--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাঁচখন ৰাজ্যত বিধানসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পাছত এতিয়া পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আলোকচিত্ৰ ক’ভিড-১৯ৰ ভেকচিনৰ প্ৰমাণপত্ৰত পুনৰ প্ৰকাশ কৰা হ’ব৷ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ বিধানসভা নিৰ্বাচন সমাপ্ত হোৱা পাঁচখন ৰাজ্যত ক’ভিড-১৯ৰ ভেকচিনৰ প্ৰমাণপত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আলোকচিত্ৰ পুনৰ প্ৰকাশ কৰাৰ পৰিকল্পনা কৰিছে। বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পাছত আৰু নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ পাছতে ৮ জানুৱাৰীত উত্তৰ প্ৰদেশ, গোৱা, উত্তৰাখণ্ড, পঞ্জাব আৰু মণিপুৰত কৰ’না ভেকচিনৰ প্ৰমাণপত্ৰত পৰা প্ৰধানমন্ত্ৰীৰ ফটো আঁতৰোৱা হৈছিল৷ অৱশ্যে, এতিয়া এই ৰাজ্যসমূহৰ বিধানসভা নিৰ্বাচন সমাপ্ত হোৱাৰ লগে লগে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই ভেকচিনৰ প্ৰমাণপত্ৰত প্ৰধানমন্ত্ৰীৰ ফটো পুনৰ মুদ্ৰণ কৰাটো পুনৰ আৰম্ভ কৰিব বিচাৰে বুলি এটা ৰাষ্ট্ৰীয় সংবাদ সংস্থাই প্ৰকাশ কৰিছে। তথ্য অনুসৰি, প্ৰমাণপত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ ফটো অন্তৰ্ভুক্ত কৰাৰ বাবে কো-উইন প্লেটফৰ্মত প্ৰয়োজনীয় পৰিৱৰ্তন কৰা হ’ব। ভাৰতৰ ক’ভিড ভেকচিন প্ৰমাণপত্ৰ মুঠ ১১৩খন দেশে গ্ৰহণ কৰিছে বুলি চৰকাৰী তথ্যত প্ৰকাশ। এতিয়ালৈকে, ১২ৰ পৰা ১৪বছৰ বয়সৰ লোকসকলৰ বাবে টিকাকৰণ অভিযানৰ আৰম্ভণিৰ পৰা ১.০৭ কোটিতকৈও অধিক কিশোৰ-কিশোৰীক ক’ভিড ভেকচিনৰ প্ৰথম পালি প্ৰদান কৰা হৈছে বুলি তথ্যত উল্লেখ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য