--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এন এম চিয়ে সকলো চিকিৎসা মহাবিদ্যালয় আৰু প্রতিষ্ঠানক এই বুলি নির্দেশ দিয়ে যে ইয়াৰ অধীনৰ স্নাতকোত্তৰ চিকিৎসা শিক্ষা ব'র্ডে (পি জি এম ই বি) জাৰি কৰা নিদের্শনাটো গুৰুত্বসহকাৰে লৈ ইয়াক মানি চলিব লাগে।

ডিজিটেল ডেস্ক: সমগ্ৰ দেশৰ চিকিৎসা মহাবিদ্যালয়সমূহত স্নাতকোত্তৰ ডিপ্লমা (পি জি ডিপ্লমা) পাঠ্যক্রমসমূহ বন্ধ কৰি দিয়া হ’ব। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে (এন এম চি) এই সিদ্ধান্ত লয়। এন এম চিয়ে লোৱা সিদ্ধান্ত অনুসৰি পি জি ডিপ্লমা পাঠ্যক্রমসমূহ বন্ধ কৰি তাৰ স্থানত এম ডি (ডক্তৰ অব্ মেডিচিন) আৰু এম এছৰ (মাষ্টাৰ অব্ ছাৰ্জাৰী) দৰে বিষেশজ্ঞ স্নাতকোত্তৰ পাঠ্যক্ৰম খোলা হ'ব। 


এন এম চিয়ে সোমবাৰে এই সম্পৰ্কত ইয়াৰ অধীনৰ সকলো চিকিৎসা মহাবিদ্যালয় আৰু প্ৰতিষ্ঠানলৈ নিৰ্দেশনা জাৰি কৰে। ইয়াত উল্লেখ কৰা হৈছে যে পিজি ডিপ্লমা পাঠ্যক্ৰমৰ বাবে নামভৰ্তিৰ ২০২৬-২৭ অন্তিম বর্ষ হ'ব। ২০২৭-২৮ বৰ্ষৰ পৰা এই পাঠ্যক্ৰমৰ বাবে নতুনকৈ কোনো নামভৰ্তি কৰা নহ'ব আৰু ইয়াৰ পাছত এই পাঠ্যক্রমসমূহ বন্ধ কৰি দিয়া হ'ব। এই পদক্ষেপৰ উদ্দেশ্য হ'ল স্নাতকোত্তৰ চিকিৎসা শিক্ষাক অধিক উন্নত মানৰ, মানসম্পন্ন আৰু বিশ্ব পৰ্যায়ৰ মানৰ অনুৰূপ কৰি তোলা। 


এন এম চিয়ে সকলো চিকিৎসা মহাবিদ্যালয় আৰু প্রতিষ্ঠানক এই বুলি নির্দেশ দিয়ে যে ইয়াৰ অধীনৰ স্নাতকোত্তৰ চিকিৎসা শিক্ষা ব'র্ডে (পি জি এম ই বি) জাৰি কৰা নিদের্শনাটো গুৰুত্বসহকাৰে লৈ ইয়াক মানি চলিব লাগে। পি জি এম ই বিয়ে কয় যে কেইবাখনো চিকিৎসা মহাবিদ্যালয়ত একেটা বিষয়ৰ বিশেষজ্ঞতা (স্পেচিয়েলিটি) বা বিষয়ত পি জি ডিপ্লমা আৰু এম ডি/এম এছ দুয়োটা পাঠ্যক্রম চলাই থকা হৈছে। ইয়াৰ বিপৰীতে একাংশ প্রতিষ্ঠানে কেৱল ডিপ্লমা পাঠ্যক্রম চলাই আছে। 


এন এম চিৰ মতে, এই চিকিৎসা মহাবিদ্যালয় তথা প্রতিষ্ঠানসমূহক আগৰে পৰা পর্যাপ্ত আন্তঃগাঁথনি, ফেকাল্টি আৰু ক্লিনিকেল সা-সুবিধা আছে। ইয়াৰ ভিত্তিতে স্নাতকোত্তৰ ডিগ্রী পাঠ্যক্রম সহজে আৰম্ভ কৰিব পৰা যাব। এই সিদ্ধান্ত লোৱা হয় ২০২৩ চনৰ প'ষ্ট গ্ৰেজুৱেট মেডিকেল এডুকেশ্যন ৰেগুলেশ্যনৰ (পি জি এম ই আৰ) অধীনত। 


নির্দেশনাটোত কোৱা হৈছে যে চিকিৎসা মহাবিদ্যালয় তথা প্রতিষ্ঠানসমূহে ডিপ্লমা পাঠ্যক্ৰমৰ আসনসমূহ ডিগ্রী পাঠ্যক্ৰমৰ আসনলৈ সলনি কৰাৰ বাবে মেডিকেল এছেছমেন্ট ৰেটিং ব'ৰ্ডত (এম এ আৰ বি) আবেদন কৰিব পাৰিব। এতিয়াৰ পৰা ডিপ্লমাৰ আসন আৰম্ভ কৰা বা সংখ্যা বৃদ্ধিৰ বাবে জনোৱা কোনো আবেদন গ্রহণ কৰা নহ’ব। 

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক