--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিৰ্বাচনমুখী তেলেংগানাত কাৰ্যকৰী সমিতিৰ বৈঠক অনুষ্ঠিত কৰি কাৰ্যত: তেলেংগানা দখলৰ বাৰ্তা দিলে ভাৰতীয় জাতীয় কংগ্ৰেছে৷ 

হায়দৰাবাদত দলটোৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সমিতি ‘কংগ্ৰেছ ৱৰ্কিং কমিটি’ৰ দুদিনীয়া অধিৱেশনৰ পাছত দলটোৱে দেওবাৰে এখন ৰাজহুৱা সভাত আগন্তুক তেলেংগানা নিৰ্বাচনৰ বাবে ছয়টা গেৰাণ্টি ঘোষণা কৰে।

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছোনিয়া গান্ধীয়ে মহালক্ষ্মী আঁচনিৰ ঘোষণা কৰে যাৰ অধীনত মহিলাসকলে প্ৰতি মাহে ২,৫০০ টকা লাভ কৰিব, ৫০০ টকাত এলপিজি চিলিণ্ডাৰ লাভ কৰিব আৰু ৰাজ্যজুৰি আৰটিচি বাছত বিনামূলীয়া ভ্ৰমণ কৰিব পাৰিব। ছোনিয়া গান্ধীয়ে কয়, মই মোৰ সহকৰ্মীসকলৰ সৈতে এই মহান ৰাজ্যখনৰ জন্মৰ অংশ হোৱাৰ সুযোগ পাইছিলোঁ৷ এতিয়া, ইয়াক নতুন উচ্চতালৈ উন্নীত কৰাটো আমাৰ কৰ্তব্য।

তেওঁ লগতে কয়, তেলেংগানাত এখন কংগ্ৰেছ চৰকাৰ দেখাটো মোৰ সপোন আছিল, যি সমাজৰ সকলো শ্ৰেণীৰ বাবে কাম কৰিব।

ছোনিয়া গান্ধীৰ পাছত দলটোৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই আৰু পাঁচটা গেৰাণ্টি ঘোষণা কৰে। প্ৰথমটো: ৰাইথু ভৰোছা গেৰাণ্টি, যাৰ অধীনত কৃষক আৰু ভাড়াতীয়া কৃষকসকলে বছৰি ১৫,০০০টকা লাভ কৰিব, কৃষি শ্ৰমিকসকলে ১২,০০০ টকা আৰু ধান শস্যৰ বাবে ৫০০ টকাৰ বোনাচ দিয়া হ’ব।

দ্বিতীয়টো আছিল গৃহ জ্যোতি গেৰাণ্টি, যাৰ অধীনত সকলো পৰিয়ালে ২০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ লাভ কৰিব। ইয়াৰ পাছত, ইন্দিৰাম্মা ইণ্ডলু গেৰাণ্টি আছিল যাৰ অধীনত ঘৰ নিৰ্মাণৰ বাবে ৫ লাখ টকা প্ৰদান কৰিব। তেলেংগানা আন্দোলনৰ যুঁজাৰুসকলেও এই আঁচনিৰ অধীনত ২৫০ বৰ্গ গজৰ প্লট লাভ কৰিব।

যুৱ বিকাশম গেৰাণ্টিৰ অধীনত, শিক্ষাৰ্থীসকলক ৫ লাখ টকাৰ বিদ্যা ভৰষা কাৰ্ড প্ৰদান কৰা হ'ব। প্ৰতিটো মণ্ডলত তেলেংগানা আন্ত:ৰাষ্ট্ৰীয় বিদ্যালয়ো থাকিব।

অৱশেষত, চেয়ুথা গেৰাণ্টিৰ অধীনত জ্যেষ্ঠ নাগৰিকসকলক মাহিলি ৪,০০০ টকাৰ পেঞ্চন দিয়া হ’ব আৰু ১০ লাখ টকা ৰাজীৱ আৰোগ্যসাৰী বীমাও উপলব্ধ কৰোৱা হ’ব বুলি খৰ্গেই কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক