--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এতিয়া যেন চৰকাৰৰ বিৰুদ্ধে হুলেৰে হুল কঢ়া নীতি গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে কৃষকসকলে। কৃষক সমাজৰ বিভিন্ন সমস্যাৰ প্ৰতি উদাসীন চৰকাৰক সেও মনাবলৈ ৰাজপথত দীঘলীয়া সংগ্ৰাম কৰিবলৈ বাধ্য হোৱা কৃষকৰ শাসকৰ প্ৰতি ক্ষোভ-অসন্তুষ্টি এতিয়াও আঁতৰ হোৱা নাই। এতিয়া বৰং তেওঁলোকৰ বিভিন্ন সমস্যা চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ আক্ৰমণাত্মক পন্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে কৃষকসকলে। উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ মাজতে শাসকীয় দল তথা চৰকাৰৰ প্ৰতি কৃষকৰ ক্ষোভৰ অগ্নিবৰ্ষী বহিৰ্প্ৰকাশ দেখিবলৈ পোৱা গৈছে। মঙলবাৰে উত্তৰ প্ৰদেশৰ ৰাজধানী মহানগৰ লক্ষ্ণৌৰ পৰা ৪০কিলোমিটাৰ আঁতৰৰ বাৰাবাংকীত কৃষকৰ প্ৰতিবাদৰ এক অভূতপূৰ্ব নিদৰ্শন দেখিবলৈ পোৱা গ’ল। জানিব পৰা মতে সেই স্থানত আছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্বাচনী প্ৰচাৰ সভা। সাধাৰণতে শাসকীয় দলৰ সভা তাতে আকৌ বিজেপিৰ সভা বুলিলে মানুহৰ লানি নিছিগা ভিৰ হোৱাটো সাধাৰণ কথাত পৰিণত হৈছে। কিন্তু এইবাৰ দেখা গ’ল তাৰ বিপৰীত পৰিস্থিতি। যোগীৰ সভাৰ আগে আগে সভাস্থলীত জাকে জাকে গৰুৱে ভিৰ কৰা দেখা গ’ল। এই ঘটনাৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে। জানিব পৰা মতে, যোগীৰ সভাৰ আগে আগে অঞ্চলটোৰ কৃষকসকলে পথ, পথাৰৰ পৰা খেদি আনি শতাধিক বলধ গৰু মেলি দিয়ে যোগী সভাস্থলীৰ সমীপত। এনে কৰাৰ কাৰণ কিন্তু অতি গুৰুত্বপূ্ৰ্ণ। কিয়নো সেই স্থানত বাটৰুৱা পশু বিশেষকৈ বাটৰুৱা গৰুৰ সমস্যাটো এটা গুৰুতৰ সমস্যা। এই সমস্যা সমাধান কৰিবলৈ অপাৰগ হোৱা বাবে তথা চৰকাৰে সঠিক মনযোগ নিদিয়া বাবে এই অভিনৱ প্ৰতিবাদেৰে কৃষকসকলে তেওঁলোকৰ সমস্যাৰ বিষয়ে চৰকাৰক সজাগ কৰাৰ চেষ্টা কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। কৃষক নেতা ৰমনদ্বীপ সিং মানে শতাধিক পশুৰ এটা জাকে যোগী আদিত্যনাথৰ সভাস্থলীৰ সমীপত ভিৰ কৰা ভিডিঅ’ পোষ্ট কৰি লিখিছে যে ‘যোগী আদিত্যনাথৰ সভাৰ পূৰ্বে কৃষসকলে তেওঁৰ সভাস্থলীৰ সমীপত শতাধিক গৰু এৰি দিয়ে। বাটৰুৱা গৰুবোৰ চম্ভালাৰ বাবে কৃষকসকলে ইমানদিনে কোনো উপায় বিচাৰি পোৱা নাই। পাঁচ বছৰে উত্তৰ প্ৰদেশ চৰকাৰেও ইয়াৰ কোনো সমাধান বিচাৰি উলিওৱা নাই। কৃষকসকলে এতিয়া চাব খুজিছে বিজেপিয়ে ইয়াৰ কি সমাধান উলিয়ায়।’ কৃষকে উত্থাপন কৰি অহা সমস্যাৰ প্ৰতি গুৰুত্ব আৰোপ নকৰাত এইবাৰ সেই সমস্যা বিজেপিকে জাপি দিয়াৰ যি নীতি কৃষকে লৈছে, সেই নীতিয়ে নিৰ্বাচনৰ ভৰপক সময়ত বিজেপি চৰকাৰক অস্বস্তিত পেলোৱাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে। মন কৰিবলগীয়া যে, যোৱা সপ্তাহত প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ প্ৰদেশৰ এনে আশ্ৰয়হীন বাটৰুৱা গৰু-ম’হৰ সমস্যা সমাধান কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। কৃষকসকলৰ আজিৰ এই কাৰ্যক বহুতেই এতিয়া মোদীৰ প্ৰতিশ্ৰুতি যোগীক সোঁৱৰাই দিয়া বুলি অভিহিত কৰিছে। মন কৰিবলগীয়া যে, এই ঘটনা সম্পৰ্কত এতিয়ালৈ প্ৰশাসনৰ ফালৰ পৰা কোনো প্ৰতিক্ৰিয়া লাভ কৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু