--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিৰ্বাচনমুখী তেলেংগানাত কাৰ্যকৰী সমিতিৰ বৈঠক অনুষ্ঠিত কৰি কাৰ্যত: তেলেংগানা দখলৰ বাৰ্তা দিলে ভাৰতীয় জাতীয় কংগ্ৰেছে৷ 

হায়দৰাবাদত দলটোৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সমিতি ‘কংগ্ৰেছ ৱৰ্কিং কমিটি’ৰ দুদিনীয়া অধিৱেশনৰ পাছত দলটোৱে দেওবাৰে এখন ৰাজহুৱা সভাত আগন্তুক তেলেংগানা নিৰ্বাচনৰ বাবে ছয়টা গেৰাণ্টি ঘোষণা কৰে।

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছোনিয়া গান্ধীয়ে মহালক্ষ্মী আঁচনিৰ ঘোষণা কৰে যাৰ অধীনত মহিলাসকলে প্ৰতি মাহে ২,৫০০ টকা লাভ কৰিব, ৫০০ টকাত এলপিজি চিলিণ্ডাৰ লাভ কৰিব আৰু ৰাজ্যজুৰি আৰটিচি বাছত বিনামূলীয়া ভ্ৰমণ কৰিব পাৰিব। ছোনিয়া গান্ধীয়ে কয়, মই মোৰ সহকৰ্মীসকলৰ সৈতে এই মহান ৰাজ্যখনৰ জন্মৰ অংশ হোৱাৰ সুযোগ পাইছিলোঁ৷ এতিয়া, ইয়াক নতুন উচ্চতালৈ উন্নীত কৰাটো আমাৰ কৰ্তব্য।

তেওঁ লগতে কয়, তেলেংগানাত এখন কংগ্ৰেছ চৰকাৰ দেখাটো মোৰ সপোন আছিল, যি সমাজৰ সকলো শ্ৰেণীৰ বাবে কাম কৰিব।

ছোনিয়া গান্ধীৰ পাছত দলটোৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই আৰু পাঁচটা গেৰাণ্টি ঘোষণা কৰে। প্ৰথমটো: ৰাইথু ভৰোছা গেৰাণ্টি, যাৰ অধীনত কৃষক আৰু ভাড়াতীয়া কৃষকসকলে বছৰি ১৫,০০০টকা লাভ কৰিব, কৃষি শ্ৰমিকসকলে ১২,০০০ টকা আৰু ধান শস্যৰ বাবে ৫০০ টকাৰ বোনাচ দিয়া হ’ব।

দ্বিতীয়টো আছিল গৃহ জ্যোতি গেৰাণ্টি, যাৰ অধীনত সকলো পৰিয়ালে ২০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ লাভ কৰিব। ইয়াৰ পাছত, ইন্দিৰাম্মা ইণ্ডলু গেৰাণ্টি আছিল যাৰ অধীনত ঘৰ নিৰ্মাণৰ বাবে ৫ লাখ টকা প্ৰদান কৰিব। তেলেংগানা আন্দোলনৰ যুঁজাৰুসকলেও এই আঁচনিৰ অধীনত ২৫০ বৰ্গ গজৰ প্লট লাভ কৰিব।

যুৱ বিকাশম গেৰাণ্টিৰ অধীনত, শিক্ষাৰ্থীসকলক ৫ লাখ টকাৰ বিদ্যা ভৰষা কাৰ্ড প্ৰদান কৰা হ'ব। প্ৰতিটো মণ্ডলত তেলেংগানা আন্ত:ৰাষ্ট্ৰীয় বিদ্যালয়ো থাকিব।

অৱশেষত, চেয়ুথা গেৰাণ্টিৰ অধীনত জ্যেষ্ঠ নাগৰিকসকলক মাহিলি ৪,০০০ টকাৰ পেঞ্চন দিয়া হ’ব আৰু ১০ লাখ টকা ৰাজীৱ আৰোগ্যসাৰী বীমাও উপলব্ধ কৰোৱা হ’ব বুলি খৰ্গেই কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু