--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ বাবে মৰগীয়া বানচ ৩% বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰীয চৰকাৰে সদৰী কৰা তথ্য অনুসৰি, মৰগীয়া বানচ পূৰ্বৰ ৩১%ৰ পৰা ৩৪% লৈ বৃদ্ধি কৰা হৈছে। এয়া চলিত বৰ্ষৰ ৩১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব বুলি চৰকাৰে সদৰী কৰিছে৷

মৰগীয়া বানচ বৃদ্ধিয়ে কেৱল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলকেই লাভান্বিত কৰিব তেনে নহয়, কেন্দ্ৰীয় চৰকাৰৰ পৰা পেঞ্চন লাভ কৰা কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰ আৰু পাৰিবাৰিক পেঞ্চনাৰসকলকো লাভান্বিত কৰিব। কালি জাৰি কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক মৰগীয়া বানচৰ অতিৰিক্ত কিস্তি মুকলি কৰিবলৈ অনুমোদন জনাইছে৷

বিজ্ঞপ্তিটোত আৰু কোৱা হৈছে যে মৰগীয়া বানচৰ বাবে বছৰি ৯,৫৪৪.৫০ কোটি টকা ব্যয় হ’ব। এই নীতিয়ে প্ৰায় ৪৭.৬৮ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৬৮.৬২ লাখ পেঞ্চনাৰক লাভান্বিত কৰিব। বৰ্ধিত মুদ্ৰাস্ফীতিৰ ক্ষতিপূৰণৰ বাবে সাধাৰণতে চৰকাৰী কৰ্মচাৰীসকলে মৰগীয়া বানচ লাভ কৰে৷ আজি ঘোষণা কৰা সিদ্ধান্তই চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ হাতত অধিক ধন ৰাখিব।

জীৱন ধাৰণৰ ব্যয় মিলাবলৈ আৰু প্ৰকৃত মূল্যত তেওঁলোকৰ মৌলিক দৰমহা সুৰক্ষিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী/পেঞ্চনাৰসকলক মৰগীয়া বানচ প্ৰদান কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি, ভাৰতত ৪৭.১৪ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আছে৷ লগতে, কেন্দ্ৰীয় চৰকাৰৰ অধীনত ৬৮.৬২ লাখ পেঞ্চনাৰ আছে৷ আকৌ, ২০২০ বৰ্ষৰ তথ্য অনুসৰি ভাৰতৰ জনসংখ্যা প্ৰায় ১৩৮ কোটি৷ এই ১৩৮ কোটি জনসাধাৰণৰ মাজৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ আছে প্ৰায় ১ কোটি ১৫ লাখ ৭৬ হাজাৰ৷

এতিয়া প্ৰশ্ন হয়, কাৰ জেপ কাটি সন্তুষ্ট কৰি ৰখা হয় কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰক? উত্তৰটো তেনেই সৰল৷ ১৩৭ কোটি নাগৰিকৰ ওপৰত কৰ আৰু ঋণৰ বোজা জাপি দি সেই কৰেৰেই নিয়মিতভাৱে মৰগীয়া বানচ বঢ়াই দিয়া হয় কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক৷ তাৰ বিপৰীতে ১৩৭ কোটি জনসাধাৰণে দামবৃদ্ধি আৰু কৰৰ বোজাত ভাৰাক্ৰান্ত হৈ পৰিছে৷ কেন্দ্ৰীয় চৰকাৰে ক’ভিড কালত দেশত ৮০ কোটি দৰিদ্ৰ লোকক পাঁচ কিলোগ্ৰাম ৰেচন প্ৰদানেৰে প্ৰমাণ কৰিছিল দেশৰ ৮০ কোটি দৰিদ্ৰৰ বাস্তৱ ছবিখন৷

আকৌ, কেন্দ্ৰীয় চৰকাৰৰ তথ্যৰেই চালে দেখা যায় ভাৰতত প্ৰায় ৮৬ লাখ লোক বাস কৰে দৰিদ্ৰ সীমাৰেখাৰ তলত৷ এইসকল লোকে মাহত দহৰ পৰা বিশ কিলোগ্ৰাম পৰ্যন্ত খাদ্য সামগ্ৰী লাভ কৰে ৰেচন কাৰ্ডৰ মাধ্যমেৰে৷ অৰ্থাৎ, যিখন চৰকাৰে ৮৬ লাখ লোকৰ জীৱন মাহেকত দহ কিলোগ্ৰাম চাউল, আটা অথবা ঘেহুত পৰিসীমিত কৰি ৰাখিছে, সেই একেখন চৰকাৰেই জনতাক কৰৰ বোজা জাপি দি দেশৰ কৰ্তৃত্ব অৰ্পণ কৰিছে পুঁজিপতিৰ হাতত৷ আৰু শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে মৰগীয়া বানচ বৃদ্ধি কৰি চমক সৃষ্টিৰ চেষ্টা চলালেও অৰ্থনীতিৰ প্ৰকৃত ছবিখনে ভাৰতৰ সামাজিক প্ৰেক্ষাপটৰ কেতবোৰ নেদেখা দিশহে উন্মোচন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু