--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সুখী আৰু সফল জীৱন প্ৰতিজন মানুহৰ ইচ্ছা, কিন্তু এই দুটা বস্তু পাবলৈ হ’লে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। জীৱনত প্ৰগতি লাভ কৰিবলৈ আচাৰ্য চাণক্যই তেওঁৰ নীতিত বহুতো গোপন কথা উল্লেখ কৰিছে। এই নীতিয়ে মানৱ সমাজক প্ৰতিটো দিশৰ ব্যৱহাৰিক শিক্ষা প্ৰদান কৰে আৰু সেই শিক্ষাতে লুকাই থাকে সফল জীৱনৰ গোপন ৰহস্য, জানো আহক এই নীতিকেইটা।

 * চাণক্য নীতিত জীৱনৰ সেই গুৰুত্বপূৰ্ণ কথাবোৰৰ বিষয়ে উল্লেখ কৰিছে যে যিবোৰ সফলতা লাভৰ দৌৰত মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হয়। আচাৰ্য চাণক্যৰ মতে এজন ব্যক্তিয়ে প্ৰতিটো খোজ আৰু প্ৰতিটো কাম কৰিবলৈ উপযুক্ত স্থান আৰু সঠিক সময়ৰ বাবে অপেক্ষা কৰিব লাগে।

* সময়ৰ মূল্য হৈছে সফলতাৰ প্ৰথম পদক্ষেপ। সঠিক সময়ত কৰা কৰ্ম সদায় ফলপ্ৰসূ হয়।মানুহে সদায় সেই ঠাইতে বসবাস কৰিব লাগে য’ত তেওঁৰ কৰ্মসংস্থাপনৰ পৰ্যাপ্ত সুবিধা থাকে।

 * এজন ব্যক্তিৰ সফলতাত বন্ধুৰ ভূমিকা গুৰুত্বপূৰ্ণ যদিও এজন ব্যক্তিৰ বাবে প্ৰকৃত বন্ধুক চিনাক্ত কৰাটো অতি প্ৰয়োজনীয়। এজন প্ৰকৃত বন্ধুৱে আপোনাক বিপদৰ পৰা উলিয়াই অনাত সহায় কৰাই নহয়, আপোনাৰ শুদ্ধক শুদ্ধ আৰু ভুলক ভুল বুলি কোৱাৰো ক্ষমতা ৰাখে।

 * প্ৰকৃত আৰু ভাল বন্ধুক কেতিয়াও আপোনাৰ পৰা আঁতৰাই ৰাখিব নালাগে, পৰিস্থিতি যিয়েই নহওক কিয়, তেওঁলোকে আপোনাৰ সফলতাৰ বেঁকা পথটো সহজ কৰি তোলাত সহায় কৰিব।

 * আচাৰ্য চাণক্যই কৈছে যে এজন ব্যক্তিয়ে কেতিয়াও নিজৰ আত্মসন্মানৰ সৈতে আপোচ কৰিব নালাগে। জীৱিকাৰ বাবে টকা অতি গুৰুত্বপূৰ্ণ, কিন্তু টকা উপাৰ্জন বাবে নিজৰ সামৰ্থ্যৰ লগত যিকোনো পৰিস্থিতিতে বিসৰ্জন কৰিব নালাগে। এজন ব্যক্তিয়ে উচ্চতা স্পৰ্শ কৰে কেৱল নিজৰ প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা। ইয়াৰ লগতে এজন ব্যক্তিয়ে নিজৰ শক্তি আৰু দুৰ্বল দুয়োটা দিশৰ প্ৰতি সচেতন হোৱাটো বাঞ্ছনীয়।

 * এজন ব্যক্তিয়ে সততাৰে ধন উপাৰ্জন কৰিব লাগে আৰু সঞ্চয়ৰ পৰা বিনিয়োগলৈকে কিছুমান কথাৰ মন কৰিব লাগে। টকা উপাৰ্জনৰ লগতে সঞ্চয় কৰাটোও অতি গুৰুত্বপূৰ্ণ। বেয়া সময়ৰ বাবে সঞ্চয় নকৰা মানুহক মূৰ্খ বুলি কোৱা হয়, এনে লোকে এটা সময়ত বিপদৰ সন্মুখীন হ’বলগীয়া হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
পুৱা খালী ভৰিৰে ঘাঁহত খোজ কাঢ়িলে আপুনি পাব শাৰীৰিক আৰু মানসিক লাভালাভ
ডিব্ৰুগড়ত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! শহুৰেকৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত বোৱাৰী
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান