--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টোলগেট যেন এতিয়া সকলো লোকৰ বাবেই এক মোৰৰ কামোৰণি সদৃশ হৈ পৰিছে। বৰ্ধিত টোলকৰ জনসাধাৰণে বহন কৰিব লগা হোৱাত জনসাধাৰণ এতিয়া অতিষ্ঠ হৈ পৰিছে। চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা বাঢ়িছিল টোলগেটৰ মাছুল । বৰ্ধিত হাৰত টোল কৰ দিব লগা হৈছিল জনসাধাৰণে। ১০০ টকাত ১৫ টকাকৈ বাঢ়িছে টোল গেটৰ মাছুল। দেশজুৰি ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়া হৈছে। 

শেহতীয়াকৈ এক ডাঙৰ খবৰ আহি পৰিছে, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিধি উলংঘা কৰি অসমত স্থাপন কৰা চাৰিখন টোলগেট বন্ধ হোৱাৰ পথত। উল্লেখযোগ্য যে, সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিধি উলংঘা কৰি নিৰ্মাণ কৰা দেশৰ ১৮৯ খন টোলগেট চিনাক্ত কৰা হৈছে। সেই টোলগেটসমূহৰ ভিতৰত চাৰিখন আছে অসমৰ টোলগেট। তথ্যৰ অধিকাৰ আইনৰ জৰিয়তে এই তথ্য উদঘাটন কৰিছে গ্লবেল পেনডেমিক ৰেচপনছ ফৰাম নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে। সংগঠনটোৰ সঞ্চালক ৰাকেশ হাজৰিকাই কয় যে, প্ৰতিখন টোলগেটৰ মাজৰ ব্যৱধান ৬০ কিলোমিটাৰ থাকিব লাগে, কিন্তু এই নিয়ম উলংঘা কৰা দেশৰ ১৮৯ খন চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত অসমৰ চাৰিখন টোলগেট আছে। 

খবৰ অনুসৰি অসমৰ মদনপুৰ আৰু নাজিৰাখাটত স্থাপন হোৱা দুখন টোলগেটৰ মাজৰ ব্যৱধান হল ৫৯ কিলোমিটাৰ। তদুপৰি দাহালপাৰা আৰু পাটগাঁৱত স্থাপন হোৱা টোলগেট দুখনৰ মাজৰ ব্যৱধান হল ৫৪ কিলোমিটাৰ। মিকিৰআটি আৰু ৰহাত স্থাপন হোৱা টোলগেট দুখনৰ মাজৰ ব্যৱদান হল ৫৩ কিলোমিটাৰ আৰু গলিয়া আৰু দাহালপাৰাৰ মাজত স্থাপন হোৱা টোলগেট দুখনৰ ব্যধান হল ৪৬ কিলোমিটাৰ। গতিকে এনে পৰিস্থিতিতিত আটাইকেইখন টোলগেট নিয়ম বহিঃভূতভাৱে আছে আৰু ইয়াক হয়তো ভাঙি পোলোৱা হব। এতিয়া প্ৰশ্ন উত্থাপন হয়, ইমানদিনে এই টোলগেট কেইখনে জনসাধাৰণৰ পৰা আদায় কৰি অহা টকা ঘূৰাই দিব নে সেই টকা তেওঁলোকে নিয়ম বৰ্হিভূতভাৱে সংগ্ৰহ কৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ