--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ ভিতৰতে সৰ্বাধিক কথিত ভাষা হিন্দী স্বাধীনতাৰ ৭৫ বছৰৰ পাছত ,মধ্যপ্ৰদেশত এমবিবিএছ অধ্যয়নৰ বিকল্প মাধ্যম হ’বলৈ গৈ আছে।ৰাজ্যিক চিকিৎসা শিক্ষা বিভাগৰ এজন বিষয়াই দেওবাৰে পিটিআই এই তথ্য প্ৰদান কৰে। বিষয়াগৰাকীয়ে কয় যে নতুন শৈক্ষিক অধিবেশনত দেশৰ প্ৰধান হিন্দীভাষী প্ৰদেশসমূহৰ ব্যক্তিগত আৰু চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ এমবিবিএছ প্ৰথম বৰ্ষৰ মুঠ ৪ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজীৰ লগতে হিন্দী কিতাপতো পঢ়াৰ বিকল্প লাভ কৰিব পাৰিব।

একে সময়তে আনুষংগিক সমিতিৰ সদস্য তথা শৰীৰ বিজ্ঞানৰ প্ৰাক্তন সহ-অধ্যাপক ডাঃ মনোহৰ ভাণ্ডাৰীয়ে কয় যে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত এম বি বি এছ পাঠ্যক্ৰমত নামভৰ্তি লোৱা ৬০ৰ পৰা ৭০ শতাংশ ছাত্ৰ-ছাত্ৰী হিন্দী মাধ্যমৰ। আৰু ইংৰাজী কিতাপৰ বাবে তেওঁলোকে আটাইতকৈ বেছি সমস্যাৰ সন্মুখীন হয়। এই সন্দৰ্ভত চিকিৎসা শিক্ষা বিভাগৰ এগৰাকী বিষয়াই কয় যে ৰাজ্য চৰকাৰে ইতিমধ্যে চলি থকা তিনিগৰাকী প্ৰতিষ্ঠিত ইংৰাজী লেখকৰ গ্ৰন্থসমূহ এমবিবিএছৰ প্ৰথম বৰ্ষৰ বাবে হিন্দীলৈ অভিযোজিত কৰাৰ কাম সম্পূৰ্ণ কৰাৰ দিশত আগবাঢ়িছে আৰু এই গ্ৰন্থসমূহ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপলব্ধ হ’ব

ব্যক্তিগত প্ৰকাশকৰ পৰা অহা এই গ্ৰন্থসমূহ এনাটমী, ফিজিঅ’লজি আৰু বায়’কেমিষ্ট্ৰী বিষয়ৰ সৈতে জড়িত বুলি বিষয়াগৰাকীয়ে কয়। যিবোৰ বৃহৎ পৰিসৰত ছপা কৰি ছাত্ৰ-ছাত্ৰীলৈ যোগান ধৰাৰ পূৰ্বে ৫৫ জন বিশেষজ্ঞ শিক্ষকৰ সহায়ত বিভিন্ন স্তৰত পৰীক্ষা কৰি থকা হৈছে। বিশেষকৈ এমবিবিএছ পাঠ্যক্ৰমৰ শ্ৰেণীসমূহত হিন্দী ভাষাৰ ব্যৱহাৰক প্ৰসাৰিত কৰাৰ বাবে শিক্ষকসকলৰ ওচৰত আহ্বান জনোৱা হৈছে যদিও ইংৰাজী মাধ্যমত ৰাজ্যত চিকিৎসা শিক্ষা আগৰ দৰেই অব্যাহত থাকিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

বিষয়াগৰাকীয়ে কয় যে মধ্যপ্ৰদেশ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ে ইতিমধ্যে পৰীক্ষাৰ্থীসকলক লিখিত পৰীক্ষা, ব্যৱহাৰিক পৰীক্ষা আৰু ‘হিংলিছ’ (হিন্দী আৰু ইংৰাজীৰ সংমিশ্ৰণ)ত মৌখিক পৰীক্ষা (ভিভা) দিয়াৰ বিকল্প প্ৰদান কৰিছে যাৰ ফলত উৎসাহজনক ফলাফল পোৱা গৈছে।এজন বিশেষজ্ঞ চিকিৎসা শিক্ষাৰ বাবে হিন্দী কিতাপ প্ৰস্তুত কৰাৰ বাবে চৰকাৰী কাৰ্যসূচীৰ সৈতে জড়িত লোকে কয় যে এই কিতাপসমূহ ইংৰাজীৰ পৰা হিন্দীলৈ ৰূপান্তৰিত কৰাৰ সময়ত আমি বিশেষ যত্ন লৈছে, যাতে শৈক্ষিক আৰু পেছাদাৰী জগতত মূলতঃ কেৱল ইংৰাজীত ব্যৱহৃত কাৰিকৰী পৰিভাষাৰ অপ্ৰয়োজনীয় হিন্দী অনুবাদ এৰাই চলিব লাগে ,যাতে ছাত্ৰ-ছাত্ৰীসকলে গুৰুত্বপূৰ্ণ শব্দক লৈ কোনো ধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি 
নহয়।

উল্লেখযোগ্য যে ২৬ জানুৱাৰীত ইন্দোৰত অনুষ্ঠিত গণৰাজ্য দিৱস উদযাপনত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ঘোষণা কৰিছিল যে ৰাজ্যখনত মেডিকেলৰ শিক্ষাও হিন্দীত কৰা হ’ব যাতে ইংৰাজী নজনা প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীয়েও চিকিৎসক হৈ   আগবাঢ়ি যাব পাৰে। ইয়াৰ পাছত ৰাজ্যিক চিকিৎসা শিক্ষা মন্ত্ৰী বিশ্ব সাৰঙৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকৰ সিদ্ধান্ত অনুসৰি ৭ ফেব্ৰুৱাৰীত এখন উচ্চস্তৰীয় সমিতি গঠন কৰা হয়।

কমিটিৰ সদস্য তথা শৰীৰবিজ্ঞানৰ প্ৰাক্তন সহযোগী অধ্যাপক ভাণ্ডাৰীয়ে কয় যে ৰাজ্যৰ মেডিকেল কলেজসমূহত এমবিবিএছ পাঠ্যক্ৰমত নামভৰ্তি লোৱা ৬০ৰ পৰা ৭০ শতাংশ ছাত্ৰ-ছাত্ৰী হিন্দী মাধ্যমৰ আৰু ডাঠ ইংৰাজী কিতাপৰ বাবেই প্ৰথম বৰ্ষতে নিজেই সৰ্বাধিক সমস্যাৰ সন্মুখীন হয়। ১৯৯২ চনত হিন্দীত ডিচাৰ্টেচন থেছিছ  লিখি এম ডি (ফিজিঅ’লজি) ডিগ্ৰী লাভ কৰা ভাণ্ডাৰীয়ে কয় যে নতুন মাতৃভাষাৰ কিতাপৰ সহায়ত হিন্দী ছাত্ৰ-ছাত্ৰীসকলে চিকিৎসক হোৱাৰ সপোন পূৰণ কৰাত সহজ হৈ পৰিব ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ