--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ আলোচিত বিষয় ৰাজসাহায্য৷পিছে এইবাৰ ৰাজসাহায্যৰ প্ৰসংগৰ সৈতে সংপৃক্ত হৈ পৰিছে ৰাজ্যৰ মহিলা উদ্যোগী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ নাম৷তদুপৰি এই প্ৰসংগতে মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ মাজত এক্স(পূৰ্বৰ টুইটাৰ)ত তীব্ৰ বাক-বিতণ্ডাৰ সূত্ৰপাত হৈছে৷গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰীয়ে তেওঁৰ পত্নীয়ে ৰাজসাহায্য লাভ কৰাৰ তথ্য শুদ্ধ বুলি প্ৰমাণ কৰিলে ৰাজহুৱা জীৱন ত্যাগ কৰাৰো হুংকাৰ প্ৰদান কৰিছে৷

ইপিনে চৰকাৰৰ পৰা ১০ কোটি টকাৰ ৰাজসাহায্য লাভ কৰাৰ অভিযোগ অস্বীকাৰ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ দাখিল কৰিব বুলি ঘোষণা কৰে। অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই বৃহস্পতিবাৰে এক বিবৃতিত কয় যে তেওঁৰ কোম্পানী প্ৰাইডইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডে আইন মানি চলিছে আৰু কেন্দ্ৰৰ পৰা কোনো ৰাজসাহায্য লাভ কৰা নাই।




ৰিণিকি ভূঞা শৰ্মাৰ আইনী ব্যৱস্থা লোৱাৰ হুংকাৰক প্ৰত্যুত্তৰ প্ৰদান কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ-এ৷ তেওঁ অভিযোগ কৰিছে যে হিমন্ত বিশ্বৰ পত্নীৰ প্ৰতিষ্ঠান প্ৰাইভেট ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডে কেন্দ্ৰৰ পৰা ক্ৰেডিট লিংকড ৰাজসাহায্যৰ অংশ হিচাপে ১০ কোটি টকা লাভ কৰিছিল। 

কালি সংবাদ মাধ্যমৰ মুখামুখি হওঁতে কংগ্ৰেছ সাংসদজনে তেওঁৰ লগতে ৰিণিকি ভূঞা শৰ্মাক কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোৱেল আৰু তেজপুৰ সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসকো পক্ষ কৰাৰ দাবী কৰে৷কাৰণ ৰাজসাহায্য লাভ কৰাৰ প্ৰসংগত পল্লৱ লোচন দাসে কৰা তথ্যত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ূষ গোৱেলে ৰিণিকি ভূঞা শৰ্মাৰ নামোল্লেখিত তথ্য প্ৰদান কৰিছিল৷এতিয়া কংগ্ৰেছ সাংসদ বনাম মুখ্যমন্ত্ৰীৰ পত্নীৰ যুঁজখনে কি ৰূপ লয় সেয়া হ’ব ভৱিষ্যত সময়ত লক্ষণীয়৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক