৰ কৃপা লাভ কৰে। আজিৰ দিনটোত নিশাৰ আহাৰত মানুহে ভাত নাখায়। মহিলাসকলে আল্পনা আঁকি লক্ষ্মী পূজা পাতে। লক্ষ্মী পূজাত লক্ষ্মী চৰিত আৰু পাঁচালী পাঠ কৰা হয়। ঠাই বিশেষে লক্ষ্মী পূজাৰ নীতি-নিয়মৰ পাৰ্থক্য পৰিলক্ষিত হয়। ভক্তপ্ৰাণ ৰাইজে আজি মা লক্ষ্মীক সেৱা জনায় গাব ‘ওম নমস্তে সৰ্বভূতানাং বৰোদাশি হৰিত্ৰেয়ে/জাগতিস্তং প্ৰপন্বায়াং সামেতুয়াৎ ত্বদৰ্চনাৎ/ওম বিশ্ব ৰূপস্য ভাৰ্যাসী পদ্মে পদ্মালয়ে শুভে/সৰ্বাতঃ পাহি মাং দেৱী/মহালক্ষ্মী মনস্তুতে।’ লক্ষ্মী দেৱীৰ কৃপাত সকলোৰে জীৱনত সুখৰ ঢল বোৱাৰ কামনা ভক্তপ্ৰাণ লোকৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক