--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনী বণ্ডক অসাংবিধানিক আখ্যা দি ইয়াক নিষিদ্ধ কৰিবলৈ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ে এতিয়া বিমোৰত পেলাইছে বহু ৰাজনৈতিক দলক।এনে সময়তে প্ৰশ্ন উত্থাপন হৈছে নিৰ্বাচন আয়োগে উচ্চতম ন্যায়ালয়ৰ ৰায় কাৰ্যকৰী কৰিবনে? এই বিষয়ত শেহতীয়াকৈ নিৰ্বাচন আয়োগে  মুখ খুলিছে।  নিৰ্বাচন আয়োগে স্পষ্ট কৰি দিছে যে উচ্চতম ন্যায়ালয়ৰ ৰায় কাৰ্যকৰী কৰাত আয়োগৰ কোনো আপত্তি নাই।  আয়োগে কৈছে যে ই সদায় স্বচ্ছতাৰ পক্ষত থাকিব । আয়োগে কয়- আমি উচ্চতম ন্যায়ালয়ৰ আদেশ পোৱাৰ পিছত, সেই অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিম। 

উল্লেখ্য বৃহস্পতিবাৰে এক ঐতিহাসিক ৰায়ত উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠে নিৰ্বাচনী বণ্ডক অসাংবিধানিক বুলি ঘোষণা কৰিছিল। ন্যায়ালয়ে  কৈছিল যে ৰাজনৈতিক দলবোৰে যোৱা পাঁচ বছৰত কোনবোৰ ঔদ্যোগিক গোটৰ পৰা কিমান টকা লাভ কৰিছে সেয়া মাৰ্চ মাহত ৰাজহুৱা কৰিব লাগিব।উচ্চতম  ন্যায়ালয়ে ভাৰতীয় ষ্টেট বেংকক নিৰ্বাচনী বণ্ড ক্ৰয় কৰা কোম্পানীবোৰৰ বিৱৰণ নিৰ্বাচন আয়োগক দাখিল কৰিবলৈও নিৰ্দেশ দিছিল। নিৰ্বাচন আয়োগক তেনে তথ্যসমূহ  ৱেবছাইটত প্ৰকাশ কৰিবলৈও ন্যায়ালয়ে  নিৰ্দেশ দিছিল। 
 অৰ্থাৎ,লোকসভা নিৰ্বাচনৰ পূৰ্বে যোৱা পাঁচ বছৰত এটা ৰাজনৈতিক দলে কোনো   সংস্থাৰ পৰা কিমান টকা লাভ কৰিছে সেয়া নিৰ্বাচন আয়োগে  প্ৰকাশ কৰিব লাগিব। সেই বিষয়ত  মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয়, "আয়োগে সদায় স্বচ্ছতাৰ পক্ষত থাকিব। মই সদায় আদালতৰ আদেশ অনুসৰণ কৰিম। "নিৰ্বাচন আয়োগো নিৰ্বাচনী বণ্ড গোচৰৰ এটা পক্ষ আছিল। 

তাৎপৰ্যপূৰ্ণভাৱে, আয়োগে উচ্চতম ন্যায়ালয়ৰ ৰায় গ্ৰহণ কৰিব বিচাৰে, কিন্তু কেন্দ্ৰৰ শাসকীয় দলৰ বহুতে এই ৰায়কলৈ  আপত্তি দৰ্শাইছে। তদুপৰিবহুতে  যুক্তি দিছে  যে উচ্চতম ন্যায়ালয়ৰ ৰায় ৰূপায়ণত বেঙ্কৰ নিয়মবোৰ বাধা হ'ব পাৰে। বেঙ্কৰ নিয়ম অনুসৰি  গোপনীয় তথ্য কোনো প্ৰকাৰে ৰাজহুৱা কৰিব নোৱাৰি। উচ্চতম ন্যায়ালয়ৰ ৰায় মানি চলিব লাগিলে সেই নিয়ম ভংগ কৰিব লাগিব। যি কথা আইনীভাৱে সম্ভৱ নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ