--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্মুখত লোকসভা নিৰ্বাচন। এনে সময়তে পুনৰ বিপদত পৰিছে তৃণমূল কংগ্ৰেছৰ সাংসদ পদৰ প্ৰাৰ্থী মহুৱা মৈত্ৰ। ধনৰ বিনিময়ত সংসদত আদানী সন্দৰ্ভত প্ৰশ্ন কৰাৰ অভিযোগত সাংসদ পদ বাতিল হোৱা  তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে এইবাৰ চিবিআই তদন্তৰ নিৰ্দেশ দিছে লোকপালে ।  

 কৃষ্ণনগৰৰ তৃণমূল প্ৰাৰ্থী মহুৱা মৈত্ৰ লোকসভা নিৰ্বাচনৰ  পূৰ্বে সেয়ে  প্ৰচণ্ড চাপত পৰিবলগীয়া হৈছে । লোকপালে বহিষ্কৃত সাংসদগৰাকীৰ  বিৰুদ্ধে চিবিআই তদন্তৰ নিৰ্দেশ দিছে। বিজেপি সাংসদ নিশিকান্ত দুবেৰ অভিযোগৰ ভিত্তিত লোকপালে টিএমচি নেত্ৰীগৰাকীৰ  বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোক তদন্তৰ নিৰ্দেশ দিছে। লোকপালে  চিবিআইক ছমাহৰ ভিতৰত তদন্তৰ প্ৰাথমিক প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিছে। 

নিশিকান্তই  অভিযোগ কৰিছিল যে মৈত্ৰই ৰাষ্ট্ৰীয় সুৰক্ষা বন্ধক ৰাখি দুৰ্নীতি কৰিছিল। সেয়ে তেওঁৰ বিৰুদ্ধে এটা অপৰাধমূলক গোচৰ ৰুজু হ’ব লাগে। অভিযোগসমূহ গুৰুত্ব সহকাৰে লৈ  লোকপালে টিএমচি নেত্ৰীগৰাকীৰ  বিৰুদ্ধে চিবিআই তদন্তৰ নিৰ্দেশ দিয়ে। মন কৰিকৰিব লগীয়া যে ইডিয়ে ইতিমধ্যে মহুৱাৰ বিৰুদ্ধে তদন্ত কৰি আছে। পূৰ্বে লোকসভাৰ এথিক্স সমিতিৰ মুৰব্বী আৰু বিজেপি সাংসদ বিজয় সোণকাৰে  টিএমচিৰ সাংসদগৰাকীৰ  বিৰুদ্ধে সংসদত  প্ৰতিবেদন দাখিল কৰিছিল। প্ৰতিবেদনখনত  পৰামৰ্শ দিয়া হৈছিল  যে মহুৱাক এগৰাকী সাংসদ হিচাপে অযোগ্য ঘোষণা কৰা উচিত। এথিক্স সমিতিৰ প্ৰতিবেদন  দাখিলৰ পিছতে সংদত তীব্ৰ হুলস্থূল আৰম্ভ হৈছিল ।

 ইয়াৰ পিছত সংসদৰ নিয়ম অনুসৰণ কৰি ধ্বনি ভোটৰ জড়িয়তে  সিদ্ধান্ত লোৱা হৈছিল   যে মহুৱা মৈত্ৰৰ সাংসদ পদ অযোগ্য ঘোষণা কৰাৰ লগতে সেয়া বাতিল কৰা  হৈছে।  সদত আদানীৰ বিৰুদ্ধে প্ৰশ্ন কৰিবলৈ টকাকে ধৰি আন বহু সুবিধা গ্ৰহণ কৰিছিল বুলি মহুৱাৰ বিৰুদ্ধে অভিযোগ আনিছিল উদ্যোগপতি দৰ্শন হিৰানন্দনীয়ে । মহুৱাৰ বিৰুদ্ধে এনে বিস্ফোৰক অভিযোগ উত্থাপন হোৱাৰ সময়তে মহুৱা মৈত্ৰই  এক্স হেণ্ডেলত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। সংবাদ মাধ্যমত প্ৰচাৰিত এক বিবৃতিত হিৰানন্দনীয়ে দাবী কৰে যে মহুয়াই ব্যৱসায়িক লাভালাভ প্ৰদানৰ নামত তেওঁৰ পৰা বহু  সুবিধা লৈছিল। অৱশ্যে টিএমচিৰ সাংসদগৰাকীয়ে  বিবৃতিটোৰ সত্যতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে।

মহুয়া মৈত্ৰই হিৰানন্দনী গোটৰ পৰা ধন লৈ আদানি গোটৰ বিষয়ে সংসদত  প্ৰশ্ন কৰিছিল বুলি বিজেপি সাংসদ নিশিকান্ত দুবেই অভিযোগ কৰাৰ পিছতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।  ইয়াৰ দুদিনৰ পিছত শ্বেতপত্ৰত লিখা দৰ্শন হিৰানন্দনীৰ এটা বিবৃতি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ভাইৰেল হৈ পৰে। সেই বিবৃতিত, দৰ্শনে (দৰ্শন হিৰানন্দনী) মহুৱাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। তেওঁৰ মন্তব্যই   বিজেপি সাংসদগৰাকীৰ  অভিযোগক বৈধতা প্ৰদান কৰে। অৱশ্যে, বিবৃতিটোৰ সত্যতা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে মহুৱাই। বিবৃতিটো অনুসৰি, দৰ্শন হিৰানন্দনীয়ে ব্যৱসায়িক লাভালাভ পোৱাৰ আশাত মহুৱাক বহু   লাভালাভ প্ৰদান কৰিছে।  যেনে অতি ব্যয়বহুল উপহাৰ, বিদেশ ভ্ৰমণৰ  খৰচ, দিল্লীত বাংলো মেৰামতিৰ খৰচ আদি দিয়া। একে সময়তে, বিবৃতিটোত দাবী কৰা হৈছে যে মহুৱাই  দৰ্শন হিৰানন্দনীয়ে সংসদৰ ৱেবছাইটত লগ ইন কৰিবলৈ তাৰ পাছৱৰ্ডো দৰ্শনক দিছিল।  

মহুৱাৰ হৈ তেওঁৱেই গৌতম আদানি আৰু আদানি উদ্যোগৰ বিৰুদ্ধে লোকসভাৰ ৱেবছাইটত প্ৰশ্ন পোষ্ট কৰিছিল বুলি অভিযোগ উঠিছিল। বিষয়টো শেষত সংসদৰ এথিক্স সমিতিলৈ ঠেলি দিয়া হৈছিল আৰু এথিক্স সমিতিয়ে  সংসদত এই সম্পৰ্কীয় প্ৰতিবেদন দাখিল কৰাৰ পিছতে মহুৱাৰ সাংসদ পদ খাৰিজ কৰা হৈছিল।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement