--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ১৯৫৬ চনৰে পৰা ব্ৰিটেইনত বেশ্যালয় খোলা নিষিদ্ধ হৈ আহিছে। যৌন অপৰাধ আইন অনুসৰি বেশ্যালয়সমূহক বেআইনী ঘোষণা কৰা হৈ আহিছে। কিন্তু তৎসত্বেও ব্ৰিটেইনত চলি আহিছে অবাধ বেশ্যাবৃত্তি।

কিন্তু ব্ৰিটেইনলৈ কৰ পৰা অনা হয় বেশ্যাবিলাকক? কোনে চলাই এইসমূহ? চাও আহক এই সন্দৰ্ভত এক প্ৰতিবেদন।

মূলতঃ দৰিদ্ৰ দেশসমূহৰ পৰাই নাৰী সৰবৰাহ কৰা হয়। ব্ৰিটেইনত তেওঁলোকক জোৰ কৰি বেশ্যাবৃত্তিত নমোৱা হয়। কেৱল সেয়াই নহয়, ক্ৰীতদাসৰ দৰে ৰখা হয় তেওঁলোকক। বছৰৰ পাছত বছৰ ধৰি অত্যাচাৰ কৰা হয়।

শেহতীয়াকৈ ব্ৰিটেইনৰ একাধিক এনেধৰণৰ নাৰী সৰবৰাহ চক্ৰৰ সন্ধান লাভ কৰিছে দেশখনৰ আৰক্ষীয়ে।

ব্ৰিটেইনৰ য়ৰ্কশ্বায়াৰৰ আৰক্ষীয়ে এই সম্পৰ্কত এটা তদন্ত চলায়। তদন্তৰ অন্তত আৰক্ষীয়ে কয় যে দক্ষিণ পূব এছিয়া আৰু পূব ইউৰোপৰ পৰা যুৱতীবিলাকক মন ভুলাই লৈ অহা হয়। তাৰ পাছত ভয়-ভাবুকি দি দেহ ব্যৱসায়ত নিয়োগ কৰা হয়।

১৯ৰ পৰা ৩০ বছৰৰ যুৱতীক অগ্ৰাধিকাৰ দিয়া হয়। এটা কম খৰচী ঘৰ ভাড়াত বেশ্যালয় খোলা হয়। তাতে যুৱতীসকলক ক্ৰীতদাসৰ দৰে ৰখা হয়। ঘৰৰ মালিকক এই বিষয়ে একো অৱগত কৰা নহয়।

এনেধৰণৰ কেইবাটাও ঘৰত আৰক্ষীয়ে তদন্ত চলাই দেখে যে ঘৰৰ কোঠালিসমূহ অত্যন্ত অস্বাস্থ্যকৰ। গোটেই দিন ঘৰৰ খিৰিকী বন্ধ থাকে।

আৰক্ষীয়ে কয় যে নাৰী সৰবৰাহত ভুক্তভোগী যুৱতীসকল নহয়, বৰঞ্চ এইসমূহ চলাই থকা দুষ্কৃতিকাৰীসকলক আটক কৰাহে তেওঁলোকৰ লক্ষ্য।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত