--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনী বণ্ডৰ সবিশেষ তথ্য আজি প্ৰকাশ কৰা হয়। ।সেইমৰ্মে দেশৰ সাতটা বিৰোধী দলে একেলগে মুঠ ৬,১৮৬ কোটি টকাৰ  নিৰ্বাচনী বণ্ড সংগ্ৰহ কৰিছিল। কিন্তু ইয়াৰ বিপৰীতে  কেৱল বিজেপিয়ে  ৬,৯৮৬.৫ কোটি টকা নিৰ্বাচনী বণ্ডৰ নামত সংগ্ৰহণ কৰিছিল।  নিৰ্বাচন আয়োগে দেওবাৰে নিৰ্বাচনী বণ্ডৰ পৰা কোনো এটা  দলে কিমান টকা উপাৰ্জন কৰিছিল তাৰ তথ্য প্ৰকাশ কৰে।

 তাতেই এই পৰিসংখ্যাবোৰ পোহৰলৈ  আহিছে। বিৰোধীয়ে আগতে অভিযোগ কৰিছিল যে গেৰুৱা দলটোৱেই "অসাংবিধানিক" বুলি আদালতে চিহ্নিত কৰা  নিৰ্বাচনী বণ্ডৰ পৰা সৰ্বাধিক উপাৰ্জন কৰিছিল।

নিৰ্বাচন আয়োগে দেওবাৰে এক বিবৃতিত কয়  যে ৰাজনৈতিক দলসমূহে উচ্চতম ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন আদেশ অনুসৰণ কৰি নিৰ্বাচনী বণ্ডৰ তথ্য দাখিল কৰিছে। এই তথ্য   দেওবাৰে আয়োগৰ অফিচিয়েল ৱেবছাইটত আপলোড কৰা হয়। ৱেবচাইটত  ৰাজনৈতিক দলৰ দ্বাৰা জাৰি কৰা নিৰ্বাচনী বণ্ডৰ তথ্য, তাৰিখ আৰু বণ্ডৰ পৰিমাণৰ কথা উল্লেখ আছে ।  ভাৰতীয় ষ্টেট বেঙ্কৰ (এছ.বি.আই.) কোনটো শাখাত বণ্ডবোৰ আছিল, ক্ৰয়ৰ তাৰিখ আৰু সেইবোৰ ৰাজনৈতিক দলবোৰে লাভ  কৰাৰ তাৰিখ আদিও উল্লেখ কৰা হৈছে।
 এই বণ্ডবোৰৰ জৰিয়তে কোনটো দলে কিমান টকা লাভ কৰিছে? বিজেপিয়ে বণ্ডৰ পৰা সৰ্বাধিক উপাৰ্জন কৰিছে। ৬,৯৮৬.৫ কোটি টকা গেৰুৱা শিবিৰৰ ভাণ্ডাৰলৈ গৈছে। তালিকাখনত তৃণমূল কংগ্ৰেছ (১,৩৯৭ কোটি টকা), কংগ্ৰেছ (১,৩৩৪ কোটি টকা) , ওড়িশাৰ  শাসনাধিষ্ঠ বিজেডি (৯৪৪.৫ কোটি টকা), তামিলনাডুৰ ডিএমকে (৬৫৬.৫ কোটি টকা) আৰু অন্ধ্ৰ প্ৰদেশৰ ৱাইএছআৰ কংগ্ৰেছ (৪৪২.৮ টকা) উপাৰ্জন কৰাৰ তথ্য  অন্তৰ্ভুক্ত হৈ  আছে। জেডিএছে লাভ কৰা ৮৯.৭৫  কোটি টকাৰ ভিতৰত, মেঘা ইঞ্জিনিয়াৰিঙে  ৫০  কোটি টকা পৰিশোধ কৰিছিল। প্ৰতিষ্ঠানটো নিৰ্বাচনী বণ্ড ক্ৰয় কৰাত দ্বিতীয় স্থানত আছে।  ডিএমকেৰ ৩৭ শতাংশ নিৰ্বাচনী বণ্ডৰ  অনুদান ফিউচাৰ গেমিঙৰ পৰা আহিছিল। নিৰ্বাচন আয়োগে শনিবাৰে লোকসভা নিৰ্বাচন ২০২৪ ৰ সময়সূচী ঘোষণা কৰিছে। নিৰ্বাচনী  আচৰণ বিধি কাৰ্যকৰী হোৱাৰ পিছতে  নিৰ্বাচনী বণ্ডৰ বিৱৰণ আজি প্ৰকাশ কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু