--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্জাৱৰ বিখ্যাত প্ৰয়াত কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ মাতৃ চৰণ কৌৰে শেহতীয়াকৈ এটি পুত্ৰ সন্তান জন্ম দিছে। একমাত্ৰ পুত্ৰ সিদ্ধুৰ মৃত্যুৰ পাছত পুনৰ সন্তান জন্ম দিয়াৰ সিদ্ধান্ত লয় পিতৃ-মাতৃয়ে। গৰ্ভাৱস্থাৰ বাবে ইন ভিট্ৰ’ ফাৰ্টিলাইজেচন অৰ্থাৎ আইভিএফ কৌশলৰ আশ্ৰয় লয় চৰণ কৌৰে। বৰ্তমান চৰণ কৌৰৰ বয়স ৫৮ বছৰ। মৃ্ত্যুৰ সময়ত সিদ্ধু মুছেৱালাৰ বয়স আছিল ২৯ বছৰ।

এতিয়া সিদ্ধুৰ মাতৃ চৰণ কৌৰৰ জীৱনলৈ এটা নতুন সমস্যা আহিছে। ৫৮ বছৰ বয়সত সন্তান জন্ম দিয়াক কেন্দ্ৰ কৰি বুধবাৰে স্বাস্থ্য মন্ত্ৰালয়ে সিদ্ধু মুছেৱালাৰ মাতৃ আৰু পঞ্জাৱ চৰকাৰৰ পৰা আইভিএফ চিকিৎসা সন্দৰ্ভত প্ৰতিবেদন বিচাৰিছে।

পঞ্জাৱ চৰকাৰৰ পৰা আইভিএফ চিকিৎসা সন্দৰ্ভত এক প্ৰতিবেদন বিচাৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে পঞ্জাৱ চৰকাৰক শীঘ্ৰে প্ৰতিবেদন দাখিল কৰিবলৈ পত্ৰ লিখিছে। এই চিঠিখনত চৰণ কৌৰৰ বয়স সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা হৈছে।

চিঠিখনত কি ক’লে স্বাস্থ্য মন্ত্ৰালয়ে?

স্বাস্থ্য মন্ত্ৰালয়ৰ পত্ৰত উল্লেখ কৰা হৈছে যে পঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ মাতৃ চৰণ কৌৰে ৫৮ বছৰ বয়সত আইভিএফৰ জৰিয়তে এটা সন্তান জন্ম দিছে। সহায়ক প্ৰজনন প্ৰযুক্তি (নিয়ন্ত্ৰণ) আইন, ২০২১ৰ ২১(ছ) (i) ধাৰাত এই প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ এগৰাকী মহিলাৰ নিৰ্ধাৰিত বয়স ২১ৰ পৰা ৫০ বছৰৰ ভিতৰত হ’ব লাগিব। এই বিষয়টোৰ তদন্ত কৰি এ আৰ টি (নিয়ন্ত্ৰণ) আইন, ২০২১ অনুসৰি এই বিষয়ত গ্ৰহণ কৰা ব্যৱস্থাৰ প্ৰতিবেদন প্ৰেৰণ কৰিব লাগিব।

ইয়াৰ পূৰ্বে সিদ্ধু মুছেৱালাৰ পিতৃ বালকৌৰ সিং সিদ্ধুৱে পঞ্জাৱ চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল। তেওঁ ভিডিঅ’ এটা মুকলি কৰি কয় যে ''পঞ্জাৱ চৰকাৰে মোক অহৰহ হাৰাশাস্তি কৰি আছে আৰু আমাৰ নৱজাতক পুত্ৰ সন্তান বৈধ হয় নে নহয় তাৰ প্ৰমাণ বিচাৰি আছে। চৰকাৰৰ এই প্ৰশ্নই মোক বহুত অশান্তি দিছে।''


আইভিএফ কি?

আইভিএফক সাধাৰণতে টেষ্ট টিউব বেবী বা কৃত্ৰিম গৰ্ভাৱস্থা বুলিও কোৱা হয়। প্ৰাকৃতিকভাৱে গৰ্ভধাৰণ কৰিব নোৱাৰা মহিলাসকলৰ বাবে আইভিএফ হৈছে গৰ্ভধাৰণৰ এক পদ্ধতি। মহিলাগৰাকীৰ শৰীৰে ডিম্ব নিষিক্ত কৰাত ব্যৰ্থ হ’লে পৰীক্ষাগাৰত নিষিক্ত কৰা হয়। ইয়াত মহিলাৰ শৰীৰৰ পৰা ডিম্বাণু আৰু পুৰুষৰ শৰীৰৰ পৰা শুক্ৰাণু লোৱা হয়, তাৰ পিছত দুয়োটাকে লেবত নিষিক্ত কৰা হয়। ইয়াৰ পৰা এটা ভ্ৰূণ গঠন হয়, যিটো মহিলাগৰাকীৰ জৰায়ুত সংস্থাপন কৰা হয়।


ভাৰতত আইভিএফ সন্দৰ্ভত কি কি নিয়ম?

আইভিএফ প্ৰযুক্তিৰ জৰিয়তে ৬০, ৭০, ৮০ বছৰ বয়সতো শিশু জন্ম হ’ব পাৰে, কিন্তু ভাৰতৰ নিয়ম অনুসৰি ইয়াত ইমান বয়সত সন্তান জন্ম দিয়াৰ অনুমতি নাই। ভাৰতত ২০২১ চনত গৃহীত হোৱা আইন ‘Assisted Reproductive Technology (Regulation) Act, 2021’ অনুসৰি মহিলাসকলক IVF চিকিৎসাৰ জৰিয়তে ৫০ বছৰ বয়সলৈকে মাতৃ হোৱাৰ অনুমতি দিয়া হৈছে, আনহাতে পুৰুষসকলে এই কৌশলেৰে ৫৫ বছৰলৈকে পিতৃ হ’ব পাৰে। আনহাতে সিদ্ধু মুছেৱালাৰ পিতৃৰ বয়স এতিয়া ৬০ বছৰৰো অধিক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু