--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ভাৰত-অষ্ট্ৰেলিয়া টেষ্ট শৃংখলা। খেলপথাৰৰ ভিতৰত পেট কামিন্স, ষ্টিভ স্মিথৰ বিৰুদ্ধে যুঁজ দিছে ৰোহিত শৰ্মা, বিৰাট কোহলিহঁতে। কিন্তু তেওঁলোকৰ অজ্ঞাতে খেলপথাৰৰ বাহিৰতো অহৰহ এখন যুঁজ চলি আছে। সেই যুঁজখন চলি আছে ধাৰভাস্যকাৰসকলৰ মাজত।

কমেণ্টেৰী বক্সত দুয়োটা দলৰ প্ৰাক্তন ক্ৰিকেটাৰসকলেই ধাৰভাস্যকাৰীৰ ভূমিকা পালন কৰিছে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ টেষ্ট চিৰিজৰ অভিজ্ঞতাৰে পুষ্ট তেওঁলোকো। আজি পুৱাৰে পৰা দুয়োখন দেশৰ ধাৰভাস্যকাৰীসকলৰ মাজত খকা-খুন্দলী দেখা পোৱা গৈছে।

ভাৰতৰ ইনিংছৰ আৰম্ভণিতে ইয়াক লক্ষ্য কৰা গৈছিল। ধাৰভাষ্যতকাৰ তথা প্ৰাক্তন অষ্ট্ৰেলিয়ান তাৰকা মেথিউ হেডনে অষ্টে্ৰলিয়াৰ ফাষ্ট বলাৰ স্কট ব’লেণ্ডৰ প্ৰশংসা কৰি কয়, ''ব’লেণ্ডে প্ৰথম টেষ্টত ছটা উইকেট দখল কৰিছিল। বেটিঙৰ সহায়ক পিটচত তেওঁ সেই উইকেট দখল কৰিছিল।” কাষত থকা আন এজন ধাৰভাষ্যকাৰ সুনীল গাওস্কৰে বিষয়টো মানি ল’ব পৰা নাছিল। হেডেনক পোনে পোনে সুধিলে, "বেটিং পিটচ বুলিলে কি বুজাব বিচাৰিছে?  আন কিবা কথা কোৱা।’’

তাৰ আগতে দীনেশ কাৰ্তিক আৰু মাৰ্ক ৱ’ৰ মাজত বিবাদ হয়। কাৰ্তিকে কয়, ''মই অনুভৱ কৰোঁ যে এই টেষ্টত ভাৰতে মাত্ৰ এবাৰহে বেটিং কৰিব লাগিব।’’ দুয়োৰে কথা-বতৰা উত্তপ্ত হৈ উঠে। মাৰ্ক ৱ’ই কয়- ''এতিয়াও বহু খেল বাকী আছে। অষ্ট্ৰেলিয়াই ইমান সহজে হাৰ নামানিব।"

কেৱল এওঁলোকেই নহয়, মেথিঅ’  হেডেন আৰু ৰবি শাস্ত্ৰীৰ মাজতো অঁৰিয়া অঁৰি দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক