--°C
Loading...
Listen to Article
2 min read
80%

মু্ম্বাই : চেলিব্ৰিটি ব্যৱসায়ী তথা অভিনেত্ৰী শিল্পা শেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ আকাশৰ পৰা ডাৱৰ আঁতৰা নাই। কুন্দ্ৰাৰ জামিন আবেদনৰ শুনানি আদালতে ২০ আগষ্টলৈ পিছুৱাই দিয়াৰ লগে লগে তেওঁৰ কাৰাবাসৰ ম্যাদো বৃদ্ধি পালে। পৰ্ন’গ্ৰাফিক ছবি নিৰ্মাণ আৰু প্ৰচাৰৰ গোচৰত ১৯জুলাইতে গ্ৰেপ্তাৰ হৈছিল ৰাজ কুন্দ্ৰা। তেওঁৰ ১৪ দিনীয়া ন্যায়িক জিম্মাৰ ম্যাদ মঙলবাৰে অন্ত পৰিছিল যদিও সত্ৰ আদালতে তেওঁৰ জামিন আবেদনৰ শুনানি ২০ আগষ্টলৈ পিছুৱাই দিয়ে।

মু্ম্বাই আৰক্ষীৰ অপৰাধ শাখাই তেওঁৰ জামিনৰ বিৰোধিতা কৰি ১৯টাকৈ কাৰণ দৰ্শোৱাৰ পাছতে কুন্দ্ৰাৰ আবেদনৰ শুনানি পিছুৱাই দিয়ে আদালতে। অপৰাধ শাখাই আদালতক জনাইছে যে, ৰাজ কুন্দ্ৰাই তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰা নাই। তদন্তকাৰীয়ে লগতে কয় যে, ভালেমান তথ্য-প্ৰমাণ এতিয়াও সংগ্ৰহ কৰিবলৈ বাকী আছে আৰু বহু সাক্ষী তথা ভুক্তভোগী লোকে কুন্দ্ৰাৰ বিৰুদ্ধে সাক্ষ্য দিবলৈ আগবাঢ়ি আহিছে।

কুন্দ্ৰা এজন প্ৰভাৱশালী লোক আৰু তেওঁ প্ৰমাণ নষ্ট কৰাৰ লগতে সাক্ষীক প্ৰভাৱিত কৰাৰ আশংকা আছে বুলিও অপৰাধ শাখাই আদালতক অৱগত কৰে। কুন্দ্ৰা যিহেতু এজন বৃটিছ নাগৰিক সেয়েহে তেওঁ দেশ এৰি পলাই যোৱাৰ সম্ভাৱনা থকাৰ কথাও আদালতক উনুকিয়াই দিয়ে অপৰাধ শাখাই। এনে পৰিপ্ৰেক্ষিতত ৰাজ কুন্দ্ৰাৰ কাৰাবাসী জীৱন অধিক দীঘলীয়া হৈ পৰিল। ২০ আগষ্টৰ শুনানিৰ পাছতহে তেওঁৰ ভাগ্য নিৰ্ধাৰণ হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ