--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃগুজৰাটত এতিয়া  বাজি উঠিছে নিৰ্বাচনী ৰণশিঙা। বিজেপি, আম আদমী পাৰ্টী কোনেও বহি থকা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্যত বিজেপিয়ে ক্ষমতা বজাই ৰাখিব পাৰিবনে? এই প্ৰশ্নটোৰ উত্তৰ এতিয়াও অস্পষ্ট হৈ আছে।এনে সময়তে  নিৰ্বাচনমুখী গুজৰাটত বৃহৎ বিনিয়োগ কৰিবলৈ বিচাৰিছে  মোদীৰ চৰকাৰে।  সেইমৰ্মে গুজৰাটত ২২,০০০ কোটি টকাৰ বিমান নিৰ্মাণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এয়াৰবাছ আৰু টাটাই যুটীয়াভাৱে এই বিমানসমূহ নিৰ্মাণ কৰিব।

এই প্ৰসংগত প্ৰতিৰক্ষা সচিব অজয় কুমাৰে কয়, "এয়া এনেধৰণৰ প্ৰথম প্ৰকল্প । এই প্ৰকল্পত সামৰিক বিমানৰ লগতে  যাত্ৰীবাহী বিমানো নিৰ্মাণ কৰা হ'ব। । সমগ্ৰ প্ৰকল্পটোৰ বাবে ২১,৯৩৫ কোটি টকা ব্যয় হ'ব। ইয়াত নিৰ্মাণ কৰা বিমান সাধাৰণ পৰিবহনৰ বাবেও ব্যৱহাৰ কৰা হ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে বৰোদাত এয়াৰবাছ-টাটা যুটীয়া প্ৰকল্প উদ্বোধন কৰিব। এই প্ৰকল্পটোত হাজাৰ হাজাৰ চাকৰি সৃষ্টি হ'ব।

যোৱা মাহত কেন্দ্ৰই এয়াৰবাছৰ পৰা ৫৬ খন বিমান ক্ৰয় কৰিবলৈ অনুমোদন জনাইছিল। চুক্তি অনুসৰি ১৬  খন বিমান সম্পূৰ্ণৰূপে উৰণৰ বাবে সাজু অৱস্থাত ভাৰতলৈ অনা হ'ব। বাকী ৪০ খন বিমান ভাৰততে নিৰ্মাণ কৰা হ'ব। সূত্ৰ অনুসৰি, অহা বছৰৰ ছেপ্টেম্বৰৰ পৰা ২০২৫ চনৰ আগষ্ট মাহৰ ভিতৰত ১৬ খন বিমান ভাৰত আহি পাব। গুজৰাটৰ  কাৰখানাত নিৰ্মিত প্ৰথমখন বিমান ২০২৬ চনৰ ছেপ্টেম্বৰত উৰা মাৰিব বুলি আশা কৰা হৈছে।

যোৱা বছৰৰ ছেপ্তেম্বৰ মাহত গুজৰাটে ১,৯৫০ কোটি টকাৰ মাইক্ৰ'চিপ প্ৰকল্পস্থাপন কৰিছিল। প্ৰকল্পটোৱে বেদন্ত লিমিটেড আৰু টাইৱানৰ ফক্সকনৰ সৈতে মোদীৰ ৰাজ্যত যুটীয়াভাৱে চিপ বা অৰ্ধপৰিবাহী নিৰ্মাণ কৰিব। আহমেদাবাদত কাৰখানাটো মুকলি হোৱাৰ ফলত লাখ লাখ চাকৰি সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। ইয়াৰ বাবে বেদন্ত-ফক্সকনক সস্তীয়া বিদ্যুতকে ধৰি বিভিন্ন খণ্ডত বৃহৎ ৰাজসাহায্য প্ৰদান কৰা হ'ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু