--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত কয় যে নিৰ্বাচনৰ ঠিক পাছতে মহিলা সংৰক্ষণ বিধেয়ক কাৰ্যকৰী কৰাৰ বাবে দেশত এক লোকপিয়ল সম্পন্ন কৰা হ’ব। তেওঁ লগতে কয় যে পৰৱৰ্তী চৰকাৰে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পাছতে বিধেয়কখন ৰূপায়ণত পলম হোৱাৰ আশংকা আঁতৰাই সীমা নিৰ্ধাৰণ কৰিব। 
মহিলা সংৰক্ষণ বিধেয়ক অনাৰ প্ৰক্ৰিয়া আৰু সময়ৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰি শ্বাহে কয়, মহিলা সাংসদসকলৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণ কৰিব লাগিব, গতিকে সেই আসনবোৰ কোনে নিৰ্ণয় কৰিব? প্ৰশ্নটো স্বচ্ছতাৰ। কোনেও পক্ষ লোৱা উচিত নহয়।
তেওঁ লগতে কয়, ছ’চিয়েল মিডিয়াত কিছুমান লোকে কৈছে যে এই বিধেয়কখন সমৰ্থন কৰা উচিত নহয়৷ কিয়নো অ’বিচি আৰু মুছলমানসকলৰ বাবে কোনো সংৰক্ষণ নাই। যদি আপুনি এই বিধেয়কখন সমৰ্থন নকৰে, সোনকালে সংৰক্ষণ হ‘ব নেকি? যদি আপুনি এই বিধেয়কখন সমৰ্থন কৰে, তেন্তে অন্ততঃ এটা গেৰাণ্টি থাকিব৷

শ্বাহে কয়, উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশ, নিৰ্বাচন আয়োগৰ প্ৰতিনিধি আৰু প্ৰতিটো ৰাজনৈতিক দলৰ এজন প্ৰতিনিধি আইনৰ নিৰ্দেশ অনুসৰি সীমা নিৰ্ধাৰণ আয়োগৰ অংশ হ’ব৷ মহিলা সংৰক্ষণ বিধেয়ক প্ৰৱৰ্তনক সমৰ্থন কৰি অমিত শ্বাহে কয়, বিধেয়কখনে দেশত সিদ্ধান্ত গ্ৰহণ আৰু নীতি নিৰ্ধাৰণত মহিলাসকলৰ অংশগ্ৰহণ নিশ্চিত কৰিব। মহিলা সংৰক্ষণ বিধেয়ক অনুসৰি, পৰৱৰ্তী জনসংখ্যা লোকপিয়ল সম্পূৰ্ণ হোৱাৰ পাছত হ’বলগীয়া লোকসভা সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণৰ পাছত ই কাৰ্যকৰী হ’ব।




অমিত শ্বাহে এইটোও কৈছিল যে মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন এয়ে প্ৰথমবাৰৰ বাবে নহয়। মহিলাৰ কোটা বিধেয়ক অনাৰ এয়া পঞ্চম প্ৰয়াস। দেৱগৌড়াজীৰ পৰা মনমোহন সিংজীলৈকে এই বিধেয়কখন অনাৰ চাৰিবাৰ প্ৰয়াস কৰা হৈছিল৷ এই বিধেয়কখন গৃহীত নোহোৱাৰ কাৰণ কি আছিল বুলি তেওঁ প্ৰশ্ন কৰে৷

লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাসকলৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা সাংবিধানিক সংশোধনী বিধেয়কখন মঙলবাৰে লোকসভাত উত্থাপন কৰা হয়। ভাৰতৰ ৯০জন সচিবৰ মাজত ৩ জন অ’বিচি থকা সন্দৰ্ভত ৰাহুল গান্ধীৰ মন্তব্যৰ বিৰোধিতা কৰি অমিত শ্বাহে কয়, কিছুমান লোকে ভাবে যে সচিবসকলে দেশ চলায়, কিন্তু মই ভাবো চৰকাৰে কাম কৰে। অ’বিচি সম্প্ৰদায়ৰ ৮৫জন বিজেপি সাংসদ আৰু ২৯জন মন্ত্ৰী আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু