--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপোনাৰ নখত বাৰু কেতিয়াবা বগা ফোঁট পৰে নেকি? নখত পৰা এই বগা দাগৰ লগত স্বাস্থ্যৰ কিবা সম্পৰ্ক আছে নেকি?  শৰীৰত যেতিয়া কোনো যৌগৰ অভাৱ হয় তেতিয়া এনে বগা দাগ বা ফোঁটবোৰ দেখা যায় নখত৷ কোনোৱে কয় নখত কেলচিয়ামৰ অভাৱ হ’লে বগা দাগ ওলায়৷ খাদ্য পৰামর্শদাতাসকলৰ মতে নখৰ বগা দাগ শৰীৰত জিংকৰ অভাৱৰ বাবেই হয়৷

শৰীৰত আইৰণৰ পিছতে জিংক দ্বিতীয় গুৰুত্বপূৰ্ণ যৌগ। শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাত বিশেষ ভূমিকা আছে জিংকৰ৷ কিছুমান বিশেষ খাদ্য খালে জিংকৰ অভাৱ দূৰ কৰিব পাৰি৷ তাৰ ভিতৰত সাগৰীয় খাদ্য, কণী, মাংস, ব্ৰকলি, মাশ্বৰূম, কচু, নহৰু,ডাৰ্ক চকলেট আদি খালে শৰীৰৰ পৰা জিংকৰ অভাৱ দূৰ হয়৷

চকুৰ দৰে নখেও স্বাস্থ্যৰ অৱস্থা কয়। শৰীৰত যদি কোনো ধৰণৰ ৰোগ বা সংক্ৰমণ হয় তেন্তে তাৰ প্ৰভাৱ নখত দেখা দিবলৈ আৰম্ভ কৰে। নখত বগা দাগ ওলোৱাৰ বহু কাৰণ থাকিব পাৰে। হেল্থলাইনৰ মতে, নখত বগা দাগ পৰাৰ আটাইতকৈ সাধাৰণ কাৰণ হ’ল লিউক’নিচিয়া। ইয়াৰ ফলত নখৰ ক্ষতি হয় আৰু ইয়াৰ ৰংও সলনি হ’ব পাৰে। নখৰ আঘাতৰ ফলত লিউক’নাইচিয়া হ’ব পাৰে।

সঘনাই নখত বগা দাগ পৰিলে ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। যদি কেতিয়াবাহে হয় তেন্তে ইমান চিন্তাৰ বিষয় নহয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু