--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নৰসিংহ পাত ব্যৱহাৰ কৰি খাদ্যৰ সোৱাদ বৃদ্ধি কৰিব পাৰি। এই পাতবোৰ বহু ঔষধি গুণেৰে সমৃদ্ধ। সেয়েহে ইয়াৰ ব্যৱহাৰে মেদবহুলতা হ্ৰাস কৰি ছাল আৰু চুলিৰ সমস্যা দূৰ কৰিব পাৰি। বিশেষকৈ যদি আপুনি চুলিত প্ৰাকৃতিক ৰং পাব বিচাৰে তেন্তে নৰসিংহ পাত ব্যৱহাৰ কৰক। এই পাতে চুলি ক’লা কৰাৰ লগতে বহু দিশত অতি ফলপ্ৰসূ।

১. চুলিৰ ৰং ক’লা কৰাত নৰসিংহ পাত-

চুলিৰ ৰং ক’লা কৰিবলৈ নৰিসংহ পাত ব্যৱহাৰ কৰিব পাৰে। দৰাচলতে মেলানিনৰ অভাৱতে চুলি পকিবলৈ আৰম্ভ হয়। এনে অৱস্থাত নৰিসংহ পাতে আপোনাৰ চুলিত প্ৰাকৃতিকভাৱে ৰং অহাত সহায় কৰিব পাৰে। ইয়াত যথেষ্ট পৰিমাণে এন্টিঅক্সিডেন্ট আৰু ভিটামিন-বি পোৱা যায়, যিয়ে চুলিৰ গুৰিত মেলানিন উৎপাদন কৰাত সহায় কৰে। ইয়াৰ ফলত চুলি পকাত প্ৰাকৃতিকভাৱে বাধা দিব পাৰে।

২. ক’লা চুলিৰ বাবে নৰসিংহ পাত কেনেকৈ ব্যৱহাৰ কৰিব?

নৰসিংহ পাত তেল বা চুলিৰ মাস্ক হিচাপে ব্যৱহাৰ কৰি চুলিৰ ৰং ক’লা কৰিব পাৰি। চুলিৰ মাস্ক আৰু নৰসিংহ পাতৰ তেল কেনেকৈ প্ৰস্তুত কৰিব লাগে জানো আহক।

নৰসিংহ পাতৰ তেলঃ-নৰসিংহ পাতৰ তেল বনাবলৈ এবাটি সতেজ নৰসিংহ পাত আনি নাৰিকল তেল আৰু আধা বাটি কটা পিঁয়াজ মিহলি কৰিব। ইয়াৰ পাছত কেৰাহীত তেলখিনি গৰম কৰি লওক। নৰসিংহ পাত আৰু পিয়াঁজ দি কিছু সময় সিজাই ল’ব। তেলৰ ৰং সলনি হ’লে জুই কম কৰি দি তেলখিনি ঠাণ্ডা কৰি এটা বটলত ভৰাই থ’ব আৰু প্ৰয়োজন অনুসৰি মাজে মাজে চুলিত লগাব।

চুলিৰ মাস্কঃ-চুলিৰ মাস্ক প্ৰস্তুত কৰিবলৈ এই পাতৰ এটা পেষ্ট বনাই তাত ১ বাটি দৈ আৰু ২ চামুচ মৌ মিহলাই লওক। ইয়াৰ পাছত চুলিত এই মাস্ক লগাই প্ৰায় ২০ মিনিটমান সময় ৰাখিব। ইয়াৰ পাছত চুলিখিনি ভালদৰে ধুই পেলাব লাগে। ইয়াৰ ফলত চুলিৰ সৌন্দৰ্য বৃদ্ধি পাব আৰু প্ৰাকৃতিকভাৱে চুলিৰ ৰং সলনি হ’ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক