--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজনীতিত মোক্ষম আঘাত উচ্চতম ন্যায়ালয়ৰ৷ নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে ইলেক্ট’ৰেল বণ্ডক অসাংবিধানিক আখ্যা দি এই বণ্ডত নিষেধাজ্ঞা আৰোপ কৰে। উচ্চতম ন্যায়ালয়ে কয় যে ইলেক্ট’ৰেল বণ্ড তথ্য জনাৰ অধিকাৰ উলংঘন। দলসমূহৰ ফাণ্ডিঙৰ বিষয়ে ভোটাৰে সবিশেষ জনাৰ অধিকাৰ আছে। ন্যায়ালয়ে লগতে কয় যে বণ্ড কিনাসকলৰ তালিকা ৰাজহুৱা কৰিব লাগিব।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ৰায় প্ৰদান কৰি কয় যে ইলেক্ট’ৰেল বণ্ডৰ উপৰি ক’লা ধন বন্ধ কৰাৰ অন্য উপায় আছে। ন্যায়ালয়ে ৰায়ত কয় যে ইলেক্ট’ৰেল বণ্ডৰ গোপনীয়তা ‘জনাৰ অধিকাৰ’ৰ বিৰুদ্ধ৷

উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পাছত বিজেপি নেতা সুব্ৰমণিয়ন স্বামীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পাছত তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ পদত্যাগ দাবী কৰিছে৷ সুব্ৰমণিয়ন স্বামীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছিল, মই ভাবো মোদীক পদত্যাগ কৰিবলৈ কোৱা উচিত কিয়নো নিৰ্বাচনী বণ্ড এটা ‘crazy idea’ আছিল আৰু এটা বৃহৎ কেলেংকাৰী হৈ পৰিছিল, যিয়ে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বিজেপিৰ দাবীক ক্ষতিগ্ৰস্ত কৰিছিল। দলৰ বাবে মোদীয়ে পদত্যাগ কৰা উচিত৷

আনহাতে, কংগ্ৰেছেও বিজেপিক লক্ষ্য কৰি লৈছিল৷ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছিল, উচ্চতম ন্যায়ালয়ে মোদী চৰকাৰৰ বহুচৰ্চিত নিৰ্বাচনী বণ্ডক সংসদৰ লগতে ভাৰতৰ সংবিধানৰ দ্বাৰা গৃহীত দুয়োটা আইনৰ উলংঘন বুলি বিবেচনা কৰিছে। দীৰ্ঘদিনধৰি প্ৰতীক্ষিত ৰায়টো অত্যন্ত আদৰণীয়৷

কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই কয়, মানুহে ইয়াক দুৰ্নীতিপূৰ্ণ ব্যৱস্থা, নিৰ্বাচনী দুৰ্নীতি আদি বুলি ক’ব পাৰে কিন্তু এইটো প্ৰধানমন্ত্ৰীয়ে পোনপটীয়াকৈ প্ৰস্তুত কৰা এক আঁচনি আছিল।

২০১৮ চনত নিৰ্বাচনী বণ্ডৰ ব্যৱস্থা গৃহীত হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয়, ধনৰ বিল আনি আপুনি নিজকে জনপ্ৰতিনিধি ক্ৰয় কৰিবলৈ, কয়লাৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে, বিমানবন্দৰ প্ৰদান কৰাৰ বাবে, আপোনাৰ বন্ধুবৰ্গক পুৰস্কৃত কৰাৰ বাবে ধনৰ আশ্বাস দিছিল।

খেৰাই কয়, ভাৰতত গণতন্ত্ৰ জীয়াই থাকিব বুলি আমাৰ নতুন আশা আছে।

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ অধ্যক্ষতাত পাঁচজনীয়া বিচাৰপীঠে নিৰ্বাচনী বণ্ড আঁচনিখন অসাংবিধানিক বুলি প্ৰত্যাখ্যান কৰে আৰু কয় যে কোনটো দলে ভোট দিব সেই সিদ্ধান্ত লোৱাৰ সময়ত ৰাজনৈতিক দলবোৰে ক’ৰ পৰা তেওঁলোকৰ পুঁজি সৃষ্টি কৰিছে জানিবলৈ নাগৰিকসকলৰ অধিকাৰ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement