--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনী বণ্ডক অসাংবিধানিক আখ্যা দি ইয়াক নিষিদ্ধ কৰিবলৈ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ে এতিয়া বিমোৰত পেলাইছে বহু ৰাজনৈতিক দলক।এনে সময়তে প্ৰশ্ন উত্থাপন হৈছে নিৰ্বাচন আয়োগে উচ্চতম ন্যায়ালয়ৰ ৰায় কাৰ্যকৰী কৰিবনে? এই বিষয়ত শেহতীয়াকৈ নিৰ্বাচন আয়োগে  মুখ খুলিছে।  নিৰ্বাচন আয়োগে স্পষ্ট কৰি দিছে যে উচ্চতম ন্যায়ালয়ৰ ৰায় কাৰ্যকৰী কৰাত আয়োগৰ কোনো আপত্তি নাই।  আয়োগে কৈছে যে ই সদায় স্বচ্ছতাৰ পক্ষত থাকিব । আয়োগে কয়- আমি উচ্চতম ন্যায়ালয়ৰ আদেশ পোৱাৰ পিছত, সেই অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিম। 

উল্লেখ্য বৃহস্পতিবাৰে এক ঐতিহাসিক ৰায়ত উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠে নিৰ্বাচনী বণ্ডক অসাংবিধানিক বুলি ঘোষণা কৰিছিল। ন্যায়ালয়ে  কৈছিল যে ৰাজনৈতিক দলবোৰে যোৱা পাঁচ বছৰত কোনবোৰ ঔদ্যোগিক গোটৰ পৰা কিমান টকা লাভ কৰিছে সেয়া মাৰ্চ মাহত ৰাজহুৱা কৰিব লাগিব।উচ্চতম  ন্যায়ালয়ে ভাৰতীয় ষ্টেট বেংকক নিৰ্বাচনী বণ্ড ক্ৰয় কৰা কোম্পানীবোৰৰ বিৱৰণ নিৰ্বাচন আয়োগক দাখিল কৰিবলৈও নিৰ্দেশ দিছিল। নিৰ্বাচন আয়োগক তেনে তথ্যসমূহ  ৱেবছাইটত প্ৰকাশ কৰিবলৈও ন্যায়ালয়ে  নিৰ্দেশ দিছিল। 
 অৰ্থাৎ,লোকসভা নিৰ্বাচনৰ পূৰ্বে যোৱা পাঁচ বছৰত এটা ৰাজনৈতিক দলে কোনো   সংস্থাৰ পৰা কিমান টকা লাভ কৰিছে সেয়া নিৰ্বাচন আয়োগে  প্ৰকাশ কৰিব লাগিব। সেই বিষয়ত  মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয়, "আয়োগে সদায় স্বচ্ছতাৰ পক্ষত থাকিব। মই সদায় আদালতৰ আদেশ অনুসৰণ কৰিম। "নিৰ্বাচন আয়োগো নিৰ্বাচনী বণ্ড গোচৰৰ এটা পক্ষ আছিল। 

তাৎপৰ্যপূৰ্ণভাৱে, আয়োগে উচ্চতম ন্যায়ালয়ৰ ৰায় গ্ৰহণ কৰিব বিচাৰে, কিন্তু কেন্দ্ৰৰ শাসকীয় দলৰ বহুতে এই ৰায়কলৈ  আপত্তি দৰ্শাইছে। তদুপৰিবহুতে  যুক্তি দিছে  যে উচ্চতম ন্যায়ালয়ৰ ৰায় ৰূপায়ণত বেঙ্কৰ নিয়মবোৰ বাধা হ'ব পাৰে। বেঙ্কৰ নিয়ম অনুসৰি  গোপনীয় তথ্য কোনো প্ৰকাৰে ৰাজহুৱা কৰিব নোৱাৰি। উচ্চতম ন্যায়ালয়ৰ ৰায় মানি চলিব লাগিলে সেই নিয়ম ভংগ কৰিব লাগিব। যি কথা আইনীভাৱে সম্ভৱ নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু