--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় পাকঘৰত নৰসিংহ পাত বহুলভাৱে ব্যৱহাৰ কৰা হয়। নৰসিংহ উদ্ভিদ অসমৰ লোকৰ অতি পৰিচিত। অৱশ্যে অসম বুলিয়েই নহয়, উত্তৰ-পূৰ্বাঞ্চল, দাক্ষিণাত্য আৰু শ্ৰীলংকাকে আদি কৰি কিছু দেশতো নৰসিংহ বহু লোকৰে প্ৰিয়। দাক্ষিণাত্যৰ ফালে ইয়াৰ পাতক কাৰীপতা নামেৰে অভিহিত কৰা হয়। আমাৰ ৰাজ্যত ইয়াক খাদ্য আৰু ঔষধৰ ৰূপত দীৰ্ঘদিন ব্যৱহাৰ কৰি অহা হৈছে। 

ফছফৰাছ, কেলচিয়াম, আইৰণ, কপাৰ, ভিটামিন আৰু মেগনেছিয়াম আদি পুষ্টিকৰ উপাদান নৰসিংহ পাতত পোৱা যায়। যিয়ে শৰীৰক বহু দিশত উপকৃত কৰে। প্ৰতিদিনে পুৱা ৩ৰ পৰা ৪ টা সেউজীয়া নৰসিংহ পাত চোবাই খালে কেনেদৰে উপকৃত হব পাৰি জানো আহক।

নৰসিংহ পাত খোৱাৰ আচৰিত উপকাৰিতা
 
১/ চকুৰ বাবে ভালঃ নৰসিংহ পাত খালে কুকুৰীকণা ৰোগ, অন্ধতা বা চকুৰ লগত জড়িত আন বহুতো ৰোগ হোৱাৰ আশংকা ৰোধ হয়। কাৰণ ইয়াত অত্যাৱশ্যকীয় পুষ্টিকৰ পদাৰ্থ ভিটামিন এ পোৱা যায় যিয়ে চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে।

২/ ডায়েবেটিছত সহায়কঃ ডায়েবেটিছ ৰোগীক প্ৰায়ে নৰসিংহ পাত চোবাই খাবলৈ পৰামৰ্শ দিয়া হয় কাৰণ ইয়াৰ হাইপ’গ্লাইচেমিক গুণ আছে যিয়ে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে।

৩/ হজম ভাল হয়ঃ এই পাত প্ৰতিদিনে পুৱা খালী পেটত চোবাই খাব লাগে কাৰণ ই হজম শক্তি বৃদ্ধি কৰে আৰু পেটৰ কোষ্ঠকাঠিন্য, এচিডিটি, পেট ফুলাকে ধৰি সকলো সমস্যাৰ পৰা মুক্তি দিয়ে।

৪/ সংক্ৰমণ প্ৰতিৰোধ কৰাঃ নৰসিংস পাতত এন্টিফাংগেল আৰু এন্টিবায়টিক গুণ পোৱা যায়, যাৰ ফলত বহু ধৰণৰ সংক্ৰমণ ৰোধ হয় আৰু ৰোগৰ আশংকা ৰোধ হয়।

৫/ ওজন কমাব পাৰিঃ নৰসিংহ পাত চোবাই খালে ওজন আৰু পেটৰ চৰ্বি কমোৱাত সহায়ক হয় কাৰণ ইয়াত ইথাইল এচিটেট, মাহানিম্বিন আৰু ডাইক্ল’ৰ’মিথেনৰ দৰে পুষ্টিকৰ উপাদান থাকে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ