--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাকঘৰত ব্যৱহৃত ৰন্ধন গেছ আৰু চৌকা সন্দৰ্ভত আমেৰিকাৰ পৰা অহা খবৰে ভাৰতত বাস কৰা লোকসকলকো চিন্তাত পেলাইছে । আচলতে যেতিয়াৰ পৰা এটা গৱেষণা চৰ্চালৈ আহিছে যে ঘৰৰ ভিতৰত জ্বলি থকা ৰন্ধন গেছৰ পৰা বহুতো বিষাক্ত উপাদান নিৰ্গত হয়, যিবোৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। এতিয়া ভাৰতৰ বহু লোকেও একেটা কথাকে আলোচনা কৰি আছে যে যদি আমেৰিকাত নিষিদ্ধ কৰা হয়, তেন্তে অনাগত সময়ত ভাৰততো নিষিদ্ধ কৰা হ’বনে?

এক প্ৰতিবেদন অনুসৰি আমেৰিকান কনজিউমাৰ প্ৰডাক্ট ছেফটি কমিছনে ঘৰৰ ভিতৰত গেছ ষ্ট’ভ ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় মাপকাঠী নিৰ্ধাৰণ কৰিবলৈ কৈছে। ইয়াৰ লগতে তেওঁ কৈছে যে যদি এই মাপকাঠীসমূহ সঠিকভাৱে নিৰ্ধাৰণ কৰা নহয়, তেন্তে তেওঁ ইয়াক নিষিদ্ধ কৰাৰ কথাও হ'ব পাৰে। চিপিএছইৰ উপায়ুক্তগৰাকীয়ে টুইটযোগে লিখিছে যে গেছ ষ্ট’ভৰ পৰা ওলোৱা বিষাক্ত ৰাসায়নিক পদাৰ্থবোৰ মানুহৰ জীৱনৰ বাবে বিপদজনক, গতিকে ইয়াৰ পৰা হাত সাৰিবলৈ সংস্থাটোৱে সেইবোৰক ৰোধ কৰিব।

দ্য গাৰ্ডিয়ানত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ৰকি মাউণ্টেন ইনষ্টিটিউটৰ গৱেষকসকলে তেওঁলোকৰ গৱেষণাত গেছ ব্যৱহাৰৰ ফলত ঘৰটোত ইমানেই প্ৰদূষণ হয় যে মানদণ্ড অনুসৰি ইয়াক কোনো জীৱিত জীৱৰ বাবে উপযুক্ত বুলি ধৰিব নোৱাৰি। বিশেষকৈ মানুহৰ বাবে একেবাৰেই নহয়। এই গৱেষণাৰ মুৰব্বী ব্ৰেডী ছিলছে কয় যে আজি আমি এনে এটা দহন যন্ত্ৰৰ (গেছ ) লগত অভ্যস্ত হৈ পৰিছো, যিটো ঘৰৰ ভিতৰত থাকিব নালাগিছিল। এই গৱেষণাত কোৱা হৈছে যে ঘৰত গেছ জ্বলাই নিৰ্গত হোৱা নাইট্ৰজেন ডাই অক্সাইড আৰু কাৰ্বন মনোক্সাইড গেছ শিশুৰ বাবে অতি বিপদজনক। প্ৰতিবেদনত কোৱা হৈছে যে যিবোৰ ঘৰত এল পি জি গেছ বেছি ব্যৱহাৰ কৰা হয়, সেইবোৰ ঘৰত শিশুৰ হাঁপানীৰ সম্ভাৱনা ৪২ শতাংশ বৃদ্ধি পায়।

অষ্ট্ৰেলিয়াত কৰা এক গৱেষণাত দেখা গৈছে যে শৈশৱত হাঁপানী ৰোগত আক্ৰান্ত ১২.৩% শিশুক ঘৰতে জ্বলোৱা এল পি জি গেছৰ বাবে দায়ী হ’ব পাৰে। আনহাতে, এই এল পি জি গেছ বয়োজ্যেষ্ঠসকলৰ বাবেও সমানেই বিপদজনক। এই গেছত ৰন্ধা সময়ত নিৰ্গত হোৱা নাইট্ৰজেন ডাই অক্সাইড আৰু কাৰ্বন মনোক্সাইডে যিকোনো মানুহৰ হাওঁফাওঁৰ ৰোগৰ জন্ম দিয়ে। ইয়াৰ বাবেই মানুহৰ গৰমৰ লগত জড়িত সমস্যা, চেনি আনকি কেন্সাৰ হোৱাৰ সম্ভাৱনাও বাঢ়ি যায়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু