--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰ্যাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া অবিহনেই চলিছে হাৰিয়ানাৰ প্ৰশাসন৷বৰ্তমান হাৰিয়ানাই আই এ এছ বিষয়াৰ নাটনিৰ সৈতে যুঁজি আছে, কিয়নো ইয়াৰে মাত্ৰ ১৬৬জনেহে অনুমোদিত ২১৫ৰ জনৰ ঠাইত কাম কৰি আছে— যাৰ ফলত প্ৰয়োজনতকৈ প্ৰায় ২০ শতাংশ বিষয়াৰ ব্যৱধান আছে।সংবাদ মাধ্যম দ্য প্ৰিণ্টে জানিব পৰা মতে, ৰাজ্য চৰকাৰে কমেও ১০ জন নতুন বিষয়াক ডেপুট কৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে, কিয়নো চলিত বৰ্ষৰ শেষৰ ফালে আৰু ছয়জনে অৱসৰ ল’ব।

ৰাজ্য চৰকাৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াই দ্য প্ৰিণ্টক নিশ্চিত কৰিছে যে হাৰিয়ানাই এই বছৰ কেন্দ্ৰীয় চৰকাৰক ১০ জন নতুন আই এ এছ বিষয়াৰ বাবে অনুৰোধ জনাইছে, কিয়নো ইতিমধ্যে ৰাজ্যখনত বিষয়াৰ ঘাটিৰ সন্মুখীন হৈছে আৰু ছয়জন আই এ এছ বিষয়াৰ অৱসৰৰ লগে লগে এই ব্যৱধান বৃদ্ধি পাব।

আই এ এছ বিষয়াৰ অভাৱ অব্যাহত থকাৰ ফলত জ্যেষ্ঠ পৰ্যায়ৰ বহু বিষয়াই একাধিক দায়িত্ব পালন কৰিছে। উদাহৰণস্বৰূপে, সুধীৰ ৰাজপালে অতিৰিক্ত মুখ্য সচিব হিচাপে তিনিটা প্ৰধান বিভাগ — স্কুল শিক্ষা, কৃষি আৰু অসামৰিক বিমান পৰিবহণৰ দায়িত্ব গ্ৰহণ কৰি আছে।

চিকিৎসা শিক্ষা আৰু গৱেষণাৰ এচিএছ সুমিতা মিশ্ৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক বিভাগৰ এচিএছ, অংকুৰ গুপ্তা হৈছে পশুপালনৰ লগতে মীন পালনৰ দায়িত্বত থকা এচিএছ।

অনুৰাগ ৰাষ্টোগী হৈছে বিত্ত আৰু পৰিকল্পনাৰ লগতে স্থাপত্যৰ এচিএছ। এচিএছ আনন্দ মোহন শৰণৰ চোৱাচিতা কৰিবলগীয়া তিনিটা বিভাগ আছে — উদ্যোগ, তথ্য আৰু প্ৰযুক্তি আৰু উচ্চ শিক্ষা। হাৰিয়ানাৰ আৱাসিক আয়ুক্ত ডি সুৰেশ মানৱ সম্পদ বিভাগৰো প্ৰধান সচিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু