--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সদায়েই হেয়াৰ ষ্টাইলিঙৰ প্ৰতি আকৰ্ষিত  ৰবীন্দ্ৰ জাডেজা। বিভিন্ন সময়ত তেওঁ ছ’চিয়েল মিডিয়াত ভিন্ন চুলিৰ ষ্টাইলৰ সৈতে ছবি পোষ্ট কৰে। কিন্তু আগতে কেতিয়া তেওঁক খোপা বন্ধা চুলিৰে বলিং কৰা দেখা গৈছিল সেয়া কোনেও মনত পেলাব পৰা নাই। সাধাৰণতে দীঘল চুলি ৰখাটোৱে তেওঁৰ স্বভাৱ।

আজিৰে পৰা আৰম্ভ হোৱা ভাৰত বনাম অষ্ট্ৰেলিয়াৰ টেষ্টৰ প্ৰথমদিনা নতুন হেয়াৰ ষ্টাইলত দেখা পোৱা গ’ল অলৰাউণ্ডাৰগৰাকীক। এনেকুৱা হেয়াৰ ষ্টাইলত কেতিয়াও দেখা পোৱা হোৱা নাছিল তেওঁক। সেয়ে কৌতুহল দমন কৰিবলৈ দীনেশ কাৰ্তিকে মেচৰ অন্তত জাদেজাক উদ্দেশ্যি এটা প্ৰশ্ন নিক্ষেপ কৰে। কাৰ্তিকে সুধে যে তেওঁৰ ইমান দীঘল চুলি ৰাখিছে আৰু খোপা বান্ধিছে?

হাঁহি হাঁহি ভাৰতীয় অল-ৰাউণ্ডাৰগৰাকীয়ে উত্তৰ দিলে, ''আচলতে মই ক্ৰিকেটলৈ ঘূৰি আহিবলৈ ইমানেই আগ্ৰহী হৈ আছিলো যে চুলি কাটিবলৈ সময়েই নাপালোঁ। গোটেই সময়খিনি নাৰ্চিং আৰু ফিটনেছৰ ওপৰত গুৰুত্ব দি কটাব  লগা হৈছিল।’’

উল্লেখ্য যে কেইবামাহৰ পাছত খেলপথাৰত অৱতীৰ্ণ হৈছে অলৰাউণ্ডাৰগৰাকী। আঘাতৰ বাবে তেওঁ বিশ্ৰাম লৈ আছিল। প্ৰত্যাৱৰ্তন কৰিয়েই প্ৰথমদিনা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দূৰ্দান্ত বলিং কৰে জাডেজাই। দখল কৰে পাঁচটা উইকেট। নিজৰ প্ৰদৰ্শনক লৈও জাডেজাই মন্তব্য দিয়ে। কয়- “মই বৰ সুখী হৈছো। গোটেই সময়খিনি উপভোগ কৰিলোঁ। পাঁচ মাহৰ পাছত মই টেষ্ট খেলিছো।৷ মই নিজকে মানসিকভাৱে প্ৰস্তুত কৰিছিলো।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু