--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ক্রীড়া মন্ত্র্যালয়ে কয় যে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কোনো ধৰণৰ দ্বিপাক্ষিক ক্রীড়া প্রতিযোগিতা নেখেলে, কিন্তু অহা মাহত কেইবাটাও দলে অংশ গ্রহণ কৰিবলগীয়া এছিয়া কাপত ভাৰতীয় দলক পাকিস্তানৰ বিৰুদ্ধে খেলাত বাধা দিয়া নহয়।

ডিজিটেল ডেস্ক : এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে খেলাটো বৃহস্পতিবাৰে নিশ্চিত হ'ল। উল্লেখযোগ্য যে পহলগামৰ সন্ত্রাসবাদীৰ আক্ৰমণৰ পাছত পাকিস্তানৰ সৈতে সকলো সম্পর্ক ছেদ হোৱাৰ পাছত বিভিন্ন পক্ষই এছিয়া কাপত ভাৰতৰ পাকিস্তানৰ বিৰুদ্ধে মেচ বৰ্জন কৰিবলৈ দাবী জনাই আহিছে।


ইয়াৰ মাজতে বৃহস্পতিবাৰে ক্রীড়া মন্ত্রালয়ে এই কথা স্পষ্ট কৰি দিয়ে যে এছিয়া কাপত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে খেলিব।


ক্রীড়া মন্ত্র্যালয়ে কয় যে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কোনো ধৰণৰ দ্বিপাক্ষিক ক্রীড়া প্রতিযোগিতা নেখেলে, কিন্তু অহা মাহত কেইবাটাও দলে অংশ গ্রহণ কৰিবলগীয়া এছিয়া কাপত ভাৰতীয় দলক পাকিস্তানৰ বিৰুদ্ধে খেলাত বাধা দিয়া নহয়। মন্ত্র্যালয়ে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাসমূহৰ সম্পর্কত এক নতুন নীতি বৃহস্পতিবাৰে প্রকাশ কৰে।


পাকিস্তানৰ প্ৰতি বিশেষভাৱে গুৰুত্ব দি এই নীতি প্রস্তুত কৰা হৈছে। সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি এই নীতি তৎক্ষণাৎ কার্যকৰী কৰা হৈছে। মন্ত্র্যালয়ে এই নীতিৰ প্ৰসংগত কয়, 'পাকিস্তানৰ সৈতে জড়িত ক্রীড়া প্রতিযোগিতাৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীয়ে দেশখনৰ সৈতে মোকাবিলা কৰাৰ সামগ্রিক নীতিক প্রতিফলিত কৰিছে।'


পৰস্পৰৰ মাজত দ্বিপাক্ষিক ক্রীড়া প্রতিযোগিতাৰ সম্পৰ্কত ইয়াত কোৱা হৈছে যে ভাৰতীয় দলে পাকিস্তানত আয়োজন কৰা প্ৰতিযোগিতাসমূহত অংশ গ্রহণ নকৰে আৰু ভাৰতেও পাকিস্তানৰ দলক ভাৰতত খেলাৰ অনুমতি নিদিয়ে। অৱশ্যে কেইবাখনো দেশে অংশ গ্রহণ কৰা প্ৰতিযোগিতাৰ ক্ষেত্ৰত ই কোনো প্রভাৱ নেপেলায়। ক্রীড়া মন্ত্ৰ্যালয়ৰ সূত্ৰই কয়, 'আমি ভাৰতীয় ক্রিকেট দলক এছিয়া কাপত খেলাত বাধা নিদিওঁ কিয়নো ই এখন বহুপক্ষীয় প্রতিযোগিতা। সূত্ৰটোৱে লগতে কয়, 'আমি ভাৰতীয় দলক কেইবাখনো দেশে অংশ গ্রহণ কৰা প্ৰতিযোগিতাত খেলাত বাধা নিদিওঁ কিয়নো আমি অলিম্পিক চনদ মানি চলিম।'



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু