--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ১৯৫৬ চনৰে পৰা ব্ৰিটেইনত বেশ্যালয় খোলা নিষিদ্ধ হৈ আহিছে। যৌন অপৰাধ আইন অনুসৰি বেশ্যালয়সমূহক বেআইনী ঘোষণা কৰা হৈ আহিছে। কিন্তু তৎসত্বেও ব্ৰিটেইনত চলি আহিছে অবাধ বেশ্যাবৃত্তি।

কিন্তু ব্ৰিটেইনলৈ ক’ৰ পৰা অনা হয় বেশ্যাবিলাকক? কোনে চলাই এইসমূহ? চাও আহক এই সন্দৰ্ভত এক প্ৰতিবেদন।

মূলতঃ দৰিদ্ৰ দেশসমূহৰ পৰাই নাৰী সৰবৰাহ কৰা হয়। ব্ৰিটেইনত তেওঁলোকক জোৰ কৰি বেশ্যাবৃত্তিত নমোৱা হয়। কেৱল সেয়াই নহয়, ক্ৰীতদাসৰ দৰে ৰখা হয় তেওঁলোকক। বছৰৰ পাছত বছৰ ধৰি অত্যাচাৰ কৰা হয়।

শেহতীয়াকৈ ব্ৰিটেইনৰ একাধিক এনেধৰণৰ নাৰী সৰবৰাহ চক্ৰৰ সন্ধান লাভ কৰিছে দেশখনৰ আৰক্ষীয়ে।

ব্ৰিটেইনৰ য়ৰ্কশ্বায়াৰৰ আৰক্ষীয়ে এই সম্পৰ্কত এটা তদন্ত চলায়। তদন্তৰ অন্তত আৰক্ষীয়ে কয় যে দক্ষিণ পূব এছিয়া আৰু পূব ইউৰোপৰ পৰা যুৱতীবিলাকক মন ভুলাই লৈ অহা হয়। তাৰ পাছত ভয়-ভাবুকি দি দেহ ব্যৱসায়ত নিয়োগ কৰা হয়।

১৯ৰ পৰা ৩০ বছৰৰ যুৱতীক অগ্ৰাধিকাৰ দিয়া হয়। এটা কম খৰচী ঘৰ ভাড়াত বেশ্যালয় খোলা হয়। তাতে যুৱতীসকলক ক্ৰীতদাসৰ দৰে ৰখা হয়। ঘৰৰ মালিকক এই বিষয়ে একো অৱগত কৰা নহয়।

এনেধৰণৰ কেইবাটাও ঘৰত আৰক্ষীয়ে তদন্ত চলাই দেখে যে ঘৰৰ কোঠালিসমূহ অত্যন্ত অস্বাস্থ্যকৰ। গোটেই দিন ঘৰৰ খিৰিকী বন্ধ থাকে।

আৰক্ষীয়ে কয় যে নাৰী সৰবৰাহত ভুক্তভোগী যুৱতীসকল নহয়, বৰঞ্চ এইসমূহ চলাই থকা দুষ্কৃতিকাৰীসকলক আটক কৰাহে তেওঁলোকৰ লক্ষ্য।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক