--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলো অপৰাধৰে শাস্তি আছে, সেই অপৰাধ লাগিলে সৰুৱেই হওক বা ডাঙৰেই হওক। এজন যুৱকে ৭ বছৰৰ আগতে কৰা এটা অপৰাধৰ শাস্তি দেৰিকৈ হলেও পালে। মুম্বাইৰ এখন বিশেষ আদালতে এগৰাকী কিশোৰীক হাৰাশাস্তি কৰাৰ অপৰাধত ডেৰ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে যুৱকজনক। 

ঘটনাটো ২০১৫ চনৰ জুলাই মাহত সংঘটিত হৈছিল। তথ্য অনুসৰি মুম্বাইত এজন ২৫ বছৰীয়া যুৱকে ১৬ বছৰীয়া এগৰাকী কিশোৰীৰ চুলি টানি ছোৱালীজনীক আইটেম বুলি কৈছিল। বিষয়টো শুনি ন্যায়াধীশ এ জে আনছাৰীয়ে কয় যে অভিযুক্তই ইচ্ছাকৃতভাৱে ভুক্তভোগীৰ চুলিত ধৰি টানি আনি ‘আইটেম’ বুলি অভিহিত কৰে। এই তথ্যই নিশ্চিতভাৱে প্ৰমাণ কৰে যে যুৱকজনে ছোৱালীজনীক শাৰীৰিক আৰু মানসিকভাৱে হাৰাশাস্তি কৰিছে। 

আদালতে পৰ্যবেক্ষণ কৰে যে অভিযুক্তৰ আচৰণ সম্পূৰ্ণ অযুক্তিকৰ আছিল। যিকোনো ছোৱালীক সম্বোধন কৰিবলৈ ‘আইটেম’ শব্দটো ব্যৱহাৰ কৰাটো অত্যন্ত অপমানজনক। আদালতে কয় যে এগৰাকী ছোৱালীক ‘আইটেম’ বুলি কোৱাটো অপমানজনক আৰু লগতে এয়া এক যৌন শোষণো হয়।২০ অক্টোবৰত গৃহীত হোৱা এই নিৰ্দেশত বিশেষ আদালতে অভিযুক্তৰ প্ৰতি নম্ৰতা প্ৰদৰ্শন কৰিবলৈ অস্বীকাৰ কৰে। এনে অপৰাধৰ পৰা মহিলাসকলক ৰক্ষা কৰিবলৈ তেওঁলোকক শিক্ষা দিয়াটো প্ৰয়োজনীয় বুলি আদালতে জনায়।

তথ্য অনুসৰি ছোৱালীজনীয়ে স্কুটি চলাই উভতি অহাৰ সময়ত সংঘটিত হৈছিল এই ঘটনা। যুৱকজনে ছোৱালীজনীক আইটেম বুলি মন্তব্য কৰে। ছোৱালীজনীয়ে এই কথাৰ প্ৰতিবাদ কৰে। ইয়াৰ পিছত যুৱকজনে কিশোৰীগৰাকীৰ চুলিত ধৰি আক্ৰমণ কৰে আৰু অভিযুক্ত পলায়ন কৰে। পিছত ছোৱালীজনীৰ পিতৃৰ এজাহাৰক লৈ গোচৰ ৰুজু কৰা হয়। আৰক্ষীয়ে এই গোচৰৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰে, যিজনক পিছত জামিনত মুকলি কৰি দিয়া হৈছিল। অৱশেষত অপৰাধী যুৱকজনক ডেৰ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে মুম্বাইৰ বিশেষ আদালতে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু