--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নিৰ্বাচনত কিদৰে জয়ী হ’ব লাগে সেইকথা বিজেপিতকৈ ভালকৈ জানে কোনে? সৰু-ডাঙৰ বুলি কথা নাই, যিকোনো নিৰ্বাচনতে বিজেপিয়ে নিজৰ সৰ্বশক্তিৰে অৱতীৰ্ণ হৈ আহিছে আৰু জয় আঁজুৰি আনিবলৈ সম্ভৱপৰ সকলো কৰি আহিছে। কিন্তু এইবাৰ এগৰাকী বিজেপি নেতাই নজিৰবিহীন ইতিহাস সৃষ্টি কৰিলে। নিৰ্বাচনত অৱতীৰ্ণ হৈ তেওঁ জয়ী হ’বতো নোৱাৰিলেই আনকি নিজৰ সন্মান ৰক্ষা কৰিবলৈও সক্ষম নহ’ল। নিৰ্বাচনত তেওঁ লাভ কৰা ভোটৰ সংখ্যা কিমান জানিলে আপোনাৰো পেটতে হাত-ভৰি লুকাব। তামিলনাডুৰ পৌৰ নিৰ্বাচনত এই নজিৰবিহীন পৰিস্থিতিৰ সৃষ্টি হ’ল বিজেপিৰ প্ৰাৰ্থীগৰাকী। চেন্নাইৰ ইৰোডৰ পৰা স্থানীয় পৌৰনিগমৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপি প্ৰাৰ্থী নৰেন্দ্ৰনে লাভ কৰিলে মাত্ৰ এটা ভোট। ভবানীসাগৰ এলেকাৰ ৱাৰ্ড নং ১১ত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি প্ৰাৰ্থী নৰেন্দ্ৰনে ১টা ভোট লাভ কৰাৰ পাছতে তেওঁৰ অৱস্থা হৈছে ক’লৈ যাওঁ গোপাল, ক’লৈ যাওঁ কৃপাল সদৃশ। নিৰ্বাচনৰ পাছত ভোটগণনা কৰাৰ সময়ত পোহৰলৈ আহে যে, প্ৰাৰ্থীগৰাকীৰ পৰিয়ালৰ লোক, আত্মীয় স্বজন, বন্ধু-বান্ধৱ কোনেও তেওঁক ভোট নিদিলে। বিজেপি প্ৰাৰ্থী নৰেন্দ্ৰন ডিএমকে প্ৰাৰ্থীৰ হাতত পৰাজিত হয়। ৱাৰ্ডটোৰ ১৬২টা ভোটৰ ভিতৰত তেওঁ লাভ কৰে ৮৪টা ভোট। উল্লেখ্য যে, তামিলনাডুৰ ২১টা নিগম, ১৩৮টা নগৰ পালিকা আৰু ৪৮৯টা নগৰ পঞ্চায়তৰ ১২,৫০০ৰো অধিক ৱাৰ্ডৰ বাবে ১৯ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনত শাসকীয় ডিএমকে দলে চমকপ্ৰদ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। নিৰ্বাচনত হৰা-জিকা নতুন কথা নহয়, কিন্তু বিজেপিৰ এজন প্ৰাৰ্থীয়ে এটা ৱাৰ্ডত মাত্ৰ এটাহে ভোট পোৱাটোক লৈ আমোদৰ সৃষ্টি হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু