--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নিৰ্বাচনত কিদৰে জয়ী হ’ব লাগে সেইকথা বিজেপিতকৈ ভালকৈ জানে কোনে? সৰু-ডাঙৰ বুলি কথা নাই, যিকোনো নিৰ্বাচনতে বিজেপিয়ে নিজৰ সৰ্বশক্তিৰে অৱতীৰ্ণ হৈ আহিছে আৰু জয় আঁজুৰি আনিবলৈ সম্ভৱপৰ সকলো কৰি আহিছে। কিন্তু এইবাৰ এগৰাকী বিজেপি নেতাই নজিৰবিহীন ইতিহাস সৃষ্টি কৰিলে। নিৰ্বাচনত অৱতীৰ্ণ হৈ তেওঁ জয়ী হ’বতো নোৱাৰিলেই আনকি নিজৰ সন্মান ৰক্ষা কৰিবলৈও সক্ষম নহ’ল। নিৰ্বাচনত তেওঁ লাভ কৰা ভোটৰ সংখ্যা কিমান জানিলে আপোনাৰো পেটতে হাত-ভৰি লুকাব। তামিলনাডুৰ পৌৰ নিৰ্বাচনত এই নজিৰবিহীন পৰিস্থিতিৰ সৃষ্টি হ’ল বিজেপিৰ প্ৰাৰ্থীগৰাকী। চেন্নাইৰ ইৰোডৰ পৰা স্থানীয় পৌৰনিগমৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপি প্ৰাৰ্থী নৰেন্দ্ৰনে লাভ কৰিলে মাত্ৰ এটা ভোট। ভবানীসাগৰ এলেকাৰ ৱাৰ্ড নং ১১ত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি প্ৰাৰ্থী নৰেন্দ্ৰনে ১টা ভোট লাভ কৰাৰ পাছতে তেওঁৰ অৱস্থা হৈছে ক’লৈ যাওঁ গোপাল, ক’লৈ যাওঁ কৃপাল সদৃশ। নিৰ্বাচনৰ পাছত ভোটগণনা কৰাৰ সময়ত পোহৰলৈ আহে যে, প্ৰাৰ্থীগৰাকীৰ পৰিয়ালৰ লোক, আত্মীয় স্বজন, বন্ধু-বান্ধৱ কোনেও তেওঁক ভোট নিদিলে। বিজেপি প্ৰাৰ্থী নৰেন্দ্ৰন ডিএমকে প্ৰাৰ্থীৰ হাতত পৰাজিত হয়। ৱাৰ্ডটোৰ ১৬২টা ভোটৰ ভিতৰত তেওঁ লাভ কৰে ৮৪টা ভোট। উল্লেখ্য যে, তামিলনাডুৰ ২১টা নিগম, ১৩৮টা নগৰ পালিকা আৰু ৪৮৯টা নগৰ পঞ্চায়তৰ ১২,৫০০ৰো অধিক ৱাৰ্ডৰ বাবে ১৯ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনত শাসকীয় ডিএমকে দলে চমকপ্ৰদ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। নিৰ্বাচনত হৰা-জিকা নতুন কথা নহয়, কিন্তু বিজেপিৰ এজন প্ৰাৰ্থীয়ে এটা ৱাৰ্ডত মাত্ৰ এটাহে ভোট পোৱাটোক লৈ আমোদৰ সৃষ্টি হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু