--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ভাৰত-অষ্ট্ৰেলিয়া টেষ্ট শৃংখলা। খেলপথাৰৰ ভিতৰত পেট কামিন্স, ষ্টিভ স্মিথৰ বিৰুদ্ধে যুঁজ দিছে ৰোহিত শৰ্মা, বিৰাট কোহলিহঁতে। কিন্তু তেওঁলোকৰ অজ্ঞাতে খেলপথাৰৰ বাহিৰতো অহৰহ এখন যুঁজ চলি আছে। সেই যুঁজখন চলি আছে ধাৰভাস্যকাৰসকলৰ মাজত।

কমেণ্টেৰী বক্সত দুয়োটা দলৰ প্ৰাক্তন ক্ৰিকেটাৰসকলেই ধাৰভাস্যকাৰীৰ ভূমিকা পালন কৰিছে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ টেষ্ট চিৰিজৰ অভিজ্ঞতাৰে পুষ্ট তেওঁলোকো। আজি পুৱাৰে পৰা দুয়োখন দেশৰ ধাৰভাস্যকাৰীসকলৰ মাজত খকা-খুন্দলী দেখা পোৱা গৈছে।

ভাৰতৰ ইনিংছৰ আৰম্ভণিতে ইয়াক লক্ষ্য কৰা গৈছিল। ধাৰভাষ্যতকাৰ তথা প্ৰাক্তন অষ্ট্ৰেলিয়ান তাৰকা মেথিউ হেডনে অষ্টে্ৰলিয়াৰ ফাষ্ট বলাৰ স্কট ব’লেণ্ডৰ প্ৰশংসা কৰি কয়, ''ব’লেণ্ডে প্ৰথম টেষ্টত ছটা উইকেট দখল কৰিছিল। বেটিঙৰ সহায়ক পিটচত তেওঁ সেই উইকেট দখল কৰিছিল।” কাষত থকা আন এজন ধাৰভাষ্যকাৰ সুনীল গাওস্কৰে বিষয়টো মানি ল’ব পৰা নাছিল। হেডেনক পোনে পোনে সুধিলে, "বেটিং পিটচ বুলিলে কি বুজাব বিচাৰিছে?  আন কিবা কথা কোৱা।’’

তাৰ আগতে দীনেশ কাৰ্তিক আৰু মাৰ্ক ৱ’ৰ মাজত বিবাদ হয়। কাৰ্তিকে কয়, ''মই অনুভৱ কৰোঁ যে এই টেষ্টত ভাৰতে মাত্ৰ এবাৰহে বেটিং কৰিব লাগিব।’’ দুয়োৰে কথা-বতৰা উত্তপ্ত হৈ উঠে। মাৰ্ক ৱ’ই কয়- ''এতিয়াও বহু খেল বাকী আছে। অষ্ট্ৰেলিয়াই ইমান সহজে হাৰ নামানিব।"

কেৱল এওঁলোকেই নহয়, মেথিঅ’  হেডেন আৰু ৰবি শাস্ত্ৰীৰ মাজতো অঁৰিয়া অঁৰি দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু