--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় পাকঘৰত নৰসিংহ পাত বহুলভাৱে ব্যৱহাৰ কৰা হয়। নৰসিংহ উদ্ভিদ অসমৰ লোকৰ অতি পৰিচিত। অৱশ্যে অসম বুলিয়েই নহয়, উত্তৰ-পূৰ্বাঞ্চল, দাক্ষিণাত্য আৰু শ্ৰীলংকাকে আদি কৰি কিছু দেশতো নৰসিংহ বহু লোকৰে প্ৰিয়। দাক্ষিণাত্যৰ ফালে ইয়াৰ পাতক কাৰীপতা নামেৰে অভিহিত কৰা হয়। আমাৰ ৰাজ্যত ইয়াক খাদ্য আৰু ঔষধৰ ৰূপত দীৰ্ঘদিন ব্যৱহাৰ কৰি অহা হৈছে। 

ফছফৰাছ, কেলচিয়াম, আইৰণ, কপাৰ, ভিটামিন আৰু মেগনেছিয়াম আদি পুষ্টিকৰ উপাদান নৰসিংহ পাতত পোৱা যায়। যিয়ে শৰীৰক বহু দিশত উপকৃত কৰে। প্ৰতিদিনে পুৱা ৩ৰ পৰা ৪ টা সেউজীয়া নৰসিংহ পাত চোবাই খালে কেনেদৰে উপকৃত হব পাৰি জানো আহক।

নৰসিংহ পাত খোৱাৰ আচৰিত উপকাৰিতা
 
১/ চকুৰ বাবে ভালঃ নৰসিংহ পাত খালে কুকুৰীকণা ৰোগ, অন্ধতা বা চকুৰ লগত জড়িত আন বহুতো ৰোগ হোৱাৰ আশংকা ৰোধ হয়। কাৰণ ইয়াত অত্যাৱশ্যকীয় পুষ্টিকৰ পদাৰ্থ ভিটামিন এ পোৱা যায় যিয়ে চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে।

২/ ডায়েবেটিছত সহায়কঃ ডায়েবেটিছ ৰোগীক প্ৰায়ে নৰসিংহ পাত চোবাই খাবলৈ পৰামৰ্শ দিয়া হয় কাৰণ ইয়াৰ হাইপ’গ্লাইচেমিক গুণ আছে যিয়ে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে।

৩/ হজম ভাল হয়ঃ এই পাত প্ৰতিদিনে পুৱা খালী পেটত চোবাই খাব লাগে কাৰণ ই হজম শক্তি বৃদ্ধি কৰে আৰু পেটৰ কোষ্ঠকাঠিন্য, এচিডিটি, পেট ফুলাকে ধৰি সকলো সমস্যাৰ পৰা মুক্তি দিয়ে।

৪/ সংক্ৰমণ প্ৰতিৰোধ কৰাঃ নৰসিংস পাতত এন্টিফাংগেল আৰু এন্টিবায়টিক গুণ পোৱা যায়, যাৰ ফলত বহু ধৰণৰ সংক্ৰমণ ৰোধ হয় আৰু ৰোগৰ আশংকা ৰোধ হয়।

৫/ ওজন কমাব পাৰিঃ নৰসিংহ পাত চোবাই খালে ওজন আৰু পেটৰ চৰ্বি কমোৱাত সহায়ক হয় কাৰণ ইয়াত ইথাইল এচিটেট, মাহানিম্বিন আৰু ডাইক্ল’ৰ’মিথেনৰ দৰে পুষ্টিকৰ উপাদান থাকে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ