--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰৰ পৰা নতুন দিল্লীত আৰম্ভ হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক। বিজেপিয়ে একেৰাহে দুটা কাৰ্যকালৰ বাবে সহজে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। এইবেলি  তৃতীয়বাৰৰ বাবে  নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ আদেশ গ্ৰহণ সাৰোগত কৰি পুনৰ চৰকাৰ গঠনৰ মন মেলিছে।  প্ৰধানমন্ত্ৰীয়ে এইবেলি সেয়ে লোকসভা নিৰ্বাচনত বিজেপিয়ে লাভ কৰা আসনৰ সংখ্যা বৃদ্ধি কৰিব বিচাৰিছে। তেওঁৰ নতুন লক্ষ্য হৈছে বিজেপিৰ বাবে ৩৭০ খন আসন। মন কৰিব যে ৫৪৩ খন  আসন থকা লোকসভাত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয়  সংখ্যা হৈছে ২৭২ । সেয়ে শাসকীয় দলে দুই-তৃতীয়াংশ আসন দখল কৰিব বিচাৰিছে। আজি বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকত মোদীৰ মুখতো সেয়ে সেই কথাই শুনা গ’ল।  দলটোৰ সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় পৰিষদৰ দুদিনীয়া বৈঠকত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ লক্ষ্যৰ কথা উল্লেখ কৰে। তেওঁ ৩৭০ নম্বৰৰ সৈতে জড়িত কৰি   শ্যামা প্ৰসাদ মুখাৰ্জীৰো  কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়  যে বিজেপিয়ে তেওঁক সন্মান জনোৱাৰ বাবেই এই সংখ্যাটো জিকিব লাগিব।


বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ তাৱদে পিছত সাংবাদিকসকলক বৈঠকৰ বিষয়ে অৱগত কৰে । বংগ  বিজেপিৰ মুৰব্বী সুকান্তই অসুস্থতাৰ বাবে বৈঠকলৈ  যাব নোৱাৰিলে। অৱশ্যে  দিলীপ ঘোষ আৰু শুভেন্দু অধিকাৰী উপস্থিত আছে। তেওঁলোকৰ সন্মুখত মোদীয়ে শ্যামা প্ৰসাদ মুখাৰ্জীৰ বিষয়ে কয়। শ্যামা প্ৰসাদ মুখাৰ্জীয়ে কাশ্মীৰৰ বিশেষ মৰ্যাদাৰ বিৰুদ্ধে মাত মাতিছিল।  ২০১৯ চনত  বিজেপি চৰকাৰে অৱশেষত কাশ্মীৰৰ পৰা  অনুচ্ছেদ ৩৭০  বাতিল কৰে আৰু কাশ্মীৰৰ বিশেষ মৰ্যাদা আঁতৰ কৰে। ৰাম মন্দিৰ নিৰ্মাণৰ  উপৰি বিজেপিৰ এটা মূল কাৰ্যসূচী আছিল অনুচ্ছেদ ৩৭০ৰ  বিলুপ্তি। মোদীয়ে সেয়ে এই সংখ্যাটোৰ ওপৰত গুৰুত্ব দিয়া পৰিলক্ষিত হয়।  যাতে পাঁচ বছৰৰ পাছতো এই সফলতাৰ বিষয়টো ৰাইজৰ মনত থাকে। তেওঁ শ্যামা প্ৰসাদৰ  প্ৰতি সন্মান জনাই  বংগ বিজেপিক পুনৰুজ্জীৱিত কৰাৰ বিষয়তো গুৰুত্ব আৰোপ কৰে।যোৱাবাৰ, বিজেপিয়ে অপ্ৰত্যাশিতভাৱে বংগত ১৮  খন আসন লাভ কৰিছিল। কিন্তু পৰৱৰ্তী যিকোনো নিৰ্বাচনতে তেওঁলোকে প্ৰদৰ্শনৰ সেই গ্ৰাফ বজাই ৰাখিব পৰা নাই। এইবাৰ, গেৰুৱা শিবিৰে বংগত  পুনৰ অধিক  আসনৰ ওচৰ চাপিবলৈ ব্যাকুল হৈ পৰিছে।
প্ৰধানমন্ত্ৰীয়ে দলৰ নেতাসকলক প্ৰতিটো বুথৰ পৰা কমেও ৩৭০ টা ভোট   দিয়াটো নিশ্চিত কৰিবলৈ কয়। মোদীয়ে প্ৰথমবাৰৰ বাবে ভোট দান কৰা সকলক যোৱা ১০ বছৰত হোৱা অগ্ৰগতিৰ কথা বিতংকৈ অবগত কৰিবলৈও কয়। 

মহিলা ভোটাৰসকলে যোৱা দুবাৰত বিজেপিক  আশীৰ্বাদ দিছে। মোদীয়ে এইবাৰো এই ধাৰাটো অব্যাহত ৰখাৰ বিষয়ত  নজৰ ৰাখিবলৈ কয়। তেওঁ কয়  যে বিজেপিৰ ১০ বছৰৰ শাসনত  দুৰ্নীতিৰ কোনো অভিযোগ উত্থাপিত হোৱা নাই আৰু উন্নয়নৰ গতি অব্যাহত আছে। তেওঁ অৱশ্যে নেতাসকলক সতৰ্ক কৰি দিয়ে যে বিৰোধীয়ে নিৰ্বাচনৰ সময়ত বিভিন্ন বিষয়ত লোকসকলক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব আৰু নেতিবাচক প্ৰচাৰ চলাব। ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকত নৰেন্দ্ৰ মোদীয়ে উন্নয়নমূলক কাৰ্যসূচীৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰাৰ বিষয়ত গুৰুত্ব দিয়ে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
তিতাবৰৰ এটা পৰিয়ালত অদৃশ্য শক্তিৰ উপদ্ৰৱ
মগজুৱে নিজাববীয়াকৈ বেয়া স্মৃতিবোৰ মচি পেলায় নেকি? গৱেষণাত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমলৈ আহিব মোহন ভাগৱত
অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ নতুন নিৰ্দেশনা
বহি:ৰাজ্যত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?
প্রধানমন্ত্রীক সাক্ষাতৰ সময়ত বাধ্যতামূলক আৰ টি-পি চি আৰ টেষ্ট