--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ক্রীড়া মন্ত্র্যালয়ে কয় যে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কোনো ধৰণৰ দ্বিপাক্ষিক ক্রীড়া প্রতিযোগিতা নেখেলে, কিন্তু অহা মাহত কেইবাটাও দলে অংশ গ্রহণ কৰিবলগীয়া এছিয়া কাপত ভাৰতীয় দলক পাকিস্তানৰ বিৰুদ্ধে খেলাত বাধা দিয়া নহয়।

ডিজিটেল ডেস্ক : এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে খেলাটো বৃহস্পতিবাৰে নিশ্চিত হ'ল। উল্লেখযোগ্য যে পহলগামৰ সন্ত্রাসবাদীৰ আক্ৰমণৰ পাছত পাকিস্তানৰ সৈতে সকলো সম্পর্ক ছেদ হোৱাৰ পাছত বিভিন্ন পক্ষই এছিয়া কাপত ভাৰতৰ পাকিস্তানৰ বিৰুদ্ধে মেচ বৰ্জন কৰিবলৈ দাবী জনাই আহিছে।


ইয়াৰ মাজতে বৃহস্পতিবাৰে ক্রীড়া মন্ত্রালয়ে এই কথা স্পষ্ট কৰি দিয়ে যে এছিয়া কাপত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে খেলিব।


ক্রীড়া মন্ত্র্যালয়ে কয় যে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কোনো ধৰণৰ দ্বিপাক্ষিক ক্রীড়া প্রতিযোগিতা নেখেলে, কিন্তু অহা মাহত কেইবাটাও দলে অংশ গ্রহণ কৰিবলগীয়া এছিয়া কাপত ভাৰতীয় দলক পাকিস্তানৰ বিৰুদ্ধে খেলাত বাধা দিয়া নহয়। মন্ত্র্যালয়ে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাসমূহৰ সম্পর্কত এক নতুন নীতি বৃহস্পতিবাৰে প্রকাশ কৰে।


পাকিস্তানৰ প্ৰতি বিশেষভাৱে গুৰুত্ব দি এই নীতি প্রস্তুত কৰা হৈছে। সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি এই নীতি তৎক্ষণাৎ কার্যকৰী কৰা হৈছে। মন্ত্র্যালয়ে এই নীতিৰ প্ৰসংগত কয়, 'পাকিস্তানৰ সৈতে জড়িত ক্রীড়া প্রতিযোগিতাৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীয়ে দেশখনৰ সৈতে মোকাবিলা কৰাৰ সামগ্রিক নীতিক প্রতিফলিত কৰিছে।'


পৰস্পৰৰ মাজত দ্বিপাক্ষিক ক্রীড়া প্রতিযোগিতাৰ সম্পৰ্কত ইয়াত কোৱা হৈছে যে ভাৰতীয় দলে পাকিস্তানত আয়োজন কৰা প্ৰতিযোগিতাসমূহত অংশ গ্রহণ নকৰে আৰু ভাৰতেও পাকিস্তানৰ দলক ভাৰতত খেলাৰ অনুমতি নিদিয়ে। অৱশ্যে কেইবাখনো দেশে অংশ গ্রহণ কৰা প্ৰতিযোগিতাৰ ক্ষেত্ৰত ই কোনো প্রভাৱ নেপেলায়। ক্রীড়া মন্ত্ৰ্যালয়ৰ সূত্ৰই কয়, 'আমি ভাৰতীয় ক্রিকেট দলক এছিয়া কাপত খেলাত বাধা নিদিওঁ কিয়নো ই এখন বহুপক্ষীয় প্রতিযোগিতা। সূত্ৰটোৱে লগতে কয়, 'আমি ভাৰতীয় দলক কেইবাখনো দেশে অংশ গ্রহণ কৰা প্ৰতিযোগিতাত খেলাত বাধা নিদিওঁ কিয়নো আমি অলিম্পিক চনদ মানি চলিম।'



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ