--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দুয়োৰে বিয়াক লৈ দেশজুৰি চৰ্চা চলিছিল। দখল কৰিছিল সংবাদ শিৰোনাম। দেশৰ অসমৰিক সেৱাৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছিল দুয়ো। টিনা দাবী আৰু অথৰ আমিৰ খান নামৰ দেশৰ অসামৰিক সেৱাৰ শীৰ্ষ বিষয়া দুগৰাকীৰ চলচ্চিত্ৰৰ কাহিনীৰ দৰে প্ৰেম আৰু বিবাহৰ কথাই লাভ কৰা চৰ্চাৰ কথা নিশ্চয় বহুতৰে মনত আছে। ২০১৮ চনত দুয়োৰে বিয়া হৈছিল আৰু দেশৰ বহু শীৰ্ষ ৰাজনীতিকেও অংশ লৈছিল। কিন্তু এই চেলিব্ৰিটি দম্পতীয়ে এতিয়া বিবাহ বিচ্ছেদ ঘটালে।

যিমান ধুমধামকৈ বিয়া পাতিছিল সমানেই সংগোপনে তেওঁলোকে যতি পেলালে বৈবাহিক জীৱনৰ। জয়পুৰৰ এখন ফেমিলি কোৰ্টে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ আবেদনত অনুমোদন জনায়। উমৈহতীয়া সন্মতিৰে তেওঁলোকে বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছিল। উল্লেখ্য যে, ২০১৫ চনৰ ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত টিনা দাবীয়ে শীৰ্ষস্থান অধিকাৰ কৰিছিল। অথৰ খানে লাভ কৰিছিল দ্বিতীয় স্থান। তাৰ পাছতে চলচ্চিত্ৰীয় ৰোমাঞ্চকৰ কাহিনীৰ দৰেই তেওঁলোকৰ প্ৰেমৰ সূত্ৰপাত আৰু ২০১৮চনত বিবাহ। কিন্তু দেশৰ অসামৰিক সেৱাৰ গুৰুত্বপূৰ্ণ প্ৰতিনিধি দুগৰাকীয়ে বিগত বৰ্ষৰ নৱেম্বৰ মাহত বিবাহ বিচ্ছেদৰ আৱেদন জনায়। ৰাজস্থান কেডাৰৰ বিষয়া দুগৰাকীৰ এই বিচ্ছেদে পুনৰ এবাৰ গুণগুণনিৰ সৃষ্টি কৰিছে।

সম্প্ৰতি ৰাজস্থানৰ জয়পুৰত টিনা দাবী কৰ্মৰত হৈ থকাৰ বিপৰীতে অথৰ খানে জম্মুত সেৱা আগবঢ়াই আছে। উল্লখ্য যে, নতুন দিল্লীৰ লেডী শ্ৰীৰাম কলেজৰ ছাত্ৰী টিনা দাবীয়ে প্ৰথমগৰাকী দলিত সম্প্ৰদায়ৰ প্ৰতিনিধি হিচাপে অসামৰিক সেৱাৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। প্ৰশিক্ষণৰ কালছোৱাত তেওঁ কাশ্মীৰৰ অনন্তনাগৰ অথৰ খানৰ সংস্পৰ্শলৈ আহে। তাৰ পাছৰ ছোৱা কাহিনী সকলোৰে বাবে ৰোমাঞ্চৰ বিষয় হৈ পৰিছিল যদিও এতিয়া তাৰ অন্ত পৰিল অতি সংগোপনে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ