--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জৈন সম্প্ৰদায়ৰ বৰ্তমানৰ মহাবীৰ আচাৰ্য বিদ্যাসাগৰ মহাৰাজৰ মৃত্যু হৈছে । শনিবাৰে পুৱতি নিশা ২.৩৫ বজাত ছত্তীশগড়ত মহাবীৰ আচাৰ্য বিদ্যাসাগৰ মহাৰাজে শেষ নিশ্বাস ত্যাগ কৰে। প্ৰবীণ জৈন সন্ন্যাসীগৰাকীয়ে  তিনিদিন পূৰ্বে   সমাধি লৈছিল।   অৰ্থাৎ মৃত্যুৰ তিনিদিন পূৰ্বৰে পৰা তেওঁ খাদ্য আৰু পানীয় গ্ৰহণ কৰা বন্ধ কৰিছিল। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। 

আচাৰ্য বিদ্যাসাগৰৰ জন্ম ১৯৪৬ চনৰ ১০ অক্টোবৰত কৰ্ণাটকৰ চাদালগাত হৈছিল। তেওঁ ৰাজস্থানত সন্ন্যাস গ্ৰহণ কৰিছিল। বিদ্যাসাগৰ ১৯৭২ চনৰ ২২ নৱেম্বৰত মুনিৰ পৰা আচাৰ্য হৈছিল। সেই সময়ত তেওঁৰ বয়স আছিল  ২৬ বছৰ। সংস্কৃত আৰু প্ৰাকৃতৰ উপৰি  তেওঁ হিন্দী, মাৰাঠী আৰু কানাড়া  ভাষাত সাবলীলভাবে কথা ক’ব পাৰিছিল। তেওঁ হিন্দী আৰু সংস্কৃতৰ কবি হিচাপেও বিখ্যাত আছিল। ২০২৪ বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীত তেওঁ আচাৰ্য ত্যাগ কৰে আৰু 'ছালেখানা' গ্ৰহণ কৰে। জৈন সাধুসকলে এই পদ্ধতিৰ জৰিয়তে উপবাস কৰি শেষ নিশ্বাস ত্যাগ কৰে। 

 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ এক্স-হেণ্ডেলত লিখিছে, "আচাৰ্য শ্ৰী ১০৮ বিদ্যাসাগৰ মহাৰাজৰ মৃত্যু দেশৰ বাবে এক অপূৰণীয় ক্ষতি। মানুহৰ মাজত আধ্যাত্মিকতাৰ ভাব জাগ্ৰত কৰাৰ তেওঁৰ মূল্যৱান প্ৰচেষ্টা সদায় স্মৰণীয় হৈ থাকিব’’। মোদীয়ে তেওঁৰ আশীৰ্বাদ বিচাৰি যোৱা বছৰৰ নৱেম্বৰ মাহত মহাৰাজৰ ওচৰলৈ গৈছিল।  প্ৰধানমন্ত্ৰীয়ে তেওঁৰ পোষ্টত  সেই অভিজ্ঞতাৰ বিষয়েও লিখিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাতে ড'নাল্ড ট্রাম্পক হত্যাৰ ভাবুকি ইৰানৰ
১৪ জুলাইত পৃথিৱীলৈ উভতিব পাৰিবনে শুভাংশু শুল্কাই?
পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক; জানি লওক সৱিশেষ
নিমন্ত্ৰণ নোপোৱাকৈয়ে পাকিস্তানলৈ যায়, কিন্তু মণিপুৰলৈ নাযায়: মোদীক তীব্ৰ সমালোচনা মল্লিকার্জুন খৰ্গেৰ
‘আপুনি ইঞ্জিন কিয় বন্ধ কৰি দিলে?’ ভইচ ৰেকৰ্ডাৰত ধৰা পৰিল আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আগ মুহূৰ্তত দুই পাইলটৰ কথা-বতৰা
মুকালমুৱাত আইনী প্ৰক্ৰিয়াৰে পত্নীক বিদায় জনাই ৪০ লিটাৰ গাখীৰেৰে গা ধুই আনন্দ উল্লাস স্বামীৰ