--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২২ বৰ্ষই আমাৰ মাজৰ পৰা বিদায় ল’বলৈ মাত্ৰ কেইটামান দিন বাকী আছে। এনে পৰিস্থিতিত এতিয়া সকলোৰে মাথোঁ আশা আছে যে ২০২৩ চনত জীৱনত সকলো ভাল হ’ব। এতিয়া ২০২৩ চনৰ নতুন বছৰৰ আগমনৰ কাউণ্টডাউন আৰম্ভ হৈছে। ৰাইজৰ মাজত বিয়পি পৰিছে নতুন শক্তি আৰু উৎসাহ। 

যদি আপুনিও বিচাৰে যে ২০২৩ চনত সকলো ভাল হ’ব লাগে, তেন্তে কিছুমান বাস্তু টিপছ গ্ৰহণ কৰিব লাগিব। বাস্তুশাস্ত্ৰৰ মতে আগন্তুক নতুন বছৰ আৰম্ভ হোৱাৰ আগে আগে এনে কিছুমান বস্তু ঘৰত আনি ৰাখিলে অতি শুভ বুলি গণ্য কৰা হয় আৰু ঘৰত সুখ আৰু সমৃদ্ধি বৃদ্ধি হয়। নেতিবাচকতাৰ ঠাইত ইতিবাচকতা বিয়পি পৰে। বাস্তুশাস্ত্ৰত এনে বহু শুভ বস্তুৰ কথা উল্লেখ আছে। ঘৰলৈ আনিলে দৰিদ্ৰতা দূৰ হৈ ধনাত্মক শক্তিৰ সম্প্ৰসাৰণ ঘটে। এইবোৰ বস্তু কি কি হয় জানো আহক।

* ময়ূৰৰ পাখিঃ ভগৱান শ্ৰীকৃষ্ণৰ পাখি খুব প্ৰিয়। যদি ঘৰত ময়ুৰৰ পাখি এটা ৰখা হয়, তেন্তে মাতৃ লক্ষ্মী সদায় তাতেই বাস কৰে। নতুন বছৰত যদি জীৱনত সুখ আৰু সমৃদ্ধি বিচাৰে তেন্তে ঘৰত ময়ূৰৰ পাখি ৰাখক।

* তুলসী গছঃ সনাতন ধৰ্মত তুলসী উদ্ভিদক আটাইতকৈ পবিত্ৰ বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে যি ঘৰত সেউজীয়া তুলসী গছ আছে, তাত কেতিয়াও একোৰে অভাৱ নহয় আৰু ঘৰখন ধন-সম্পত্তিৰে ভৰি থাকে। যদি আপোনাৰ ঘৰত তুলসী নাথাকে বা শুকাই গৈছে, তেন্তে এইবাৰ ঘৰলৈ লৈ আহিব এটা তুলসী গছ।

* ৰূপৰ হাতীঃ নতুন বছৰ আৰম্ভ হোৱাৰ আগতে আপুনি ঘৰলৈ আনিব পাৰে ৰূপৰ হাতী। জ্যোতিষৰ মতে ৰূপৰ হাতীৰ অলৌকিক প্ৰভাৱ আছে। এইখিনি ৰাখিলে ৰাহু আৰু কেতুৰ বেয়া প্ৰভাৱ শেষ হৈ যায় আৰু ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হয়।

* ধাতুৰ কাছঃ নতুন বছৰৰ আগতে নিশ্চিতভাৱে আপোনাৰ ঘৰলৈ এটা ধাতুৰ কাছ লৈ আহিব। প্ৰায়ে মানুহে সৰু মাটি বা কাঠৰ কাছ এটা আনি ঘৰৰ যিকোনো ঠাইতে ৰাখে যিটো ভাল নহয়। ৰূপ, পিতল বা ব্ৰঞ্জৰ ধাতুৰে নিৰ্মিত কাছ ঘৰত ৰখাটো শুভ। ধাতুৰ কাছ উত্তৰ দিশত ৰাখিলে ঋণাত্মক শক্তিৰ অন্ত পৰে আৰু দেৱী লক্ষ্মীয়ে আশীৰ্বাদ দিয়ে।

* লাফিং বুদ্ধঃ নৱবৰ্ষৰ উপলক্ষে আপুনিও ঘৰলৈ লৈ আহিব পাৰে লাফিং বুদ্ধ। লাফিং বুদ্ধক সদায় উত্তৰ-পূব দিশত ৰাখক। এনে কৰিলে ঘৰত টকাৰ অভাৱ কেতিয়াও নহয়।

* সৰু নাৰিকলঃ আপুনি ঘৰলৈ সৰু সৰু নাৰিকল আনি কাপোৰেৰে মেৰিয়াই টকা ঠাইত ৰাখক।  তাৰপাছত দীপাৱলীৰ দ্বিতীয় দিনা উলিয়াই নদী বা পুখুৰীত বিসৰ্জন দিয়ক। যদি আপুনি এনে কৰে তেন্তে মা লক্ষ্মী আপোনাৰ ঘৰত বহুদিন বাস কৰে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ডেৰ বছৰ পূৰ্বে আৰম্ভ কৰা ব্যৱসায়ে দেখিছে সফলতাৰ মুখ; কুঁহিয়াৰৰ ৰস বিক্ৰীৰে স্বাৱলম্বী মাকুমৰ ৰূপালী চেতিয়া দহোটীয়া
ভাৰতৰ ক্ষেপণাস্ত্ৰত শেনচকু চীনৰ
নৰৱেৰ সূৰ্যোদয়, ব্ৰাজিলৰ সূৰ্যাস্ত
মহানগৰীত আজৱ কাণ্ড! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই বেংকত গল্ড ল’ন ল’লে চিলনী চোৰে
দুলীয়াজানত দিহিং নদীত ওপঙি থকা অৱস্থাত কিশোৰীৰ মৃতদেহ উদ্ধাৰ; এজন কিশোৰ সন্ধানহীন
স্বামীয়ে বিচাৰিলে গৰ্ভস্থ সন্তানৰ DNA পৰীক্ষা; গৰ্ভৱতী পত্নীয়ে ল’লে চৰম সিদ্ধান্ত