--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ক্ষোভ-অসন্তুষ্টিত ফাটি পৰিছে এগৰাকী মুখ্যমন্ত্ৰী। ক্ষোভত তেওঁ কৈছে মোক জেললৈ প্ৰেৰণ কৰক। বাৰম্বাৰ তেওঁক ব্যতিব্যস্ত কৰি তোলা হৈছে নানা অবাঞ্চিত কাম-কাজেৰে। মন কৰিবলগীয়া কথাটো হৈছে যে এই কাম কৰিছে তেওঁৰ দলৰে পূৰ্বৰ সহযোগী দলৰ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰে।এসময়ত বিজেপিৰ সহযোগী দল শিৱসেনাই এতিয়া বিজেপিৰ বাবেই শান্তিত চৰকাৰ চলাব নোৱাৰা অৱস্থা হৈছে। নানা অভিযোগেৰে চৰকাৰখনক ব্যতিব্যস্ত কৰি তোলাৰ লগতে ইজনৰ পাছত সিজন নেতা-মন্ত্ৰীক বিভিন্ন অভিযোগেৰে ব্যতিব্যস্ত কৰাৰ লগতে বিভিন্ন কেন্দ্ৰীয় সংস্থাৰ তদন্ত চলাই থকা হৈছে। মহাৰাষ্ট্ৰৰ দুগৰাকী মন্ত্ৰী কাৰাবন্দী হ’বলগীয়া হৈছে। তাৰ এগৰাকী হৈছে মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখ। ধনৰ অবৈধ সৰবৰাহৰ গোচৰত তেওঁ কাৰাবন্দী হৈ আছে। আনগৰাকী হৈছে মন্ত্ৰী নৱাব মালিক। তেওঁৰ বিৰুদ্ধেও একেই অভিযোগ। ইডিয়ে গ্ৰেপ্তাৰ কৰিছে নৱাব মালিককো। কিন্তু ইয়াতেই সকলো শেষ হোৱা নাই। এইবাৰ স্বয়ং মুখ্যমন্ত্ৰীৰ ঘৰৰ আশে পাশে ঘূৰিবলৈ আৰম্ভ কৰিছে কেন্দ্ৰীয় সংস্থা। সাধাৰণতে এনে সংস্থাবোৰে স্বতন্ত্ৰভাৱে কাম কৰি অহাটোৱেই নিয়ম যদিও বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছতে এই নিয়ম সলনি হৈছে। এতিয়া কেন্দ্ৰীয় চৰকাৰৰ হাতৰ পুতলাত পৰিণত হোৱা বুলি ইডি, চিবিআইৰ দৰে সংস্থাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। যতেই চৰকাৰে পোন ৰাস্তাৰে ক্ষমতা হস্তগত কৰিবলৈ সক্ষম হোৱা নাই তাতেই এনে সংস্থাৰ হতুৱাই কাৰ্য সিদ্ধি কৰিবলৈ চেষ্টা কৰা হৈছে। মন কৰিবলগীয়া কথাটো হৈছে যে কেইদিনমানৰ আগতে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে মুকলিকৈ ভাবুকি দিছিল যে, মাতোশ্ৰী অৰ্থাত উদ্ধৱ থাকৰেৰ ঘৰৰ সদস্যৰ বিৰুদ্ধেও কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ নটিছ সাজু হৈছে। স্বতন্ত্ৰ সংস্থা একোটাৰ কাম-কাজৰ বিষয়ে আগতীয়াকৈ এগৰাকী মন্ত্ৰীয়ে সদৰি কৰাটো নিশ্চয় সন্দেহৰ আৱৰ্তলৈ আহিবলগীয়া কথা। আৰু সেইটোৱেই হৈছে। এতিয়া উদ্ধৱ থাকৰেৰ পৰিয়ালৰ সদস্যৰ বিৰু্দ্ধে উঠি পৰি লাগিছে ইডিৰ দৰে কেন্দ্ৰীয় সংস্থা। এটা কথা এইখিনিতে মন কৰা ভাল যে, বিজেপি চৰকাৰে তেওঁলোকৰ বিৰোধী দলৰ চৰকাৰ যতেই আছে তাতেই এনেদৰে ব্লেকমেইলিঙৰ ৰাজনীতি কৰি আছে। পশ্চিমবংগত মমতা বেনাৰ্জীৰ ভতিজাক তথা তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জীক জেৰাৰ পাছত জেৰা কৰি ব্যতিব্যস্ত কৰি তুলিছে। নতুন নতুন গোচৰ জাপি দি কেন্দ্ৰীয় সংস্থাই পত্নীসহ তেওঁলৈ জাননী জাৰি কৰি আছে। এইবাৰ মহাৰাষ্ট্ৰত উদ্ধৱ থাকৰেৰে খুলশালীয়েকৰ সম্পত্তি জব্দ কৰিছে ইডিএ। তেওঁৰ কেইবাকোটি টকা মূল্যৰ সম্পত্তি জব্দ কৰিছে ইডি-এ। অভিযোগ একেটাই, ধনৰ অবৈধ সৰবৰাহ। আৰু এনে পৰিস্থিতিৰ পাছতে ধৈৰ্য্যচ্যুতি ঘটিছে উদ্ধৱ থাকৰেৰ। এসময়ৰ সহযোগী দল বিজেপিৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ কৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ অতি ক্ষিপ্ত হৈ মন্তব্য কৰিছে যে, আপোনালোকে যদি ক্ষমতালৈ আহিব বিচাৰিছে তেন্তে ক্ষমতালৈ আহক। কিন্তু এনেবোৰ বিদ্বেষপূৰ্ণ কাম কৰি নাথাকিব। কেৱল মোৰেই নহয়, কাৰো পৰিয়ালৰ লোকক হাৰাশাস্তি নকৰিব। আমি আপোনালোকক পৰিয়ালৰ লোকক কেতিয়াও আমনি কৰা নাই। মই কোৱা নাই যে, আপোনালোকৰ পৰিয়ালৰ লোকে কোনো অনৈতিক কাম কৰিছে বা তেওঁলোকৰ লগত এনে কিবা আছে যাৰ বাবে আমি আপোনালোকক হাৰাশাস্তি কৰিম। আপোনালোকে যদিহে ক্ষমতালৈ অহাৰ বাবে আমাক জেললৈ প্ৰেৰণ কৰিব খুজিছে তেন্তে মোক জেললৈ প্ৰেৰণ কৰক। বিধানসভাত এই আবেগিক আহ্বান জনাইছে শিৱসেনাৰ মুৰব্বীগৰাকীয়ে। বিজেপিৰ পৃষ্ঠপোষকতাতে যে এনেদৰে মহাৰাষ্ট্ৰ মিত্ৰজোঁট চৰকাৰখনক বাৰম্বাৰ ব্যতিব্যস্ত কৰি থাকিব বিচৰা হৈছে সেয়া স্পষ্ট হৈ পৰিছে। এয়া দেশৰ এখন অতি গুৰুত্বপূৰ্ণ ৰাজ্য তথা দেশৰ বাবেও শুভ লক্ষণ নহয়। উল্লেখ্য যে, উদ্ধৱ থাকৰেৰ খুলশালী ৬ কোটিৰ অধিক মূল্যৰ সম্পত্তি জব্দ কৰা হৈছে। কিন্তু তাৰো আগতে আয়কৰ বিভাগে উদ্ধৱ থাকৰেৰ পুত্ৰৰ সৈতে সম্পৰ্ক থকা ভালেমান লোকৰ ঘৰত ধাৰাবাহিক অভিযান চলাইছিল। এই সকলোবোৰ পূৰ্ব পৰিকল্পিত কাণ্ড যেন সহজেই ধাৰণা কৰিব পাৰি। এনে অৰুচিকৰ কামত অতীষ্ঠ হৈয়েই উদ্ধব থাকৰেই বিজেপিক এনে চোকা বাৰ্তা দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখ্য যে, মহাৰাষ্ট্ৰত বিজেপিক আঁতৰাই শিৱসেনাই এনচিপি আৰু কংগ্ৰেছৰ লগ লাগি চৰকাৰ গঠন কৰাৰ পাছতে শিৱসেনা আৰু বিজেপি সন্মুখ সমৰত লিপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছিল। চৰকাৰে আধা কাৰ্যকাল অতিবাহিত কৰাৰ পাছতো তেওঁলোকক বিভিন্ন ধৰণে ব্যতিব্যস্ত কৰি ৰাখিছে বিজেপিয়ে। ৰাজনৈতিকভাৱে ব্যৰ্থ হোৱাৰ পাছতে এতিয়া তেওঁলোকে কেন্দ্ৰীয় সংস্থাক শিখণ্ডী সজাই ৰণ জিকিব খুজিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ