--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্নিকট ২০২৪ৰ লোকসভা নিৰ্বাচন৷লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতৰ পাঁচখন ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন৷ইতিমধ্যে শাসক-বিৰোধী উভয় পক্ষই নিৰ্বাচনী যুজঁৰ ৰণকৌশল প্ৰস্তুত কৰি তুলিছে৷বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্যমঞ্চ I.N.D.I.A গঠন কৰা হৈছে৷

কিছুদিনৰ পূৰ্বে ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলৰ নেতা শাৰদ পাৱাৰৰ বাসগৃহত ইণ্ডিয়া মিত্ৰজোঁটৰ সমন্বয়ৰক্ষী সমিতিৰ বৈঠক অনুষ্ঠিত হয়৷য’ত আগন্তুক লোকসভা আৰু ৰাজ্যসমূহৰ বিধানসভা নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত সবিশেষ আলোচনা কৰা হয়৷

পৰিবৰ্তিত ৰূপত ভাৰতীয় ৰাজনীতিৰ প্ৰেক্ষাপট৷বিজেপিৰ বিৰুদ্ধে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে৷বিশেষকৈ ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো যাত্ৰা'ৰ পাছত  ৰাহুল গান্ধীৰ জনপ্ৰিয়তা দেশত বৃদ্ধি পাইছে৷ৰাহুল গান্ধীৰ এই ভাৰত জোড়ো যাত্ৰাৰ প্ৰভাৱৰ পাছতে দেশে কৰ্ণাটক বিধানসভা নিৰ্বাচনত বিজেপিৰ শোচনীয় পৰাজয় প্ৰত্যক্ষ কৰিছে৷ইতিমধ্যে সামাজিক মাধ্যমত 'মোদী উপাধি' গোচৰত  ৰাহুল গান্ধীৰ নাম সাঙোৰ খোৱাৰ পাছত জনপ্ৰিয়তা দুগুণে বৃদ্ধি পাইছে ৷






ৰাহুল গান্ধীৰ বাহিৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উদ্ভাসিত হৈ উঠা আন এজন নেতা কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ৷ সংসদৰ গ্ৰীষ্মকালীন অধিৱেশনৰ সময়চোৱাত  প্ৰধানমন্ত্ৰী মোদীক মণিপুৰ ঘটনাৰ ক্ষেত্ৰত মৌনতাৰ বাবে ক্ষুৰধাৰ সমালোচনা কৰে গগৈয়ে৷সংসদৰ সেই অধিৱেশনৰ সময়তে চৰকাৰৰ বিৰুদ্ধে গগৈ সৰব হৈ পৰে৷সংসদৰ সেই মজিয়াতে গৌৰৱ গগৈয়ে চৰকাৰৰ  বিৰুদ্ধে অনাস্থা প্ৰস্তাৱো উত্থাপন কৰে৷

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিগত দুই দশক প্ৰাসংগিক হৈ থকা আন এজন সাংসদ হ’ল শশী থাৰুৰ৷থাৰুৰ কেৰালাৰ থিৰুৱনন্তপুৰম লোকসভা সমষ্টিৰ সাংসদ৷থাৰুৰৰ কথনশৈলী আৰু বাকপটুতাই ইতিমধ্যে বহুতক নিশ্চুপ কৰি থৈছে৷কিন্তু লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপিৰ নেতাসকলৰ গোদী মিডিয়াত সাক্ষাৎকাৰ পৰিমাণ বৃদ্ধি পাইছে৷তদুপৰি ভাৰতৰ আগশাৰীৰ ইউটিউবাৰ সকলৰ সৈতে বিজেপিৰ প্ৰায়সকল নেতাক বাৰ্তালাপ কৰা দেখা যায়৷কিন্তু দুই এক চেনেল অথবা ইউটিউবাৰৰ বাহিৰে ৰাহুল গান্ধী অথবা গৌৰৱ গগৈক দেখা পোৱা হোৱা নাই৷যাৰ দ্বাৰা গোদী মিডিয়াৰ পক্ষপাতদুষ্ট ব্যৱহাৰ এতিয়া সুস্পষ্ট হৈ পৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু