--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলো অপৰাধৰে শাস্তি আছে, সেই অপৰাধ লাগিলে সৰুৱেই হওক বা ডাঙৰেই হওক। এজন যুৱকে ৭ বছৰৰ আগতে কৰা এটা অপৰাধৰ শাস্তি দেৰিকৈ হলেও পালে। মুম্বাইৰ এখন বিশেষ আদালতে এগৰাকী কিশোৰীক হাৰাশাস্তি কৰাৰ অপৰাধত ডেৰ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে যুৱকজনক। 

ঘটনাটো ২০১৫ চনৰ জুলাই মাহত সংঘটিত হৈছিল। তথ্য অনুসৰি মুম্বাইত এজন ২৫ বছৰীয়া যুৱকে ১৬ বছৰীয়া এগৰাকী কিশোৰীৰ চুলি টানি ছোৱালীজনীক আইটেম বুলি কৈছিল। বিষয়টো শুনি ন্যায়াধীশ এ জে আনছাৰীয়ে কয় যে অভিযুক্তই ইচ্ছাকৃতভাৱে ভুক্তভোগীৰ চুলিত ধৰি টানি আনি ‘আইটেম’ বুলি অভিহিত কৰে। এই তথ্যই নিশ্চিতভাৱে প্ৰমাণ কৰে যে যুৱকজনে ছোৱালীজনীক শাৰীৰিক আৰু মানসিকভাৱে হাৰাশাস্তি কৰিছে। 

আদালতে পৰ্যবেক্ষণ কৰে যে অভিযুক্তৰ আচৰণ সম্পূৰ্ণ অযুক্তিকৰ আছিল। যিকোনো ছোৱালীক সম্বোধন কৰিবলৈ ‘আইটেম’ শব্দটো ব্যৱহাৰ কৰাটো অত্যন্ত অপমানজনক। আদালতে কয় যে এগৰাকী ছোৱালীক ‘আইটেম’ বুলি কোৱাটো অপমানজনক আৰু লগতে এয়া এক যৌন শোষণো হয়।২০ অক্টোবৰত গৃহীত হোৱা এই নিৰ্দেশত বিশেষ আদালতে অভিযুক্তৰ প্ৰতি নম্ৰতা প্ৰদৰ্শন কৰিবলৈ অস্বীকাৰ কৰে। এনে অপৰাধৰ পৰা মহিলাসকলক ৰক্ষা কৰিবলৈ তেওঁলোকক শিক্ষা দিয়াটো প্ৰয়োজনীয় বুলি আদালতে জনায়।

তথ্য অনুসৰি ছোৱালীজনীয়ে স্কুটি চলাই উভতি অহাৰ সময়ত সংঘটিত হৈছিল এই ঘটনা। যুৱকজনে ছোৱালীজনীক আইটেম বুলি মন্তব্য কৰে। ছোৱালীজনীয়ে এই কথাৰ প্ৰতিবাদ কৰে। ইয়াৰ পিছত যুৱকজনে কিশোৰীগৰাকীৰ চুলিত ধৰি আক্ৰমণ কৰে আৰু অভিযুক্ত পলায়ন কৰে। পিছত ছোৱালীজনীৰ পিতৃৰ এজাহাৰক লৈ গোচৰ ৰুজু কৰা হয়। আৰক্ষীয়ে এই গোচৰৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰে, যিজনক পিছত জামিনত মুকলি কৰি দিয়া হৈছিল। অৱশেষত অপৰাধী যুৱকজনক ডেৰ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে মুম্বাইৰ বিশেষ আদালতে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক