--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জৈন সম্প্ৰদায়ৰ বৰ্তমানৰ মহাবীৰ আচাৰ্য বিদ্যাসাগৰ মহাৰাজৰ মৃত্যু হৈছে । শনিবাৰে পুৱতি নিশা ২.৩৫ বজাত ছত্তীশগড়ত মহাবীৰ আচাৰ্য বিদ্যাসাগৰ মহাৰাজে শেষ নিশ্বাস ত্যাগ কৰে। প্ৰবীণ জৈন সন্ন্যাসীগৰাকীয়ে  তিনিদিন পূৰ্বে   সমাধি লৈছিল।   অৰ্থাৎ মৃত্যুৰ তিনিদিন পূৰ্বৰে পৰা তেওঁ খাদ্য আৰু পানীয় গ্ৰহণ কৰা বন্ধ কৰিছিল। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। 

আচাৰ্য বিদ্যাসাগৰৰ জন্ম ১৯৪৬ চনৰ ১০ অক্টোবৰত কৰ্ণাটকৰ চাদালগাত হৈছিল। তেওঁ ৰাজস্থানত সন্ন্যাস গ্ৰহণ কৰিছিল। বিদ্যাসাগৰ ১৯৭২ চনৰ ২২ নৱেম্বৰত মুনিৰ পৰা আচাৰ্য হৈছিল। সেই সময়ত তেওঁৰ বয়স আছিল  ২৬ বছৰ। সংস্কৃত আৰু প্ৰাকৃতৰ উপৰি  তেওঁ হিন্দী, মাৰাঠী আৰু কানাড়া  ভাষাত সাবলীলভাবে কথা ক’ব পাৰিছিল। তেওঁ হিন্দী আৰু সংস্কৃতৰ কবি হিচাপেও বিখ্যাত আছিল। ২০২৪ বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীত তেওঁ আচাৰ্য ত্যাগ কৰে আৰু 'ছালেখানা' গ্ৰহণ কৰে। জৈন সাধুসকলে এই পদ্ধতিৰ জৰিয়তে উপবাস কৰি শেষ নিশ্বাস ত্যাগ কৰে। 

 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ এক্স-হেণ্ডেলত লিখিছে, "আচাৰ্য শ্ৰী ১০৮ বিদ্যাসাগৰ মহাৰাজৰ মৃত্যু দেশৰ বাবে এক অপূৰণীয় ক্ষতি। মানুহৰ মাজত আধ্যাত্মিকতাৰ ভাব জাগ্ৰত কৰাৰ তেওঁৰ মূল্যৱান প্ৰচেষ্টা সদায় স্মৰণীয় হৈ থাকিব’’। মোদীয়ে তেওঁৰ আশীৰ্বাদ বিচাৰি যোৱা বছৰৰ নৱেম্বৰ মাহত মহাৰাজৰ ওচৰলৈ গৈছিল।  প্ৰধানমন্ত্ৰীয়ে তেওঁৰ পোষ্টত  সেই অভিজ্ঞতাৰ বিষয়েও লিখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ