--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টোলগেট যেন এতিয়া সকলো লোকৰ বাবেই এক মোৰৰ কামোৰণি সদৃশ হৈ পৰিছে। বৰ্ধিত টোলকৰ জনসাধাৰণে বহন কৰিব লগা হোৱাত জনসাধাৰণ এতিয়া অতিষ্ঠ হৈ পৰিছে। চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা বাঢ়িছিল টোলগেটৰ মাছুল । বৰ্ধিত হাৰত টোল কৰ দিব লগা হৈছিল জনসাধাৰণে। ১০০ টকাত ১৫ টকাকৈ বাঢ়িছে টোল গেটৰ মাছুল। দেশজুৰি ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়া হৈছে। 

শেহতীয়াকৈ এক ডাঙৰ খবৰ আহি পৰিছে, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিধি উলংঘা কৰি অসমত স্থাপন কৰা চাৰিখন টোলগেট বন্ধ হোৱাৰ পথত। উল্লেখযোগ্য যে, সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিধি উলংঘা কৰি নিৰ্মাণ কৰা দেশৰ ১৮৯ খন টোলগেট চিনাক্ত কৰা হৈছে। সেই টোলগেটসমূহৰ ভিতৰত চাৰিখন আছে অসমৰ টোলগেট। তথ্যৰ অধিকাৰ আইনৰ জৰিয়তে এই তথ্য উদঘাটন কৰিছে গ্লবেল পেনডেমিক ৰেচপনছ ফৰাম নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে। সংগঠনটোৰ সঞ্চালক ৰাকেশ হাজৰিকাই কয় যে, প্ৰতিখন টোলগেটৰ মাজৰ ব্যৱধান ৬০ কিলোমিটাৰ থাকিব লাগে, কিন্তু এই নিয়ম উলংঘা কৰা দেশৰ ১৮৯ খন চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত অসমৰ চাৰিখন টোলগেট আছে। 

খবৰ অনুসৰি অসমৰ মদনপুৰ আৰু নাজিৰাখাটত স্থাপন হোৱা দুখন টোলগেটৰ মাজৰ ব্যৱধান হল ৫৯ কিলোমিটাৰ। তদুপৰি দাহালপাৰা আৰু পাটগাঁৱত স্থাপন হোৱা টোলগেট দুখনৰ মাজৰ ব্যৱধান হল ৫৪ কিলোমিটাৰ। মিকিৰআটি আৰু ৰহাত স্থাপন হোৱা টোলগেট দুখনৰ মাজৰ ব্যৱদান হল ৫৩ কিলোমিটাৰ আৰু গলিয়া আৰু দাহালপাৰাৰ মাজত স্থাপন হোৱা টোলগেট দুখনৰ ব্যধান হল ৪৬ কিলোমিটাৰ। গতিকে এনে পৰিস্থিতিতিত আটাইকেইখন টোলগেট নিয়ম বহিঃভূতভাৱে আছে আৰু ইয়াক হয়তো ভাঙি পোলোৱা হব। এতিয়া প্ৰশ্ন উত্থাপন হয়, ইমানদিনে এই টোলগেট কেইখনে জনসাধাৰণৰ পৰা আদায় কৰি অহা টকা ঘূৰাই দিব নে সেই টকা তেওঁলোকে নিয়ম বৰ্হিভূতভাৱে সংগ্ৰহ কৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা