--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ আলোচিত বিষয় ৰাজসাহায্য৷পিছে এইবাৰ ৰাজসাহায্যৰ প্ৰসংগৰ সৈতে সংপৃক্ত হৈ পৰিছে ৰাজ্যৰ মহিলা উদ্যোগী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ নাম৷তদুপৰি এই প্ৰসংগতে মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ মাজত এক্স(পূৰ্বৰ টুইটাৰ)ত তীব্ৰ বাক-বিতণ্ডাৰ সূত্ৰপাত হৈছে৷গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰীয়ে তেওঁৰ পত্নীয়ে ৰাজসাহায্য লাভ কৰাৰ তথ্য শুদ্ধ বুলি প্ৰমাণ কৰিলে ৰাজহুৱা জীৱন ত্যাগ কৰাৰো হুংকাৰ প্ৰদান কৰিছে৷

ইপিনে চৰকাৰৰ পৰা ১০ কোটি টকাৰ ৰাজসাহায্য লাভ কৰাৰ অভিযোগ অস্বীকাৰ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ দাখিল কৰিব বুলি ঘোষণা কৰে। অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই বৃহস্পতিবাৰে এক বিবৃতিত কয় যে তেওঁৰ কোম্পানী প্ৰাইডইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডে আইন মানি চলিছে আৰু কেন্দ্ৰৰ পৰা কোনো ৰাজসাহায্য লাভ কৰা নাই।




ৰিণিকি ভূঞা শৰ্মাৰ আইনী ব্যৱস্থা লোৱাৰ হুংকাৰক প্ৰত্যুত্তৰ প্ৰদান কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ-এ৷ তেওঁ অভিযোগ কৰিছে যে হিমন্ত বিশ্বৰ পত্নীৰ প্ৰতিষ্ঠান প্ৰাইভেট ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডে কেন্দ্ৰৰ পৰা ক্ৰেডিট লিংকড ৰাজসাহায্যৰ অংশ হিচাপে ১০ কোটি টকা লাভ কৰিছিল। 

কালি সংবাদ মাধ্যমৰ মুখামুখি হওঁতে কংগ্ৰেছ সাংসদজনে তেওঁৰ লগতে ৰিণিকি ভূঞা শৰ্মাক কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোৱেল আৰু তেজপুৰ সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসকো পক্ষ কৰাৰ দাবী কৰে৷কাৰণ ৰাজসাহায্য লাভ কৰাৰ প্ৰসংগত পল্লৱ লোচন দাসে কৰা তথ্যত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ূষ গোৱেলে ৰিণিকি ভূঞা শৰ্মাৰ নামোল্লেখিত তথ্য প্ৰদান কৰিছিল৷এতিয়া কংগ্ৰেছ সাংসদ বনাম মুখ্যমন্ত্ৰীৰ পত্নীৰ যুঁজখনে কি ৰূপ লয় সেয়া হ’ব ভৱিষ্যত সময়ত লক্ষণীয়৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু