--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰাজ্যৰ ৰাজনীতি আজি তোলপাৰ হৈ আছে ৰাজ্যসভা নিৰ্বাচনৰ প্ৰসংগক কেন্দ্ৰ কৰি। ৰাজ্যসভাৰ দুখন আসনৰ নিৰ্বাচনক লৈ তোলপাৰ লাগিছে ৰাজ্যৰ ৰাজনীতিত। আজি এই দুখন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পাছতে বিয়লি ৫ বজাত ভোট গণনাও সম্পূ্ৰ্ণ কৰা হ’ব। অৰ্থাৎ অসমৰ পৰা নিৰ্বাচন হ’বলগীয়া দুগৰাকী সাংসদ আজিয়েই নিৰ্বাচিত হ’ব উচ্চ সদনলৈ। কেৱল অসমেই নহয়, আজি ছখন ৰাজ্যৰ ১৩খন ৰাজ্যসভা আসনৰ বাবে আজি নিৰ্বাচন অনুষ্ঠিত হৈছে। ইয়াৰে পঞ্জাবৰ পৰা পাঁচগৰাকী, তিনিগৰাকী সদস্য কেৰালাৰ পৰা, দুগৰাকী অসমৰ পৰা আৰু হিমাচল প্ৰদেশ, নগালেণ্ড তথা ত্ৰিপুৰাৰ পৰা এগৰাকীকৈ সদস্য নিৰ্বাচিত হ’ব ৰাজ্যসভালৈ।

বাকী ৰাজ্যসমূহৰ কথা আমাৰ চৰ্চাৰ বিষয় নহয়। অসমৰ দুখন ৰাজ্যসভা আনক লৈহে চৰ্চা কৰিব বিচৰা হৈছে। শাসকীয় বিজেপি মিত্ৰজোঁটে দুয়োখন আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু দুয়োগৰাকী প্ৰাৰ্থী জয়ী হব বুলি আত্মবিশ্বাসী হৈ আছে। কি অংকৰে তেওঁলোকৰ দুয়োগৰাকী প্ৰাৰ্থী নিৰ্বাচিত হব পাৰে সেয়া পৰ্বান্তৰত আলোচনা কৰা হব। কংগ্ৰেছে এগৰাকী প্ৰাৰ্থীক ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে প্ৰক্ষেপ কৰিছে। এই প্ৰাৰ্থীগৰাকী হৈছে এতিয়াৰ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰা। সংখ্যাৰ ফালৰ পৰা বিবেচনা কৰিলে ৰিপুন বৰা ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ পৰা জয়ী হোৱাটো স্বাভাৱিক কথা। কিন্তু সেয়া হৈ উঠাৰ সম্ভাৱনা নাই। কিয়নো বিৰোধী শিবিৰত বিভাজন অনাৰ বাবে এতিয়া তীব্ৰ চেষ্টা চলোৱা হৈছে।

অসম বিধানসভাত কংগ্ৰেছৰ ২৭, এআইইউডিএফৰ ১৫, ৰাইজৰ দলৰ ১, চিপিআইএমৰ এজন বিধায়ককে ধৰি মুঠ বিৰোধী ৪৪ গৰাকী বিধায়ক আছে। অৰ্থাৎ ৪৪ টা ভোটেৰে দ্বিতীয়খন আসনত বিৰোধী দলৰ প্ৰাৰ্থী ৰিপুন বৰা জয়ী হোৱাটোত অস্বাভাৱিকতা একো নাই। কিন্তু সেয়া মূৰকত হৈ নুঠাৰে সম্ভাৱনা অধিক। কিয়নো বিৰোধী শিবিৰৰ পৰা ক্ৰছ ভোটিং হোৱাৰ সম্ভাৱনা তীব্ৰ হৈ উঠিছে। কংগ্ৰেছ-এআইইউডিএফৰ মাজৰ প্ৰকাশ্য মনোমালিন্যৰ লগতে কংগ্ৰেছৰে একাধিক বিধায়ক বিজেপিমুখী হৈ থকাৰ পৰিপ্ৰেক্ষিতত বিজেপি মিত্ৰজোঁটৰ দ্বিতীয়গৰাকী প্ৰাৰ্থী নিৰ্বাচিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

বিজেপিয়ে প্ৰথমখন আসনত প্ৰাৰ্থীত্ব দিছে পবিত্ৰ মাৰ্ঘেৰিটাক। তেওঁ অনায়াসেই জয়ী হৈ উচ্চসদন পোৱাটো নিশ্চিত হৈ পৰিছে। দ্বিতীয়খন আসনত বিজেপি মিত্ৰজোঁটে প্ৰক্ষেপ কৰিছে ইউপিপিএল নেতা ৰণগৌড়া নাৰ্জাৰীক। এই আসনখনতে তেওঁৰ বিপৰীতে প্ৰতিদ্বন্দ্বিতা কৰিছে ৰিপুন বৰাই। সংখ্যাৰ লেখেৰ ৰিপুন বৰাৰ বিজয় বৰ কঠিন হব নালাগে যদিও সাম্প্ৰতিক পৰিস্থিতিয়ে তেওঁৰ বিজয়ৰ বাটত হেঙাৰ বন্ধাটো একপ্ৰকাৰ নিশ্চিত বুলি প্ৰতিপন্ন কৰিছে। কিয়নো এতিয়া বিৰোধী জোঁটৰ মাজতে অৰিয়া-অঁৰি দেখিবলৈ পোৱা গৈছে। যিটো গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি খুব শুভ লক্ষণ বুলি বিবেচিত নহ’ব পাৰে।

নিৰ্বাচন ঘোষণা হোৱাৰ সময়ৰে পৰা শাসকীয় বিজেপি দলে অবাঞ্চিত আচৰণেৰে দুয়োখন আসন তেওঁলোকেই লাভ কৰিব বুলি দাবী কৰি আহিছে। মুকলিকৈয়ে বিৰোধী দলৰ বিধায়কে তেওঁলোকৰ প্ৰাৰ্থীক ভোট দিব বুলি দাবী কৰি একপ্ৰকাৰ মানসিক চাপ সৃষ্টিৰ প্ৰচেষ্টা চলোৱা হৈছে। দেখা গৈছে যে, মুখ্যমন্ত্ৰীকে ধৰি শাসকীয় দলৰ একাংশ বিধায়কে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বেই আৰু নিৰ্বাচন চলি থকাৰ সময়তো দলৰ বিজয় উল্লাস প্ৰকাশ কৰি একপ্ৰকাৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকে যেন উপহাস কৰিছে। যদি চলে বলে কৌশলে বিৰোধীৰ আসনখন তেওঁলোকে দখল কৰেই তেন্তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ গুৰু্ত্ব ক’ত থাকিল? বা এনে এটা মৰ্যাদাপূৰ্ণ নিৰ্বাচনৰ মৰ্যাদা ক’ত ৰক্ষা পৰিল?

জনগণে নিৰ্বাচন কৰা জনপ্ৰতিনিধিয়ে অন্ততঃ এনে অসাংবিধানিক তথা অগণতান্ত্ৰিক আচৰণ কৰাটো শোভা নাপায়। কিয়নো ইয়াৰ ব্যাপক প্ৰভাৱ পৰিব পাৰে সমগ্ৰ নিৰ্বাচনী ৰাজনীতিতে। সাধাৰণ নিৰ্বাচনবোৰত সাধাৰণ ভোটাৰক প্ৰভাৱিত কৰাৰ যি অভিযোগ সেয়া সদায়েই উঠে। কিন্তু এতিয়া জনপ্ৰতিনিধিৰ কিনা-বেচা আৰু তেওঁলোকক বিভিন্নধৰণে নিজৰ স্বাৰ্থৰ অনুকূলে ব্যৱহাৰ কৰাৰ শাসকীয় পক্ষৰ প্ৰচেষ্টা গণতন্ত্ৰৰ বাবে অশুভ লক্ষণ বিবেচিত হ’ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ