--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃগুজৰাটত এতিয়া  বাজি উঠিছে নিৰ্বাচনী ৰণশিঙা। বিজেপি, আম আদমী পাৰ্টী কোনেও বহি থকা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্যত বিজেপিয়ে ক্ষমতা বজাই ৰাখিব পাৰিবনে? এই প্ৰশ্নটোৰ উত্তৰ এতিয়াও অস্পষ্ট হৈ আছে।এনে সময়তে  নিৰ্বাচনমুখী গুজৰাটত বৃহৎ বিনিয়োগ কৰিবলৈ বিচাৰিছে  মোদীৰ চৰকাৰে।  সেইমৰ্মে গুজৰাটত ২২,০০০ কোটি টকাৰ বিমান নিৰ্মাণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এয়াৰবাছ আৰু টাটাই যুটীয়াভাৱে এই বিমানসমূহ নিৰ্মাণ কৰিব।

এই প্ৰসংগত প্ৰতিৰক্ষা সচিব অজয় কুমাৰে কয়, "এয়া এনেধৰণৰ প্ৰথম প্ৰকল্প । এই প্ৰকল্পত সামৰিক বিমানৰ লগতে  যাত্ৰীবাহী বিমানো নিৰ্মাণ কৰা হ'ব। । সমগ্ৰ প্ৰকল্পটোৰ বাবে ২১,৯৩৫ কোটি টকা ব্যয় হ'ব। ইয়াত নিৰ্মাণ কৰা বিমান সাধাৰণ পৰিবহনৰ বাবেও ব্যৱহাৰ কৰা হ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে বৰোদাত এয়াৰবাছ-টাটা যুটীয়া প্ৰকল্প উদ্বোধন কৰিব। এই প্ৰকল্পটোত হাজাৰ হাজাৰ চাকৰি সৃষ্টি হ'ব।

যোৱা মাহত কেন্দ্ৰই এয়াৰবাছৰ পৰা ৫৬ খন বিমান ক্ৰয় কৰিবলৈ অনুমোদন জনাইছিল। চুক্তি অনুসৰি ১৬  খন বিমান সম্পূৰ্ণৰূপে উৰণৰ বাবে সাজু অৱস্থাত ভাৰতলৈ অনা হ'ব। বাকী ৪০ খন বিমান ভাৰততে নিৰ্মাণ কৰা হ'ব। সূত্ৰ অনুসৰি, অহা বছৰৰ ছেপ্টেম্বৰৰ পৰা ২০২৫ চনৰ আগষ্ট মাহৰ ভিতৰত ১৬ খন বিমান ভাৰত আহি পাব। গুজৰাটৰ  কাৰখানাত নিৰ্মিত প্ৰথমখন বিমান ২০২৬ চনৰ ছেপ্টেম্বৰত উৰা মাৰিব বুলি আশা কৰা হৈছে।

যোৱা বছৰৰ ছেপ্তেম্বৰ মাহত গুজৰাটে ১,৯৫০ কোটি টকাৰ মাইক্ৰ'চিপ প্ৰকল্পস্থাপন কৰিছিল। প্ৰকল্পটোৱে বেদন্ত লিমিটেড আৰু টাইৱানৰ ফক্সকনৰ সৈতে মোদীৰ ৰাজ্যত যুটীয়াভাৱে চিপ বা অৰ্ধপৰিবাহী নিৰ্মাণ কৰিব। আহমেদাবাদত কাৰখানাটো মুকলি হোৱাৰ ফলত লাখ লাখ চাকৰি সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। ইয়াৰ বাবে বেদন্ত-ফক্সকনক সস্তীয়া বিদ্যুতকে ধৰি বিভিন্ন খণ্ডত বৃহৎ ৰাজসাহায্য প্ৰদান কৰা হ'ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক