--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চমখন টেষ্ট জয়ৰ দিনাই ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে ঘোষণা কৰে যে ক্ৰিকেটাৰসকলক টেষ্ট খেলাৰ বাবে অতিৰিক্ত ধন প্ৰদান কৰা হ’ব। সুনীল গাওস্কাৰৰ মতে ঘৰুৱা ক্ৰিকেটকো সেইধৰণে ধনৰাশি দিব লাগে। ইয়াৰ জৰিয়তে ক্ৰিকেটাৰসকলক ঘৰুৱা ক্ৰিকেট খেলিবলৈ উৎসাহিত কৰা হ’ব।

ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকী ব’ৰ্ডে ক্ৰিকেটাৰক টেষ্ট খেলিবলৈ অতিৰিক্ত ধন দিয়াৰ সিদ্ধান্তত সুখী। তাৰ লগতে তেওঁ কয়, "ৰাহুল দ্ৰাবিদে কৈছিল যে ক্ৰিকেটাৰসকলক দিয়া অতিৰিক্ত ধনকো পুৰস্কাৰ বুলি কোৱা হ'ব। বিচিচিআইৰ এক ডাঙৰ সিদ্ধান্ত। কিন্তু মই ক’ম ৰঞ্জী ট্ৰফীকো গুৰুত্ব দিব লাগে। ৰঞ্জিত ক্ৰিকেটাৰসকলে যি টকা পায় সেয়া দুগুণ বা তিনিগুণ হ’লে সকলোৱে অধিক ঘৰুৱা ক্ৰিকেট খেলিব বিচাৰিব। বহুতে ৰঞ্জী খেলিব নিবিচাৰে কাৰণ তেওঁলোকে বেছি টকা নাপায়। ক্ৰিকেটাৰসকলে ৰাজ্যৰ হৈ ১০খন মেচ খেলিবলৈ অধিক ধন বিচাৰে।’’

টেষ্ট শৃংখলাত ইংলেণ্ডক পৰাস্ত কৰাৰ পিছত সম্পাদক জয় শ্বাহে ঘোষণা কৰে যে যদি কোনো ক্ৰিকেটাৰে এটা ছিজনত অধিক টেষ্ট খেলে তেন্তে বছৰৰ শেষত তেওঁ ‘উদ্দীপনা’ হিচাপে সুকীয়াকৈ ধন লাভ কৰিব। মেচ ফি বা চেণ্ট্ৰেল কন্ট্ৰেক্টৰ পৰা পোৱা টকা আছে। অতিৰিক্ত ধনো দিয়া হ’ব। কোনোবাই প্ৰথম এঘাৰত নাথাকিলেও টকা পাব। বিগত সময়ত কোনো দেশেই এই উদ্যোগ লোৱা দেখা পোৱা নাই। ইয়াৰ বাবে ব’ৰ্ডৰ কোষাগাৰৰ পৰা ৪০ কোটি টকা আবণ্টন দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ