--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নৰসিংহ পাত ব্যৱহাৰ কৰি খাদ্যৰ সোৱাদ বৃদ্ধি কৰিব পাৰি। এই পাতবোৰ বহু ঔষধি গুণেৰে সমৃদ্ধ। সেয়েহে ইয়াৰ ব্যৱহাৰে মেদবহুলতা হ্ৰাস কৰি ছাল আৰু চুলিৰ সমস্যা দূৰ কৰিব পাৰি। বিশেষকৈ যদি আপুনি চুলিত প্ৰাকৃতিক ৰং পাব বিচাৰে তেন্তে নৰসিংহ পাত ব্যৱহাৰ কৰক। এই পাতে চুলি ক’লা কৰাৰ লগতে বহু দিশত অতি ফলপ্ৰসূ।

১. চুলিৰ ৰং ক’লা কৰাত নৰসিংহ পাত-

চুলিৰ ৰং ক’লা কৰিবলৈ নৰিসংহ পাত ব্যৱহাৰ কৰিব পাৰে। দৰাচলতে মেলানিনৰ অভাৱতে চুলি পকিবলৈ আৰম্ভ হয়। এনে অৱস্থাত নৰিসংহ পাতে আপোনাৰ চুলিত প্ৰাকৃতিকভাৱে ৰং অহাত সহায় কৰিব পাৰে। ইয়াত যথেষ্ট পৰিমাণে এন্টিঅক্সিডেন্ট আৰু ভিটামিন-বি পোৱা যায়, যিয়ে চুলিৰ গুৰিত মেলানিন উৎপাদন কৰাত সহায় কৰে। ইয়াৰ ফলত চুলি পকাত প্ৰাকৃতিকভাৱে বাধা দিব পাৰে।

২. ক’লা চুলিৰ বাবে নৰসিংহ পাত কেনেকৈ ব্যৱহাৰ কৰিব?

নৰসিংহ পাত তেল বা চুলিৰ মাস্ক হিচাপে ব্যৱহাৰ কৰি চুলিৰ ৰং ক’লা কৰিব পাৰি। চুলিৰ মাস্ক আৰু নৰসিংহ পাতৰ তেল কেনেকৈ প্ৰস্তুত কৰিব লাগে জানো আহক।

নৰসিংহ পাতৰ তেলঃ-নৰসিংহ পাতৰ তেল বনাবলৈ এবাটি সতেজ নৰসিংহ পাত আনি নাৰিকল তেল আৰু আধা বাটি কটা পিঁয়াজ মিহলি কৰিব। ইয়াৰ পাছত কেৰাহীত তেলখিনি গৰম কৰি লওক। নৰসিংহ পাত আৰু পিয়াঁজ দি কিছু সময় সিজাই ল’ব। তেলৰ ৰং সলনি হ’লে জুই কম কৰি দি তেলখিনি ঠাণ্ডা কৰি এটা বটলত ভৰাই থ’ব আৰু প্ৰয়োজন অনুসৰি মাজে মাজে চুলিত লগাব।

চুলিৰ মাস্কঃ-চুলিৰ মাস্ক প্ৰস্তুত কৰিবলৈ এই পাতৰ এটা পেষ্ট বনাই তাত ১ বাটি দৈ আৰু ২ চামুচ মৌ মিহলাই লওক। ইয়াৰ পাছত চুলিত এই মাস্ক লগাই প্ৰায় ২০ মিনিটমান সময় ৰাখিব। ইয়াৰ পাছত চুলিখিনি ভালদৰে ধুই পেলাব লাগে। ইয়াৰ ফলত চুলিৰ সৌন্দৰ্য বৃদ্ধি পাব আৰু প্ৰাকৃতিকভাৱে চুলিৰ ৰং সলনি হ’ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু