--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে কৃষি বিজ্ঞানী অধ্যাপক এম এছ স্বামীনাথনক ভাৰত ৰত্ন (মৰণোত্তৰ)ৰে সন্মানিত কৰাৰ কথা ঘোষণা কৰিছে। এফালে তেওঁ ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিবলৈ ওলাইছে যদিও আনফালে তেওঁ লিখা প্ৰতিবেদন কৃষি মন্ত্ৰালয়ৰ অফিচিয়েল ৱেবছাইটৰ পৰা নোহোৱা হৈছে। এই তথ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ দিল্লী কনফিডেন্সিয়েলত দিয়া হৈছে। প্ৰতিবেদন অনুসৰি, পূৰ্বে স্বামীনাথন আয়োগৰ প্ৰতিবেদনৰ সকলো খণ্ড মন্ত্ৰালয়ৰ ৱেবছাইটত উপলব্ধ আছিল। ৰাষ্ট্ৰীয় কৃষক আয়োগৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈ থকাৰ সময়তে স্বামীনাথনে এই প্ৰতিবেদন লিখিছিল।

মন্ত্ৰালয়ৰ ৱেবছাইটৰ পৰা স্বামীনাথনৰ এই প্ৰতিবেদন হেৰাই যোৱাৰ খবৰটো এনে সময়তে আহিছে যেতিয়া পঞ্জাব, হাৰিয়ানাকে ধৰি বহু ৰাজ্যৰ কৃষকসকলে এম এছ পিৰ আইনৰ দাবীৰে আন্দোলন কৰিছে। স্বামীনাথন আয়োগৰ প্ৰতিবেদন অনুসৰি তেওঁলোকৰ শস্যৰ মূল্য নিৰ্ধাৰণ কৰিবলৈ কৃষকসকলে দাবী জনাইছে।

ভাৰত ৰত্ন লাভ কৰা স্বামীনাথন কোন আছিল?

৯ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি বিজ্ঞানী এম এছ স্বামীনাথনক ভাৰত ৰত্নৰে সন্মান জনোৱাৰ কথা ঘোষণা কৰে। স্বামীনাথনক ভাৰতত ‘সেউজ বিপ্লৱ’ৰ পিতৃ হিচাপে গণ্য কৰা হয়। ঘেঁহু আৰু ধানৰ উচ্চ উৎপাদনক্ষম জাতৰ বিকাশত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ ভাৰতৰ কৃষিৰ উৎপাদনশীলতা বৃদ্ধিৰ বাবে এখন প্ৰতিবেদন দাখিল কৰে, যাৰ নাম স্বামীনাথন প্ৰতিবেদন। অৱশ্যে এই প্ৰতিবেদন এতিয়াও কাৰ্যকৰী হোৱা নাই।

২০০৪ চনত অধ্যাপক এম এছ স্বামীনাথনৰ অধ্যক্ষতাত গঠন কৰা হৈছিল ৰাষ্ট্ৰীয় কৃষক আয়োগ। এনচিএফে ২০০৪ চনৰ পৰা ২০০৬ চনৰ ভিতৰত পাঁচখন প্ৰতিবেদন দাখিল কৰিছিল। এই প্ৰতিবেদনসমূহ স্বামীনাথন প্ৰতিবেদন নামেৰে জনাজাত।

স্বামীনাথনে তেওঁৰ প্ৰতিবেদনত দেশৰ খাদ্য আৰু পুষ্টিৰ সুৰক্ষাৰ বাবে এক কৌশল প্ৰস্তুত কৰাৰ পৰামৰ্শ দিছিল। ইয়াৰ উপৰিও তেওঁৰ প্ৰতিবেদনত কৃষি ব্যৱস্থাৰ উৎপাদনশীলতা আৰু বহনক্ষমতা উন্নত কৰাৰ পৰামৰ্শ দিয়া হৈছিল। প্ৰতিবেদনত কৃষকলৈ ঋণৰ প্ৰবাহ বৃদ্ধিৰ বাবে সংস্কাৰৰ কথা কোৱা হৈছিল। তেওঁৰ প্ৰতিবেদনত কৃষকৰ শস্যৰ বাবে নূন্যতম সমৰ্থন মূল্য (MSP) নিশ্চিত কৰাৰ পৰামৰ্শ দিছিল। ইয়াক C2+50% সূত্ৰ বুলিও কোৱা হয়। প্ৰতিবেদনত কৃষকসকলক তেওঁলোকৰ শস্যৰ গড় খৰচতকৈ কমেও ৫০ শতাংশ বেছিকৈ এম এছ পি দিয়াৰ পৰামৰ্শ দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু