--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ম্যানমাৰৰ এখন আদালতে শুকুৰবাৰে দুৰ্নীতিৰ দোষী সাব্যস্ত হোৱাৰ পাছতে নেতা আং ছান চ্যু কীক তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। ন’বেল বঁটা বিজয়ী তথা ম্যানমাৰৰ সামৰিক শাসনৰ অন্যতম কঠোৰ বিৰোধী ৭৭ বছৰীয়া আং ছান চ্যু কীয়ে নিজৰ বিৰুদ্ধে উত্থাপিত অভিযোগক ভিত্তিহীন বুলি অভিহিত কৰিছিল। গণতন্ত্ৰৰ বাবে অহিংস সংগ্ৰামৰ বাবে চ্যু কীক ন’বেল বঁটা প্ৰদান কৰা হৈছিল।

 ২০২০ চনৰ সাধাৰণ নিৰ্বাচনত চ্যু কীৰ দলটোৱে বিপুল সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। ২০২১ চনৰ ১ ফেব্ৰুৱাৰীত চ্যু কী-নিৰ্বাচিত চৰকাৰক ক্ষমতাচ্যুত কৰি সামৰিক বাহিনীয়ে ক্ষমতা দখল কৰে। সেই সময়ছোৱাত চ্যু কীৰ বিৰুদ্ধে ভোটদানৰ জালিয়াতিৰ অভিযোগ উত্থাপন কৰা হৈছিল। কিন্তু স্বতন্ত্ৰ নিৰ্বাচনী পৰ্যবেক্ষকে কোনো প্ৰমাণ বিচাৰি নাপালে। তেওঁৰ পূৰ্বৰ চৰকাৰৰ দুজন জ্যেষ্ঠ সদস্য এই গোচৰৰ সহপ্ৰতিবাদকাৰী আছিল আৰু তেওঁলোকক ৩ বছৰৰ কাৰাদণ্ড বিহিছিল।

 দুৰ্নীতিৰ গোচৰত চলিত বৰ্ষৰ আগষ্ট মাহত তেওঁক শাস্তি প্ৰদান কৰা হৈছিল। ম্যানমাৰৰ এখন বিশেষ আদালতে চলিত আগষ্টৰ আৰম্ভণিতে আং ছান চ্যু কীক দুৰ্নীতিৰ চাৰিটা গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছত ছয় বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। ডাউ খিন’ছ ফাউণ্ডেছনৰ ধনৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছিল তেওঁৰ বিৰুদ্ধে। এই ভেটিটো স্বাস্থ্য আৰু শিক্ষাৰ প্ৰসাৰৰ বাবে প্ৰতিষ্ঠা কৰা হৈছিল। কিন্তু সেই সময়ছোৱাত আং ছান চু্য কীয়ে নিজৰ বিৰুদ্ধে উত্থাপিত অভিযোগক অৰ্থহীন বুলি অভিহিত কৰিছিল।কিন্তু তেওঁ সকলো অভিযোগ অস্বীকাৰ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু