--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৰাষ্ট্ৰীয় স্কুল ভলীবলত অসম দলক প্ৰতিনিধিত্ব কৰা বিবেক বসুমতাৰী আৰু ৰাষ্ট্ৰীয় জুনিয়ৰ মহিলা হকীত অসম দলক প্ৰতিনিধিত্ব কৰা পূৰ্ণিমা কৰ্মকাৰক আনুষ্ঠানিকভাৱে এই প্ৰদান কৰা হয়।

ডিজিটেল ডেস্কঃ প্ৰবীন ক্ৰিকেট আৰু ফুটবল খেলুৱৈ তথা প্ৰাক্তন ৰঞ্জি ট্ৰফী খেলুৱৈ বিশিষ্ট চিকিৎসক প্ৰয়াত ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ ৰ বাবে ৰাষ্ট্ৰীয় স্কুল ভলীবলত অসম দলক প্ৰতিনিধিত্ব কৰা বিবেক বসুমতাৰী আৰু ৰাষ্ট্ৰীয় জুনিয়ৰ মহিলা হকীত অসম দলক প্ৰতিনিধিত্ব কৰা পূৰ্ণিমা কৰ্মকাৰক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।


তেজপুৰ ক্ৰীড়া সন্থাৰ উদ্যোগত ডাঃ আনন্দ চন্দ্ৰ ন্যাসৰ সহযোগত তেজপুৰৰ "বিজয় চন্দ্ৰ ভাগৱতী আৰু বিমল ভাগৱতী ভৱন"ত অনুষ্ঠিত বটাঁ প্ৰদান অনুষ্ঠানত প্ৰবীন ক্ৰীড়াবিদ ডাঃ বিশ্বৰঞ্জন কলিতাই বিশিষ্ট অতিথি হিচাবে অংশ গ্ৰহন কৰি খেলুৱৈ হিচাপে ডাঃ আনন্দ চন্দ্ৰ শৰ্মাৰ সান্নিধ্যৰ কথা সোঁৱৰণ কৰে।


অনুষ্ঠানত ক্ৰীড়াবিদ ও ক্ৰীড়া সংগঠক প্ৰদীপ ভট্টাচাৰ্য্য আৰু পঙ্কজ বৰাই বিশিষ্ট অতিথি হিচাবে অংশ গ্ৰহন কৰি বক্তব্য আগবঢ়ায়। ডাঃআনন্দ চন্দ্ৰ শৰ্মা ন্যাসৰ ন্যাসৰক্ষী মিনু দেৱীয়েও অংশ গ্ৰহণ কৰা আৰু তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্য্যকৰী সভাপতি মৃদুল শৰ্মাই উদেশ্যে বাখ্যা কৰা অনুষ্ঠানত তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক জিতেন বৰাই ২০২২বৰ্ষৰ পৰা ৰাজ্যিক অথবা ৰাষ্ট্ৰীয় পৰ্য্যায়ত তেজপুৰৰ পৰা অসম দলত অংশ গ্ৰহণ কৰি তেজপুৰলৈ গৌৰৱ কঢ়িয়াই অনা আৰ্থিকভাৱে অনগ্ৰসৰ খেলুৱৈক উৎসাহিত কৰাৰ বাবে এই বটাঁ প্ৰদান কৰা বুলি কয়।


ভাষণ প্ৰসংগত সম্পাদক গৰাকীয়ে বিগত তিনি বছৰত ক্ৰমে ২০২২বৰ্ষৰ বাবে মুষ্টিযোদ্ধা চিত্ৰৰাজ লিম্বু আৰু দৌৰবিদ ৰিমজিম শইকীয়া,২০২৩বৰ্ষৰ বাবে হকি খেলুৱৈ পাৰ্কিল আহমেদ আৰু দৌৰবিদ অভিষেক মাহালী ;২০২৪বৰ্ষৰ বাবে এই বটাঁ মুষ্টিযোদ্ধা ইকবাল হুছেইন আৰু ভলীবল খেলুৱৈ ৰিতিন বড়োৱে লাভ কৰাৰ কথা সদৰি কৰে । সম্পাদক গৰাকীয়ে প্ৰতি বছৰ দুগৰাকী খেলুৱৈক ক্ৰীড়া উদগনি মূলক বটাঁৰ বাবদ প্ৰতিগৰাকীক ২৫হাজাৰকৈ টকা প্ৰদান কৰাৰ কথা ব্যক্ত কৰে।


আনহাতে চলিত বছৰৰ বাবে ৰাষ্ট্ৰীয় স্কুল ভলীবলত অসম দলক প্ৰতিনিধিত্ব কৰা তেজপুৰ বিশ্ববিদ্যালয় চৌহদত থকা কেন্দ্ৰীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ বিবেক বসুমতাৰী আৰু ৰাষ্ট্ৰীয় জুনিয়ৰ মহিলা হকীত অসম দলক প্ৰতিনিধিত্ব কৰা পূৰ্ণিমা কৰ্মকাৰক আনুষ্ঠানিকভাৱে প্ৰদান কৰে ক্ৰীড়াবিদ ডাঃ বিশ্বৰঞ্জন কলিতা,মিনু দেৱী আৰু প্ৰদীপ বৰঠাকুৰে। আনহাতে পূৰ্ণিমা কৰ্মকাৰক প্ৰেমা শৰ্মা,পঙ্কজ বৰা আৰু প্ৰদীপ ভট্টাচাৰ্য্যই। বটাঁৰ বাবদ ২৫হাজাৰ টকাৰ একোখনকৈ চেক আৰু মানপত্ৰ প্ৰদান কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ