--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনী বণ্ডৰ সবিশেষ তথ্য আজি প্ৰকাশ কৰা হয়। ।সেইমৰ্মে দেশৰ সাতটা বিৰোধী দলে একেলগে মুঠ ৬,১৮৬ কোটি টকাৰ  নিৰ্বাচনী বণ্ড সংগ্ৰহ কৰিছিল। কিন্তু ইয়াৰ বিপৰীতে  কেৱল বিজেপিয়ে  ৬,৯৮৬.৫ কোটি টকা নিৰ্বাচনী বণ্ডৰ নামত সংগ্ৰহণ কৰিছিল।  নিৰ্বাচন আয়োগে দেওবাৰে নিৰ্বাচনী বণ্ডৰ পৰা কোনো এটা  দলে কিমান টকা উপাৰ্জন কৰিছিল তাৰ তথ্য প্ৰকাশ কৰে।

 তাতেই এই পৰিসংখ্যাবোৰ পোহৰলৈ  আহিছে। বিৰোধীয়ে আগতে অভিযোগ কৰিছিল যে গেৰুৱা দলটোৱেই "অসাংবিধানিক" বুলি আদালতে চিহ্নিত কৰা  নিৰ্বাচনী বণ্ডৰ পৰা সৰ্বাধিক উপাৰ্জন কৰিছিল।

নিৰ্বাচন আয়োগে দেওবাৰে এক বিবৃতিত কয়  যে ৰাজনৈতিক দলসমূহে উচ্চতম ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন আদেশ অনুসৰণ কৰি নিৰ্বাচনী বণ্ডৰ তথ্য দাখিল কৰিছে। এই তথ্য   দেওবাৰে আয়োগৰ অফিচিয়েল ৱেবছাইটত আপলোড কৰা হয়। ৱেবচাইটত  ৰাজনৈতিক দলৰ দ্বাৰা জাৰি কৰা নিৰ্বাচনী বণ্ডৰ তথ্য, তাৰিখ আৰু বণ্ডৰ পৰিমাণৰ কথা উল্লেখ আছে ।  ভাৰতীয় ষ্টেট বেঙ্কৰ (এছ.বি.আই.) কোনটো শাখাত বণ্ডবোৰ আছিল, ক্ৰয়ৰ তাৰিখ আৰু সেইবোৰ ৰাজনৈতিক দলবোৰে লাভ  কৰাৰ তাৰিখ আদিও উল্লেখ কৰা হৈছে।
 এই বণ্ডবোৰৰ জৰিয়তে কোনটো দলে কিমান টকা লাভ কৰিছে? বিজেপিয়ে বণ্ডৰ পৰা সৰ্বাধিক উপাৰ্জন কৰিছে। ৬,৯৮৬.৫ কোটি টকা গেৰুৱা শিবিৰৰ ভাণ্ডাৰলৈ গৈছে। তালিকাখনত তৃণমূল কংগ্ৰেছ (১,৩৯৭ কোটি টকা), কংগ্ৰেছ (১,৩৩৪ কোটি টকা) , ওড়িশাৰ  শাসনাধিষ্ঠ বিজেডি (৯৪৪.৫ কোটি টকা), তামিলনাডুৰ ডিএমকে (৬৫৬.৫ কোটি টকা) আৰু অন্ধ্ৰ প্ৰদেশৰ ৱাইএছআৰ কংগ্ৰেছ (৪৪২.৮ টকা) উপাৰ্জন কৰাৰ তথ্য  অন্তৰ্ভুক্ত হৈ  আছে। জেডিএছে লাভ কৰা ৮৯.৭৫  কোটি টকাৰ ভিতৰত, মেঘা ইঞ্জিনিয়াৰিঙে  ৫০  কোটি টকা পৰিশোধ কৰিছিল। প্ৰতিষ্ঠানটো নিৰ্বাচনী বণ্ড ক্ৰয় কৰাত দ্বিতীয় স্থানত আছে।  ডিএমকেৰ ৩৭ শতাংশ নিৰ্বাচনী বণ্ডৰ  অনুদান ফিউচাৰ গেমিঙৰ পৰা আহিছিল। নিৰ্বাচন আয়োগে শনিবাৰে লোকসভা নিৰ্বাচন ২০২৪ ৰ সময়সূচী ঘোষণা কৰিছে। নিৰ্বাচনী  আচৰণ বিধি কাৰ্যকৰী হোৱাৰ পিছতে  নিৰ্বাচনী বণ্ডৰ বিৱৰণ আজি প্ৰকাশ কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী