--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাঁচখন ৰাজ্যত বিধানসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পাছত এতিয়া পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আলোকচিত্ৰ ক’ভিড-১৯ৰ ভেকচিনৰ প্ৰমাণপত্ৰত পুনৰ প্ৰকাশ কৰা হ’ব৷ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ বিধানসভা নিৰ্বাচন সমাপ্ত হোৱা পাঁচখন ৰাজ্যত ক’ভিড-১৯ৰ ভেকচিনৰ প্ৰমাণপত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আলোকচিত্ৰ পুনৰ প্ৰকাশ কৰাৰ পৰিকল্পনা কৰিছে। বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পাছত আৰু নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ পাছতে ৮ জানুৱাৰীত উত্তৰ প্ৰদেশ, গোৱা, উত্তৰাখণ্ড, পঞ্জাব আৰু মণিপুৰত কৰ’না ভেকচিনৰ প্ৰমাণপত্ৰত পৰা প্ৰধানমন্ত্ৰীৰ ফটো আঁতৰোৱা হৈছিল৷ অৱশ্যে, এতিয়া এই ৰাজ্যসমূহৰ বিধানসভা নিৰ্বাচন সমাপ্ত হোৱাৰ লগে লগে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই ভেকচিনৰ প্ৰমাণপত্ৰত প্ৰধানমন্ত্ৰীৰ ফটো পুনৰ মুদ্ৰণ কৰাটো পুনৰ আৰম্ভ কৰিব বিচাৰে বুলি এটা ৰাষ্ট্ৰীয় সংবাদ সংস্থাই প্ৰকাশ কৰিছে। তথ্য অনুসৰি, প্ৰমাণপত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ ফটো অন্তৰ্ভুক্ত কৰাৰ বাবে কো-উইন প্লেটফৰ্মত প্ৰয়োজনীয় পৰিৱৰ্তন কৰা হ’ব। ভাৰতৰ ক’ভিড ভেকচিন প্ৰমাণপত্ৰ মুঠ ১১৩খন দেশে গ্ৰহণ কৰিছে বুলি চৰকাৰী তথ্যত প্ৰকাশ। এতিয়ালৈকে, ১২ৰ পৰা ১৪বছৰ বয়সৰ লোকসকলৰ বাবে টিকাকৰণ অভিযানৰ আৰম্ভণিৰ পৰা ১.০৭ কোটিতকৈও অধিক কিশোৰ-কিশোৰীক ক’ভিড ভেকচিনৰ প্ৰথম পালি প্ৰদান কৰা হৈছে বুলি তথ্যত উল্লেখ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ