--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এতিয়া যেন চৰকাৰৰ বিৰুদ্ধে হুলেৰে হুল কঢ়া নীতি গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে কৃষকসকলে। কৃষক সমাজৰ বিভিন্ন সমস্যাৰ প্ৰতি উদাসীন চৰকাৰক সেও মনাবলৈ ৰাজপথত দীঘলীয়া সংগ্ৰাম কৰিবলৈ বাধ্য হোৱা কৃষকৰ শাসকৰ প্ৰতি ক্ষোভ-অসন্তুষ্টি এতিয়াও আঁতৰ হোৱা নাই। এতিয়া বৰং তেওঁলোকৰ বিভিন্ন সমস্যা চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ আক্ৰমণাত্মক পন্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে কৃষকসকলে। উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ মাজতে শাসকীয় দল তথা চৰকাৰৰ প্ৰতি কৃষকৰ ক্ষোভৰ অগ্নিবৰ্ষী বহিৰ্প্ৰকাশ দেখিবলৈ পোৱা গৈছে। মঙলবাৰে উত্তৰ প্ৰদেশৰ ৰাজধানী মহানগৰ লক্ষ্ণৌৰ পৰা ৪০কিলোমিটাৰ আঁতৰৰ বাৰাবাংকীত কৃষকৰ প্ৰতিবাদৰ এক অভূতপূৰ্ব নিদৰ্শন দেখিবলৈ পোৱা গ’ল। জানিব পৰা মতে সেই স্থানত আছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্বাচনী প্ৰচাৰ সভা। সাধাৰণতে শাসকীয় দলৰ সভা তাতে আকৌ বিজেপিৰ সভা বুলিলে মানুহৰ লানি নিছিগা ভিৰ হোৱাটো সাধাৰণ কথাত পৰিণত হৈছে। কিন্তু এইবাৰ দেখা গ’ল তাৰ বিপৰীত পৰিস্থিতি। যোগীৰ সভাৰ আগে আগে সভাস্থলীত জাকে জাকে গৰুৱে ভিৰ কৰা দেখা গ’ল। এই ঘটনাৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে। জানিব পৰা মতে, যোগীৰ সভাৰ আগে আগে অঞ্চলটোৰ কৃষকসকলে পথ, পথাৰৰ পৰা খেদি আনি শতাধিক বলধ গৰু মেলি দিয়ে যোগী সভাস্থলীৰ সমীপত। এনে কৰাৰ কাৰণ কিন্তু অতি গুৰুত্বপূ্ৰ্ণ। কিয়নো সেই স্থানত বাটৰুৱা পশু বিশেষকৈ বাটৰুৱা গৰুৰ সমস্যাটো এটা গুৰুতৰ সমস্যা। এই সমস্যা সমাধান কৰিবলৈ অপাৰগ হোৱা বাবে তথা চৰকাৰে সঠিক মনযোগ নিদিয়া বাবে এই অভিনৱ প্ৰতিবাদেৰে কৃষকসকলে তেওঁলোকৰ সমস্যাৰ বিষয়ে চৰকাৰক সজাগ কৰাৰ চেষ্টা কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। কৃষক নেতা ৰমনদ্বীপ সিং মানে শতাধিক পশুৰ এটা জাকে যোগী আদিত্যনাথৰ সভাস্থলীৰ সমীপত ভিৰ কৰা ভিডিঅ’ পোষ্ট কৰি লিখিছে যে ‘যোগী আদিত্যনাথৰ সভাৰ পূৰ্বে কৃষসকলে তেওঁৰ সভাস্থলীৰ সমীপত শতাধিক গৰু এৰি দিয়ে। বাটৰুৱা গৰুবোৰ চম্ভালাৰ বাবে কৃষকসকলে ইমানদিনে কোনো উপায় বিচাৰি পোৱা নাই। পাঁচ বছৰে উত্তৰ প্ৰদেশ চৰকাৰেও ইয়াৰ কোনো সমাধান বিচাৰি উলিওৱা নাই। কৃষকসকলে এতিয়া চাব খুজিছে বিজেপিয়ে ইয়াৰ কি সমাধান উলিয়ায়।’ কৃষকে উত্থাপন কৰি অহা সমস্যাৰ প্ৰতি গুৰুত্ব আৰোপ নকৰাত এইবাৰ সেই সমস্যা বিজেপিকে জাপি দিয়াৰ যি নীতি কৃষকে লৈছে, সেই নীতিয়ে নিৰ্বাচনৰ ভৰপক সময়ত বিজেপি চৰকাৰক অস্বস্তিত পেলোৱাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে। মন কৰিবলগীয়া যে, যোৱা সপ্তাহত প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ প্ৰদেশৰ এনে আশ্ৰয়হীন বাটৰুৱা গৰু-ম’হৰ সমস্যা সমাধান কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। কৃষকসকলৰ আজিৰ এই কাৰ্যক বহুতেই এতিয়া মোদীৰ প্ৰতিশ্ৰুতি যোগীক সোঁৱৰাই দিয়া বুলি অভিহিত কৰিছে। মন কৰিবলগীয়া যে, এই ঘটনা সম্পৰ্কত এতিয়ালৈ প্ৰশাসনৰ ফালৰ পৰা কোনো প্ৰতিক্ৰিয়া লাভ কৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু