--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্নিকট ২০২৪ৰ লোকসভা নিৰ্বাচন৷লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতৰ পাঁচখন ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন৷ইতিমধ্যে শাসক-বিৰোধী উভয় পক্ষই নিৰ্বাচনী যুজঁৰ ৰণকৌশল প্ৰস্তুত কৰি তুলিছে৷বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্যমঞ্চ I.N.D.I.A গঠন কৰা হৈছে৷

কিছুদিনৰ পূৰ্বে ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলৰ নেতা শাৰদ পাৱাৰৰ বাসগৃহত ইণ্ডিয়া মিত্ৰজোঁটৰ সমন্বয়ৰক্ষী সমিতিৰ বৈঠক অনুষ্ঠিত হয়৷য’ত আগন্তুক লোকসভা আৰু ৰাজ্যসমূহৰ বিধানসভা নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত সবিশেষ আলোচনা কৰা হয়৷

পৰিবৰ্তিত ৰূপত ভাৰতীয় ৰাজনীতিৰ প্ৰেক্ষাপট৷বিজেপিৰ বিৰুদ্ধে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে৷বিশেষকৈ ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো যাত্ৰা'ৰ পাছত  ৰাহুল গান্ধীৰ জনপ্ৰিয়তা দেশত বৃদ্ধি পাইছে৷ৰাহুল গান্ধীৰ এই ভাৰত জোড়ো যাত্ৰাৰ প্ৰভাৱৰ পাছতে দেশে কৰ্ণাটক বিধানসভা নিৰ্বাচনত বিজেপিৰ শোচনীয় পৰাজয় প্ৰত্যক্ষ কৰিছে৷ইতিমধ্যে সামাজিক মাধ্যমত 'মোদী উপাধি' গোচৰত  ৰাহুল গান্ধীৰ নাম সাঙোৰ খোৱাৰ পাছত জনপ্ৰিয়তা দুগুণে বৃদ্ধি পাইছে ৷






ৰাহুল গান্ধীৰ বাহিৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উদ্ভাসিত হৈ উঠা আন এজন নেতা কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ৷ সংসদৰ গ্ৰীষ্মকালীন অধিৱেশনৰ সময়চোৱাত  প্ৰধানমন্ত্ৰী মোদীক মণিপুৰ ঘটনাৰ ক্ষেত্ৰত মৌনতাৰ বাবে ক্ষুৰধাৰ সমালোচনা কৰে গগৈয়ে৷সংসদৰ সেই অধিৱেশনৰ সময়তে চৰকাৰৰ বিৰুদ্ধে গগৈ সৰব হৈ পৰে৷সংসদৰ সেই মজিয়াতে গৌৰৱ গগৈয়ে চৰকাৰৰ  বিৰুদ্ধে অনাস্থা প্ৰস্তাৱো উত্থাপন কৰে৷

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিগত দুই দশক প্ৰাসংগিক হৈ থকা আন এজন সাংসদ হ’ল শশী থাৰুৰ৷থাৰুৰ কেৰালাৰ থিৰুৱনন্তপুৰম লোকসভা সমষ্টিৰ সাংসদ৷থাৰুৰৰ কথনশৈলী আৰু বাকপটুতাই ইতিমধ্যে বহুতক নিশ্চুপ কৰি থৈছে৷কিন্তু লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপিৰ নেতাসকলৰ গোদী মিডিয়াত সাক্ষাৎকাৰ পৰিমাণ বৃদ্ধি পাইছে৷তদুপৰি ভাৰতৰ আগশাৰীৰ ইউটিউবাৰ সকলৰ সৈতে বিজেপিৰ প্ৰায়সকল নেতাক বাৰ্তালাপ কৰা দেখা যায়৷কিন্তু দুই এক চেনেল অথবা ইউটিউবাৰৰ বাহিৰে ৰাহুল গান্ধী অথবা গৌৰৱ গগৈক দেখা পোৱা হোৱা নাই৷যাৰ দ্বাৰা গোদী মিডিয়াৰ পক্ষপাতদুষ্ট ব্যৱহাৰ এতিয়া সুস্পষ্ট হৈ পৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ