--°C
Loading...
Listen to Article
2 min read
80%

মু্ম্বাই : চেলিব্ৰিটি ব্যৱসায়ী তথা অভিনেত্ৰী শিল্পা শেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ আকাশৰ পৰা ডাৱৰ আঁতৰা নাই। কুন্দ্ৰাৰ জামিন আবেদনৰ শুনানি আদালতে ২০ আগষ্টলৈ পিছুৱাই দিয়াৰ লগে লগে তেওঁৰ কাৰাবাসৰ ম্যাদো বৃদ্ধি পালে। পৰ্ন’গ্ৰাফিক ছবি নিৰ্মাণ আৰু প্ৰচাৰৰ গোচৰত ১৯জুলাইতে গ্ৰেপ্তাৰ হৈছিল ৰাজ কুন্দ্ৰা। তেওঁৰ ১৪ দিনীয়া ন্যায়িক জিম্মাৰ ম্যাদ মঙলবাৰে অন্ত পৰিছিল যদিও সত্ৰ আদালতে তেওঁৰ জামিন আবেদনৰ শুনানি ২০ আগষ্টলৈ পিছুৱাই দিয়ে।

মু্ম্বাই আৰক্ষীৰ অপৰাধ শাখাই তেওঁৰ জামিনৰ বিৰোধিতা কৰি ১৯টাকৈ কাৰণ দৰ্শোৱাৰ পাছতে কুন্দ্ৰাৰ আবেদনৰ শুনানি পিছুৱাই দিয়ে আদালতে। অপৰাধ শাখাই আদালতক জনাইছে যে, ৰাজ কুন্দ্ৰাই তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰা নাই। তদন্তকাৰীয়ে লগতে কয় যে, ভালেমান তথ্য-প্ৰমাণ এতিয়াও সংগ্ৰহ কৰিবলৈ বাকী আছে আৰু বহু সাক্ষী তথা ভুক্তভোগী লোকে কুন্দ্ৰাৰ বিৰুদ্ধে সাক্ষ্য দিবলৈ আগবাঢ়ি আহিছে।

কুন্দ্ৰা এজন প্ৰভাৱশালী লোক আৰু তেওঁ প্ৰমাণ নষ্ট কৰাৰ লগতে সাক্ষীক প্ৰভাৱিত কৰাৰ আশংকা আছে বুলিও অপৰাধ শাখাই আদালতক অৱগত কৰে। কুন্দ্ৰা যিহেতু এজন বৃটিছ নাগৰিক সেয়েহে তেওঁ দেশ এৰি পলাই যোৱাৰ সম্ভাৱনা থকাৰ কথাও আদালতক উনুকিয়াই দিয়ে অপৰাধ শাখাই। এনে পৰিপ্ৰেক্ষিতত ৰাজ কুন্দ্ৰাৰ কাৰাবাসী জীৱন অধিক দীঘলীয়া হৈ পৰিল। ২০ আগষ্টৰ শুনানিৰ পাছতহে তেওঁৰ ভাগ্য নিৰ্ধাৰণ হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু