--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ক্ষোভ-অসন্তুষ্টিত ফাটি পৰিছে এগৰাকী মুখ্যমন্ত্ৰী। ক্ষোভত তেওঁ কৈছে মোক জেললৈ প্ৰেৰণ কৰক। বাৰম্বাৰ তেওঁক ব্যতিব্যস্ত কৰি তোলা হৈছে নানা অবাঞ্চিত কাম-কাজেৰে। মন কৰিবলগীয়া কথাটো হৈছে যে এই কাম কৰিছে তেওঁৰ দলৰে পূৰ্বৰ সহযোগী দলৰ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰে।এসময়ত বিজেপিৰ সহযোগী দল শিৱসেনাই এতিয়া বিজেপিৰ বাবেই শান্তিত চৰকাৰ চলাব নোৱাৰা অৱস্থা হৈছে। নানা অভিযোগেৰে চৰকাৰখনক ব্যতিব্যস্ত কৰি তোলাৰ লগতে ইজনৰ পাছত সিজন নেতা-মন্ত্ৰীক বিভিন্ন অভিযোগেৰে ব্যতিব্যস্ত কৰাৰ লগতে বিভিন্ন কেন্দ্ৰীয় সংস্থাৰ তদন্ত চলাই থকা হৈছে। মহাৰাষ্ট্ৰৰ দুগৰাকী মন্ত্ৰী কাৰাবন্দী হ’বলগীয়া হৈছে। তাৰ এগৰাকী হৈছে মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখ। ধনৰ অবৈধ সৰবৰাহৰ গোচৰত তেওঁ কাৰাবন্দী হৈ আছে। আনগৰাকী হৈছে মন্ত্ৰী নৱাব মালিক। তেওঁৰ বিৰুদ্ধেও একেই অভিযোগ। ইডিয়ে গ্ৰেপ্তাৰ কৰিছে নৱাব মালিককো। কিন্তু ইয়াতেই সকলো শেষ হোৱা নাই। এইবাৰ স্বয়ং মুখ্যমন্ত্ৰীৰ ঘৰৰ আশে পাশে ঘূৰিবলৈ আৰম্ভ কৰিছে কেন্দ্ৰীয় সংস্থা। সাধাৰণতে এনে সংস্থাবোৰে স্বতন্ত্ৰভাৱে কাম কৰি অহাটোৱেই নিয়ম যদিও বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছতে এই নিয়ম সলনি হৈছে। এতিয়া কেন্দ্ৰীয় চৰকাৰৰ হাতৰ পুতলাত পৰিণত হোৱা বুলি ইডি, চিবিআইৰ দৰে সংস্থাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। যতেই চৰকাৰে পোন ৰাস্তাৰে ক্ষমতা হস্তগত কৰিবলৈ সক্ষম হোৱা নাই তাতেই এনে সংস্থাৰ হতুৱাই কাৰ্য সিদ্ধি কৰিবলৈ চেষ্টা কৰা হৈছে। মন কৰিবলগীয়া কথাটো হৈছে যে কেইদিনমানৰ আগতে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে মুকলিকৈ ভাবুকি দিছিল যে, মাতোশ্ৰী অৰ্থাত উদ্ধৱ থাকৰেৰ ঘৰৰ সদস্যৰ বিৰুদ্ধেও কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ নটিছ সাজু হৈছে। স্বতন্ত্ৰ সংস্থা একোটাৰ কাম-কাজৰ বিষয়ে আগতীয়াকৈ এগৰাকী মন্ত্ৰীয়ে সদৰি কৰাটো নিশ্চয় সন্দেহৰ আৱৰ্তলৈ আহিবলগীয়া কথা। আৰু সেইটোৱেই হৈছে। এতিয়া উদ্ধৱ থাকৰেৰ পৰিয়ালৰ সদস্যৰ বিৰু্দ্ধে উঠি পৰি লাগিছে ইডিৰ দৰে কেন্দ্ৰীয় সংস্থা। এটা কথা এইখিনিতে মন কৰা ভাল যে, বিজেপি চৰকাৰে তেওঁলোকৰ বিৰোধী দলৰ চৰকাৰ যতেই আছে তাতেই এনেদৰে ব্লেকমেইলিঙৰ ৰাজনীতি কৰি আছে। পশ্চিমবংগত মমতা বেনাৰ্জীৰ ভতিজাক তথা তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জীক জেৰাৰ পাছত জেৰা কৰি ব্যতিব্যস্ত কৰি তুলিছে। নতুন নতুন গোচৰ জাপি দি কেন্দ্ৰীয় সংস্থাই পত্নীসহ তেওঁলৈ জাননী জাৰি কৰি আছে। এইবাৰ মহাৰাষ্ট্ৰত উদ্ধৱ থাকৰেৰে খুলশালীয়েকৰ সম্পত্তি জব্দ কৰিছে ইডিএ। তেওঁৰ কেইবাকোটি টকা মূল্যৰ সম্পত্তি জব্দ কৰিছে ইডি-এ। অভিযোগ একেটাই, ধনৰ অবৈধ সৰবৰাহ। আৰু এনে পৰিস্থিতিৰ পাছতে ধৈৰ্য্যচ্যুতি ঘটিছে উদ্ধৱ থাকৰেৰ। এসময়ৰ সহযোগী দল বিজেপিৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ কৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ অতি ক্ষিপ্ত হৈ মন্তব্য কৰিছে যে, আপোনালোকে যদি ক্ষমতালৈ আহিব বিচাৰিছে তেন্তে ক্ষমতালৈ আহক। কিন্তু এনেবোৰ বিদ্বেষপূৰ্ণ কাম কৰি নাথাকিব। কেৱল মোৰেই নহয়, কাৰো পৰিয়ালৰ লোকক হাৰাশাস্তি নকৰিব। আমি আপোনালোকক পৰিয়ালৰ লোকক কেতিয়াও আমনি কৰা নাই। মই কোৱা নাই যে, আপোনালোকৰ পৰিয়ালৰ লোকে কোনো অনৈতিক কাম কৰিছে বা তেওঁলোকৰ লগত এনে কিবা আছে যাৰ বাবে আমি আপোনালোকক হাৰাশাস্তি কৰিম। আপোনালোকে যদিহে ক্ষমতালৈ অহাৰ বাবে আমাক জেললৈ প্ৰেৰণ কৰিব খুজিছে তেন্তে মোক জেললৈ প্ৰেৰণ কৰক। বিধানসভাত এই আবেগিক আহ্বান জনাইছে শিৱসেনাৰ মুৰব্বীগৰাকীয়ে। বিজেপিৰ পৃষ্ঠপোষকতাতে যে এনেদৰে মহাৰাষ্ট্ৰ মিত্ৰজোঁট চৰকাৰখনক বাৰম্বাৰ ব্যতিব্যস্ত কৰি থাকিব বিচৰা হৈছে সেয়া স্পষ্ট হৈ পৰিছে। এয়া দেশৰ এখন অতি গুৰুত্বপূৰ্ণ ৰাজ্য তথা দেশৰ বাবেও শুভ লক্ষণ নহয়। উল্লেখ্য যে, উদ্ধৱ থাকৰেৰ খুলশালী ৬ কোটিৰ অধিক মূল্যৰ সম্পত্তি জব্দ কৰা হৈছে। কিন্তু তাৰো আগতে আয়কৰ বিভাগে উদ্ধৱ থাকৰেৰ পুত্ৰৰ সৈতে সম্পৰ্ক থকা ভালেমান লোকৰ ঘৰত ধাৰাবাহিক অভিযান চলাইছিল। এই সকলোবোৰ পূৰ্ব পৰিকল্পিত কাণ্ড যেন সহজেই ধাৰণা কৰিব পাৰি। এনে অৰুচিকৰ কামত অতীষ্ঠ হৈয়েই উদ্ধব থাকৰেই বিজেপিক এনে চোকা বাৰ্তা দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখ্য যে, মহাৰাষ্ট্ৰত বিজেপিক আঁতৰাই শিৱসেনাই এনচিপি আৰু কংগ্ৰেছৰ লগ লাগি চৰকাৰ গঠন কৰাৰ পাছতে শিৱসেনা আৰু বিজেপি সন্মুখ সমৰত লিপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছিল। চৰকাৰে আধা কাৰ্যকাল অতিবাহিত কৰাৰ পাছতো তেওঁলোকক বিভিন্ন ধৰণে ব্যতিব্যস্ত কৰি ৰাখিছে বিজেপিয়ে। ৰাজনৈতিকভাৱে ব্যৰ্থ হোৱাৰ পাছতে এতিয়া তেওঁলোকে কেন্দ্ৰীয় সংস্থাক শিখণ্ডী সজাই ৰণ জিকিব খুজিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য