--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৰাষ্ট্ৰীয় স্কুল ভলীবলত অসম দলক প্ৰতিনিধিত্ব কৰা বিবেক বসুমতাৰী আৰু ৰাষ্ট্ৰীয় জুনিয়ৰ মহিলা হকীত অসম দলক প্ৰতিনিধিত্ব কৰা পূৰ্ণিমা কৰ্মকাৰক আনুষ্ঠানিকভাৱে এই প্ৰদান কৰা হয়।

ডিজিটেল ডেস্কঃ প্ৰবীন ক্ৰিকেট আৰু ফুটবল খেলুৱৈ তথা প্ৰাক্তন ৰঞ্জি ট্ৰফী খেলুৱৈ বিশিষ্ট চিকিৎসক প্ৰয়াত ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ ৰ বাবে ৰাষ্ট্ৰীয় স্কুল ভলীবলত অসম দলক প্ৰতিনিধিত্ব কৰা বিবেক বসুমতাৰী আৰু ৰাষ্ট্ৰীয় জুনিয়ৰ মহিলা হকীত অসম দলক প্ৰতিনিধিত্ব কৰা পূৰ্ণিমা কৰ্মকাৰক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।


তেজপুৰ ক্ৰীড়া সন্থাৰ উদ্যোগত ডাঃ আনন্দ চন্দ্ৰ ন্যাসৰ সহযোগত তেজপুৰৰ "বিজয় চন্দ্ৰ ভাগৱতী আৰু বিমল ভাগৱতী ভৱন"ত অনুষ্ঠিত বটাঁ প্ৰদান অনুষ্ঠানত প্ৰবীন ক্ৰীড়াবিদ ডাঃ বিশ্বৰঞ্জন কলিতাই বিশিষ্ট অতিথি হিচাবে অংশ গ্ৰহন কৰি খেলুৱৈ হিচাপে ডাঃ আনন্দ চন্দ্ৰ শৰ্মাৰ সান্নিধ্যৰ কথা সোঁৱৰণ কৰে।


অনুষ্ঠানত ক্ৰীড়াবিদ ও ক্ৰীড়া সংগঠক প্ৰদীপ ভট্টাচাৰ্য্য আৰু পঙ্কজ বৰাই বিশিষ্ট অতিথি হিচাবে অংশ গ্ৰহন কৰি বক্তব্য আগবঢ়ায়। ডাঃআনন্দ চন্দ্ৰ শৰ্মা ন্যাসৰ ন্যাসৰক্ষী মিনু দেৱীয়েও অংশ গ্ৰহণ কৰা আৰু তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্য্যকৰী সভাপতি মৃদুল শৰ্মাই উদেশ্যে বাখ্যা কৰা অনুষ্ঠানত তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক জিতেন বৰাই ২০২২বৰ্ষৰ পৰা ৰাজ্যিক অথবা ৰাষ্ট্ৰীয় পৰ্য্যায়ত তেজপুৰৰ পৰা অসম দলত অংশ গ্ৰহণ কৰি তেজপুৰলৈ গৌৰৱ কঢ়িয়াই অনা আৰ্থিকভাৱে অনগ্ৰসৰ খেলুৱৈক উৎসাহিত কৰাৰ বাবে এই বটাঁ প্ৰদান কৰা বুলি কয়।


ভাষণ প্ৰসংগত সম্পাদক গৰাকীয়ে বিগত তিনি বছৰত ক্ৰমে ২০২২বৰ্ষৰ বাবে মুষ্টিযোদ্ধা চিত্ৰৰাজ লিম্বু আৰু দৌৰবিদ ৰিমজিম শইকীয়া,২০২৩বৰ্ষৰ বাবে হকি খেলুৱৈ পাৰ্কিল আহমেদ আৰু দৌৰবিদ অভিষেক মাহালী ;২০২৪বৰ্ষৰ বাবে এই বটাঁ মুষ্টিযোদ্ধা ইকবাল হুছেইন আৰু ভলীবল খেলুৱৈ ৰিতিন বড়োৱে লাভ কৰাৰ কথা সদৰি কৰে । সম্পাদক গৰাকীয়ে প্ৰতি বছৰ দুগৰাকী খেলুৱৈক ক্ৰীড়া উদগনি মূলক বটাঁৰ বাবদ প্ৰতিগৰাকীক ২৫হাজাৰকৈ টকা প্ৰদান কৰাৰ কথা ব্যক্ত কৰে।


আনহাতে চলিত বছৰৰ বাবে ৰাষ্ট্ৰীয় স্কুল ভলীবলত অসম দলক প্ৰতিনিধিত্ব কৰা তেজপুৰ বিশ্ববিদ্যালয় চৌহদত থকা কেন্দ্ৰীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ বিবেক বসুমতাৰী আৰু ৰাষ্ট্ৰীয় জুনিয়ৰ মহিলা হকীত অসম দলক প্ৰতিনিধিত্ব কৰা পূৰ্ণিমা কৰ্মকাৰক আনুষ্ঠানিকভাৱে প্ৰদান কৰে ক্ৰীড়াবিদ ডাঃ বিশ্বৰঞ্জন কলিতা,মিনু দেৱী আৰু প্ৰদীপ বৰঠাকুৰে। আনহাতে পূৰ্ণিমা কৰ্মকাৰক প্ৰেমা শৰ্মা,পঙ্কজ বৰা আৰু প্ৰদীপ ভট্টাচাৰ্য্যই। বটাঁৰ বাবদ ২৫হাজাৰ টকাৰ একোখনকৈ চেক আৰু মানপত্ৰ প্ৰদান কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু