--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ বাবে মৰগীয়া বানচ ৩% বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰীয চৰকাৰে সদৰী কৰা তথ্য অনুসৰি, মৰগীয়া বানচ পূৰ্বৰ ৩১%ৰ পৰা ৩৪% লৈ বৃদ্ধি কৰা হৈছে। এয়া চলিত বৰ্ষৰ ৩১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব বুলি চৰকাৰে সদৰী কৰিছে৷

মৰগীয়া বানচ বৃদ্ধিয়ে কেৱল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলকেই লাভান্বিত কৰিব তেনে নহয়, কেন্দ্ৰীয় চৰকাৰৰ পৰা পেঞ্চন লাভ কৰা কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰ আৰু পাৰিবাৰিক পেঞ্চনাৰসকলকো লাভান্বিত কৰিব। কালি জাৰি কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক মৰগীয়া বানচৰ অতিৰিক্ত কিস্তি মুকলি কৰিবলৈ অনুমোদন জনাইছে৷

বিজ্ঞপ্তিটোত আৰু কোৱা হৈছে যে মৰগীয়া বানচৰ বাবে বছৰি ৯,৫৪৪.৫০ কোটি টকা ব্যয় হ’ব। এই নীতিয়ে প্ৰায় ৪৭.৬৮ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৬৮.৬২ লাখ পেঞ্চনাৰক লাভান্বিত কৰিব। বৰ্ধিত মুদ্ৰাস্ফীতিৰ ক্ষতিপূৰণৰ বাবে সাধাৰণতে চৰকাৰী কৰ্মচাৰীসকলে মৰগীয়া বানচ লাভ কৰে৷ আজি ঘোষণা কৰা সিদ্ধান্তই চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ হাতত অধিক ধন ৰাখিব।

জীৱন ধাৰণৰ ব্যয় মিলাবলৈ আৰু প্ৰকৃত মূল্যত তেওঁলোকৰ মৌলিক দৰমহা সুৰক্ষিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী/পেঞ্চনাৰসকলক মৰগীয়া বানচ প্ৰদান কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি, ভাৰতত ৪৭.১৪ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আছে৷ লগতে, কেন্দ্ৰীয় চৰকাৰৰ অধীনত ৬৮.৬২ লাখ পেঞ্চনাৰ আছে৷ আকৌ, ২০২০ বৰ্ষৰ তথ্য অনুসৰি ভাৰতৰ জনসংখ্যা প্ৰায় ১৩৮ কোটি৷ এই ১৩৮ কোটি জনসাধাৰণৰ মাজৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ আছে প্ৰায় ১ কোটি ১৫ লাখ ৭৬ হাজাৰ৷

এতিয়া প্ৰশ্ন হয়, কাৰ জেপ কাটি সন্তুষ্ট কৰি ৰখা হয় কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰক? উত্তৰটো তেনেই সৰল৷ ১৩৭ কোটি নাগৰিকৰ ওপৰত কৰ আৰু ঋণৰ বোজা জাপি দি সেই কৰেৰেই নিয়মিতভাৱে মৰগীয়া বানচ বঢ়াই দিয়া হয় কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক৷ তাৰ বিপৰীতে ১৩৭ কোটি জনসাধাৰণে দামবৃদ্ধি আৰু কৰৰ বোজাত ভাৰাক্ৰান্ত হৈ পৰিছে৷ কেন্দ্ৰীয় চৰকাৰে ক’ভিড কালত দেশত ৮০ কোটি দৰিদ্ৰ লোকক পাঁচ কিলোগ্ৰাম ৰেচন প্ৰদানেৰে প্ৰমাণ কৰিছিল দেশৰ ৮০ কোটি দৰিদ্ৰৰ বাস্তৱ ছবিখন৷

আকৌ, কেন্দ্ৰীয় চৰকাৰৰ তথ্যৰেই চালে দেখা যায় ভাৰতত প্ৰায় ৮৬ লাখ লোক বাস কৰে দৰিদ্ৰ সীমাৰেখাৰ তলত৷ এইসকল লোকে মাহত দহৰ পৰা বিশ কিলোগ্ৰাম পৰ্যন্ত খাদ্য সামগ্ৰী লাভ কৰে ৰেচন কাৰ্ডৰ মাধ্যমেৰে৷ অৰ্থাৎ, যিখন চৰকাৰে ৮৬ লাখ লোকৰ জীৱন মাহেকত দহ কিলোগ্ৰাম চাউল, আটা অথবা ঘেহুত পৰিসীমিত কৰি ৰাখিছে, সেই একেখন চৰকাৰেই জনতাক কৰৰ বোজা জাপি দি দেশৰ কৰ্তৃত্ব অৰ্পণ কৰিছে পুঁজিপতিৰ হাতত৷ আৰু শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে মৰগীয়া বানচ বৃদ্ধি কৰি চমক সৃষ্টিৰ চেষ্টা চলালেও অৰ্থনীতিৰ প্ৰকৃত ছবিখনে ভাৰতৰ সামাজিক প্ৰেক্ষাপটৰ কেতবোৰ নেদেখা দিশহে উন্মোচন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ