--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ম্যানমাৰৰ এখন আদালতে শুকুৰবাৰে দুৰ্নীতিৰ দোষী সাব্যস্ত হোৱাৰ পাছতে নেতা আং ছান চ্যু কীক তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। ন’বেল বঁটা বিজয়ী তথা ম্যানমাৰৰ সামৰিক শাসনৰ অন্যতম কঠোৰ বিৰোধী ৭৭ বছৰীয়া আং ছান চ্যু কীয়ে নিজৰ বিৰুদ্ধে উত্থাপিত অভিযোগক ভিত্তিহীন বুলি অভিহিত কৰিছিল। গণতন্ত্ৰৰ বাবে অহিংস সংগ্ৰামৰ বাবে চ্যু কীক ন’বেল বঁটা প্ৰদান কৰা হৈছিল।

 ২০২০ চনৰ সাধাৰণ নিৰ্বাচনত চ্যু কীৰ দলটোৱে বিপুল সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। ২০২১ চনৰ ১ ফেব্ৰুৱাৰীত চ্যু কী-নিৰ্বাচিত চৰকাৰক ক্ষমতাচ্যুত কৰি সামৰিক বাহিনীয়ে ক্ষমতা দখল কৰে। সেই সময়ছোৱাত চ্যু কীৰ বিৰুদ্ধে ভোটদানৰ জালিয়াতিৰ অভিযোগ উত্থাপন কৰা হৈছিল। কিন্তু স্বতন্ত্ৰ নিৰ্বাচনী পৰ্যবেক্ষকে কোনো প্ৰমাণ বিচাৰি নাপালে। তেওঁৰ পূৰ্বৰ চৰকাৰৰ দুজন জ্যেষ্ঠ সদস্য এই গোচৰৰ সহপ্ৰতিবাদকাৰী আছিল আৰু তেওঁলোকক ৩ বছৰৰ কাৰাদণ্ড বিহিছিল।

 দুৰ্নীতিৰ গোচৰত চলিত বৰ্ষৰ আগষ্ট মাহত তেওঁক শাস্তি প্ৰদান কৰা হৈছিল। ম্যানমাৰৰ এখন বিশেষ আদালতে চলিত আগষ্টৰ আৰম্ভণিতে আং ছান চ্যু কীক দুৰ্নীতিৰ চাৰিটা গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছত ছয় বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। ডাউ খিন’ছ ফাউণ্ডেছনৰ ধনৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছিল তেওঁৰ বিৰুদ্ধে। এই ভেটিটো স্বাস্থ্য আৰু শিক্ষাৰ প্ৰসাৰৰ বাবে প্ৰতিষ্ঠা কৰা হৈছিল। কিন্তু সেই সময়ছোৱাত আং ছান চু্য কীয়ে নিজৰ বিৰুদ্ধে উত্থাপিত অভিযোগক অৰ্থহীন বুলি অভিহিত কৰিছিল।কিন্তু তেওঁ সকলো অভিযোগ অস্বীকাৰ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়