--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ দিন শনিবাৰে ঘোষণা কৰা হ’ল। ভোটদান প্ৰক্ৰিয়াৰ সময়ত প্ৰতিজন ভোটাৰে ভোটকেন্দ্ৰত এক বৈধ পৰিচয় সম্পৰ্কীয় নথি উপস্থাপন কৰিব লাগিব। ইয়াৰ অৰ্থ হৈছে ভোটাৰ তালিকাত লিপিবদ্ধ কৰা তথ্যৰ সৈতে মিলাই চাই  তেওঁলোকৰ পৰিচয় পৰীক্ষা কৰিব পৰাটো নিশ্চিত কৰা।

নিৰ্বাচন আয়োগে ভোটকেন্দ্ৰত ভোটাৰসকলে উপস্থাপন কৰিব পৰা চিনাক্তকৰণৰ বাবে গ্ৰহণযোগ্য 1১১ বিধ  নথি পত্ৰৰ কথা উল্লেখ কৰিছে। ভোট দিবলৈ প্ৰয়োজনীয় সেই  বৈধ নথিপত্ৰবোৰ কি? আপুনি আপোনাৰ ভোট দিবলৈ নিম্নলিখিত যিকোনো এবিধ  পৰিচয় নথি পত্ৰ ভোটকেন্দ্ৰলৈ কঢ়িয়াই নিব পাৰে

১. পাছপোৰ্ট
২. ড্ৰাইভিং লাইচেঞ্চ
৩. কৰ্মচাৰীসকলক প্ৰদান  কৰা ফটোগ্ৰাফৰ সৈতে  পৰিচয় পত্ৰ
৪. বেঙ্ক/ডাকঘৰৰ দ্বাৰা জাৰি  কৰা আলোকচিত্ৰৰ সৈতে পাছবুক।
৫.পান কাৰ্ড
৬. এনপিআৰৰ অধীনত আৰজিআইয়ে জাৰি কৰা স্মাৰ্ট কাৰ্ড
৭.এম.এন.আৰ.ই.জি.এ. জব কাৰ্ড
৮. শ্ৰম মন্ত্ৰালয়ৰ আঁচনিৰ অধীনত জাৰি কৰা স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড।
৯. ফটোগ্ৰাফৰ সৈতে পেঞ্চনৰ নথি
১০. আধাৰ কাৰ্ড
১১. সামাজিক ন্যায় আৰু সশক্তিকৰণ মন্ত্ৰালয়ৰ দ্বাৰা জাৰি কৰা  বিকলাঙ্গতা আইডি (ইউডিআইডি)।

লোকসভা নিৰ্বাচন ১৯ এপ্ৰিলৰ পৰা সাতটা পৰ্যায়ত অনুষ্ঠিত হ'ব।১৯  এপ্ৰিলৰ পৰা আৰম্ভ হোৱা, পৰৱৰ্তী পৰ্যায়বোৰ ২৬ এপ্ৰিল, ৭ মে’, ১৩ মে’, ২০  মে’ ২৫ মে'ত হ'ব আৰু অৱশেষত ১ জুন, ২০২৪ত সমাপ্ত হ'ব। ভোটগণনা ৪ জুনত  অনুষ্ঠিত হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী