--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে কৃষি বিজ্ঞানী অধ্যাপক এম এছ স্বামীনাথনক ভাৰত ৰত্ন (মৰণোত্তৰ)ৰে সন্মানিত কৰাৰ কথা ঘোষণা কৰিছে। এফালে তেওঁ ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিবলৈ ওলাইছে যদিও আনফালে তেওঁ লিখা প্ৰতিবেদন কৃষি মন্ত্ৰালয়ৰ অফিচিয়েল ৱেবছাইটৰ পৰা নোহোৱা হৈছে। এই তথ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ দিল্লী কনফিডেন্সিয়েলত দিয়া হৈছে। প্ৰতিবেদন অনুসৰি, পূৰ্বে স্বামীনাথন আয়োগৰ প্ৰতিবেদনৰ সকলো খণ্ড মন্ত্ৰালয়ৰ ৱেবছাইটত উপলব্ধ আছিল। ৰাষ্ট্ৰীয় কৃষক আয়োগৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈ থকাৰ সময়তে স্বামীনাথনে এই প্ৰতিবেদন লিখিছিল।

মন্ত্ৰালয়ৰ ৱেবছাইটৰ পৰা স্বামীনাথনৰ এই প্ৰতিবেদন হেৰাই যোৱাৰ খবৰটো এনে সময়তে আহিছে যেতিয়া পঞ্জাব, হাৰিয়ানাকে ধৰি বহু ৰাজ্যৰ কৃষকসকলে এম এছ পিৰ আইনৰ দাবীৰে আন্দোলন কৰিছে। স্বামীনাথন আয়োগৰ প্ৰতিবেদন অনুসৰি তেওঁলোকৰ শস্যৰ মূল্য নিৰ্ধাৰণ কৰিবলৈ কৃষকসকলে দাবী জনাইছে।

ভাৰত ৰত্ন লাভ কৰা স্বামীনাথন কোন আছিল?

৯ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি বিজ্ঞানী এম এছ স্বামীনাথনক ভাৰত ৰত্নৰে সন্মান জনোৱাৰ কথা ঘোষণা কৰে। স্বামীনাথনক ভাৰতত ‘সেউজ বিপ্লৱ’ৰ পিতৃ হিচাপে গণ্য কৰা হয়। ঘেঁহু আৰু ধানৰ উচ্চ উৎপাদনক্ষম জাতৰ বিকাশত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ ভাৰতৰ কৃষিৰ উৎপাদনশীলতা বৃদ্ধিৰ বাবে এখন প্ৰতিবেদন দাখিল কৰে, যাৰ নাম স্বামীনাথন প্ৰতিবেদন। অৱশ্যে এই প্ৰতিবেদন এতিয়াও কাৰ্যকৰী হোৱা নাই।

২০০৪ চনত অধ্যাপক এম এছ স্বামীনাথনৰ অধ্যক্ষতাত গঠন কৰা হৈছিল ৰাষ্ট্ৰীয় কৃষক আয়োগ। এনচিএফে ২০০৪ চনৰ পৰা ২০০৬ চনৰ ভিতৰত পাঁচখন প্ৰতিবেদন দাখিল কৰিছিল। এই প্ৰতিবেদনসমূহ স্বামীনাথন প্ৰতিবেদন নামেৰে জনাজাত।

স্বামীনাথনে তেওঁৰ প্ৰতিবেদনত দেশৰ খাদ্য আৰু পুষ্টিৰ সুৰক্ষাৰ বাবে এক কৌশল প্ৰস্তুত কৰাৰ পৰামৰ্শ দিছিল। ইয়াৰ উপৰিও তেওঁৰ প্ৰতিবেদনত কৃষি ব্যৱস্থাৰ উৎপাদনশীলতা আৰু বহনক্ষমতা উন্নত কৰাৰ পৰামৰ্শ দিয়া হৈছিল। প্ৰতিবেদনত কৃষকলৈ ঋণৰ প্ৰবাহ বৃদ্ধিৰ বাবে সংস্কাৰৰ কথা কোৱা হৈছিল। তেওঁৰ প্ৰতিবেদনত কৃষকৰ শস্যৰ বাবে নূন্যতম সমৰ্থন মূল্য (MSP) নিশ্চিত কৰাৰ পৰামৰ্শ দিছিল। ইয়াক C2+50% সূত্ৰ বুলিও কোৱা হয়। প্ৰতিবেদনত কৃষকসকলক তেওঁলোকৰ শস্যৰ গড় খৰচতকৈ কমেও ৫০ শতাংশ বেছিকৈ এম এছ পি দিয়াৰ পৰামৰ্শ দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ