--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সদায়েই হেয়াৰ ষ্টাইলিঙৰ প্ৰতি আকৰ্ষিত  ৰবীন্দ্ৰ জাডেজা। বিভিন্ন সময়ত তেওঁ ছ’চিয়েল মিডিয়াত ভিন্ন চুলিৰ ষ্টাইলৰ সৈতে ছবি পোষ্ট কৰে। কিন্তু আগতে কেতিয়া তেওঁক খোপা বন্ধা চুলিৰে বলিং কৰা দেখা গৈছিল সেয়া কোনেও মনত পেলাব পৰা নাই। সাধাৰণতে দীঘল চুলি ৰখাটোৱে তেওঁৰ স্বভাৱ।

আজিৰে পৰা আৰম্ভ হোৱা ভাৰত বনাম অষ্ট্ৰেলিয়াৰ টেষ্টৰ প্ৰথমদিনা নতুন হেয়াৰ ষ্টাইলত দেখা পোৱা গ’ল অলৰাউণ্ডাৰগৰাকীক। এনেকুৱা হেয়াৰ ষ্টাইলত কেতিয়াও দেখা পোৱা হোৱা নাছিল তেওঁক। সেয়ে কৌতুহল দমন কৰিবলৈ দীনেশ কাৰ্তিকে মেচৰ অন্তত জাদেজাক উদ্দেশ্যি এটা প্ৰশ্ন নিক্ষেপ কৰে। কাৰ্তিকে সুধে যে তেওঁৰ ইমান দীঘল চুলি ৰাখিছে আৰু খোপা বান্ধিছে?

হাঁহি হাঁহি ভাৰতীয় অল-ৰাউণ্ডাৰগৰাকীয়ে উত্তৰ দিলে, ''আচলতে মই ক্ৰিকেটলৈ ঘূৰি আহিবলৈ ইমানেই আগ্ৰহী হৈ আছিলো যে চুলি কাটিবলৈ সময়েই নাপালোঁ। গোটেই সময়খিনি নাৰ্চিং আৰু ফিটনেছৰ ওপৰত গুৰুত্ব দি কটাব  লগা হৈছিল।’’

উল্লেখ্য যে কেইবামাহৰ পাছত খেলপথাৰত অৱতীৰ্ণ হৈছে অলৰাউণ্ডাৰগৰাকী। আঘাতৰ বাবে তেওঁ বিশ্ৰাম লৈ আছিল। প্ৰত্যাৱৰ্তন কৰিয়েই প্ৰথমদিনা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দূৰ্দান্ত বলিং কৰে জাডেজাই। দখল কৰে পাঁচটা উইকেট। নিজৰ প্ৰদৰ্শনক লৈও জাডেজাই মন্তব্য দিয়ে। কয়- “মই বৰ সুখী হৈছো। গোটেই সময়খিনি উপভোগ কৰিলোঁ। পাঁচ মাহৰ পাছত মই টেষ্ট খেলিছো।৷ মই নিজকে মানসিকভাৱে প্ৰস্তুত কৰিছিলো।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক